• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 2:46 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেটজিপিটিৰ বৃহৎ জনপ্ৰিয়তাৰ বাবে গুগল আটাইতকৈ বেছি প্ৰভাৱিত হ’ব বুলি ধাৰণা কৰা হৈছিল। কিয়নো গুগলৰ চাৰ্চ ইঞ্জিনে য’ত য়ুজাৰক বিভিন্ন প্ৰকাৰৰ উৎস উলিয়াই দিয়েই ৰৈ যায়, চেটজিপিটিয়ে তাত লিটাৰেচাৰ ৰিভিউ কৰি দিয়ে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ এই জগতত গুগলে যে পিছ পৰি থাকিব পাৰে সেয়া কেনেকৈ সম্ভৱ?

কৃত্ৰিম বুদ্ধিমত্তাৰ জগতত গুগলে ইয়াৰ চাৰ্চ ইঞ্জিনত চেটবট যোগ দিবলৈ আগবাঢ়িছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী সুন্দৰ পিচাইয়ে কৈছে যে গুগলে পৰীক্ষামূলক ভিত্তিত বাৰ্ড (Bard) নামৰ এটা এ আই সেৱা আনি আছে। প্ৰথমতে  ব্যৱহাৰকাৰীসকলৰ মতামত ল’বলৈ ইয়াক বজাৰত মুকলি কৰা হ’ব।

সুন্দৰ পিচাইয়ে কৈছে যে গুগলে ইয়াৰ চাৰ্চ ইঞ্জিনত কৃত্ৰিম বুদ্ধিমত্তা যোগ দিব যিয়ে বহুতো জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ’ব। উদাহৰণ স্বৰূপে, গুগলৰ নতুন কৃত্ৰিম বুদ্ধিমত্তা বাৰ্ডে গীটাৰ নে পিয়ানো বজোৱা সহজ তেনে প্ৰশ্নৰো উত্তৰ দিব।  বৰ্তমান গুগল চাৰ্চ ইঞ্জিনে কেৱল বিভিন্ন উৎসৰ পৰা সম্পৰ্কিত বিষয়ত বিদ্যমান পাঠহে বিচাৰি উলিয়াই দিয়ে।

Apply Now

গুগলে শীঘ্ৰেই চাৰ্চ ইঞ্জিন আপডেট মুকলি কৰিব, কিন্তু ইয়াক কেতিয়া মুকলি কৰা হ’ব সেয়া এতিয়ালৈকে কোৱা নাই।

অৱশ্যে, গুগলে কেনেদৰে বাৰ্ডক চেটজিপিটিৰ পৰা পৃথক কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পিচাইয়ে কয় যে গুগলৰ নতুন সেৱাই ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰিব, য’ত চেটজিপিটিৰ জ্ঞান ২০২১ চনলৈকে সীমিত।

গুগলে ইতিমধ্যে বাৰ্ডৰ প্ৰদৰ্শন আৰম্ভ কৰিছে। এইটো পোৱা গৈছে যে বাৰ্ডে ব্যৱহাৰকাৰীসকলক প্ৰশ্ন সুধিবলৈ বা কিবা ক’বলৈ উৎসাহিত কৰে। যেতিয়া ইয়াক মহাকাশ গৱেষণাত ব্যৱহৃত দূৰবীণৰ বিষয়ে সোধা হৈছিল, ই বুলেটৰ ৰূপত উত্তৰ দিছিল। অৱশ্যে, চেটজিপিটিৰ দৰে ই ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰি দিয়ে যে এই উত্তৰ সঠিক নহ’বও পাৰে।

কোম্পানী হিচাপে, গুগলৰ বজাৰ মূল্য হৈছে ১ লাখ ১০ হাজাৰ কোটি ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ প্ৰতিষ্ঠান ডি.এ. ডেভিডছনৰ মতে, গুগল চাৰ্চে কোম্পানী হিচাপে মূল্যাঙ্কন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

গুগলে চাৰ্চৰ পৰা বছৰি ১২০ বিলিয়ন বা ১২ হাজাৰ কোটি ডলাৰ উপাৰ্জন কৰে। আনহাতে, বিঙৰ পৰা মাইক্ৰছফ্টৰ ৰাজহ মাত্ৰ ১১ বিলিয়ন ডলাৰ বা ১ হাজাৰ ১০০ কোটি ডলাৰ। যদি দীৰ্ঘম্যাদী সময়লৈ চেটজিপিটি যোগ দিয়ে তেতিয়া বিঙে গুগলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ’ব।

চেটজিপিটিৰ পৰীক্ষামূলক সংস্কৰণটো যোৱা নৱেম্বৰত মুকলি কৰা হৈছিল। তাৰ পিছত ই গোটেই পৃথিৱীত এক আলোড়নৰ সৃষ্টি কৰিছে। ডাটা এনালিটিক্স ফাৰ্ম ইউবিএছৰ মতে যোৱা ডিচেম্বৰত ৫ কোটি ৭০ লাখ ইউনিক ভিজিটৰে চেটজিপিটি ব্যৱহাৰ কৰিছিল।

২০১৯ চনত মাইক্ৰছফ্টে অপেন এ আইত ১০০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছিল। মাত্ৰ সাত বছৰ আগতে চেম অল্টমেন, এলন মাস্ককে ধৰি কেইবাজনো প্ৰযুক্তি উদ্যোগীয়ে অপেন এ আই প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে, মাইক্ৰছফ্টে প্ৰথমতে কোৱা নাছিল যে তেওঁলোকে তাত কিমান টকা বিনিয়োগ কৰিছিল। পিছত এমআইটি টেক ৰিভিউ নামৰ এটা অনলাইন ছাইটে ২০২০ চনত কৈছিল যে মাইক্ৰছফ্টে অপেন এ আইত নগদ  ধন আৰু তেওঁলোকৰ ক্লাউড ব্যৱসায় এজুৰৰ সুবিধা মিলাই ১০০ কোটি ডলাৰ বিনিয়োগ কৰিছিল।

জানুৱাৰীৰ শেষত মাইক্ৰছফ্টে অপেন এ আইত ১০ বিলিয়ন বা ১০০০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd