মংগলবাৰে পোহৰলৈ অহা নিকী যাদৱৰ নৃশংস হত্যাকাণ্ডৰ আৰু ন ন তথ্য উদঘাটন হৈছে। প্ৰেমিক চাহিল গেহলটে হত্যা কৰি নিকীৰ মৃতদেহটো খণ্ডিত কৰি নিজৰ ধাবাৰ ফ্ৰীজত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতে এই হত্যাকাণ্ডটো পোহৰলৈ আহে।
এই হত্যাকাণ্ডটো কিছুমাহৰ পূৰ্বে দেশত কঁপাই যোৱা শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰে সাদৃশ্য থকা দেখা গৈছে। অৱশ্যে, দিল্লীত সংঘটিত এই হত্যাকাণ্ডই শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ দৰে বীভৎস যদিও দেশত ব্যাপকৰূপে চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হোৱা নাই।
শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দিল্লীৰ বাবা হৰিদাস নগৰ অঞ্চলৰ মিত্ৰৌ গাঁৱত এখন গাড়ীত প্ৰেয়সীক হত্যা কৰিছিল প্ৰেমিক চাহিল গেহলটে। তাৰ পিছত মৃতদেহটো ৪০ কিলোমিটাৰ দূৰৈৰ নিজৰ ধাবালৈ নি মৃতদেহটো খণ্ডিত কৰি ফ্ৰীজত লুকুৱাই ৰাখে। কেৱল এয়াই নহয়, অভিযুক্ত প্ৰেমিক চাহিল গেহলটে প্ৰেমিকা নিকীক হত্যা কৰাৰ ঠিক পিছদিনা আন এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধও হয়।
দিল্লী আৰক্ষীৰ অপৰাধ শাখাই প্ৰকাশ কৰা মতে অভিযুক্ত চাহিলৰ আৰু প্ৰেমিকা নিকীৰ মাজত বিয়াক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল। তেওঁলোক দুয়ো বহু বছৰ ধৰি লাইভ-ইনত আছিল।
নিকী যাদৱে দিল্লীত মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকোঁতে চহিলৰ সৈতে প্ৰথম সাক্ষাৎ হৈছিল আৰু ইয়াৰ পাছতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ইফালে হত্যাকাণ্ডটো পোহৰলৈ অহাৰ পাছতে মৃত নিকীৰ পৰিয়ালে অভিযুক্ত প্ৰেমিক চাহিলৰ মৃত্যুদণ্ডৰ দাবী জনাইছে।
আৰক্ষীয়ে জনোৱা মতে, দুই-তিনি দিন পূৰ্বে নিকীক হত্যা কৰি মৃতদেহটো ধাবাৰ ফ্ৰীজৰ ভিতৰত ৰখা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ধাবাৰ স্বত্বাধিকাৰী তথা অভিযুক্ত প্ৰেমিক চাহিল গেহলটক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী বিষয়া বিক্ৰম সিঙে জনোৱা মতে, গেহলট আৰু নিকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। গেহলটে আন এগৰাকী যুৱতীক বিয়া কৰাবলৈ ওলাইছিল। কথাটো প্ৰেমিকা নিকীয়ে গম পোৱাৰ পাছত প্ৰেমিকৰ সেই সিদ্ধান্তক বিৰোধিতা কৰি তেওঁলোক বিবাহপাশত আৱদ্ধ হ’বলৈ হেঁচা দিবলৈ ধৰে আৰু এই কথাত ক্ষুদ্ধ হৈ প্ৰেমিক চাহিলে প্ৰেমিকা নিকীক হত্যা কৰি মৃতদেহটো নিজৰ ধাবাৰ ফ্ৰীজত লুকুৱাই ৰাখে।