• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ! কি হ’ব নীতিশ কুমাৰৰ ভৱিষ্যৎ?

নিৰ্বাচনলৈ প্ৰায় দুটা বছৰৰ থকাৰ সময়ত তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বুলি আৰজেডিৰ বিধায়কে কৰা দাবীয়ে সেয়ে বিহাৰৰ ৰাজনীতি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কৌশলো হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 7:53 pm
Created with GIMP

Created with GIMP

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ’ এই দাবী কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ এগৰাকী বিধায়কে। আৰজেডিৰ বিধায়কগৰাকীৰ দাবী যে হোলীৰ পাছতেই আৰজেডিৰ প্ৰধান তথা বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ মুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হ’ব।

উল্লেখ্য যে, বিজেপিৰে মিত্ৰতা ভংগ কৰি নীতিশ কুমাৰৰ জনতা দলে তেজস্বী যাদৱৰ আৰজেডিৰ সৈতে মিত্ৰজোঁট গঠন কৰি বিহাৰত চৰকাৰ চলাই আছে। কিছুদিন পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত বিজেপি বিৰোধী সকলো শিবিৰকে লগত লৈ বিহাৰৰ পৰাই বিজেপিৰ বিৰুদ্ধে ৰণহুংকাৰ বজাইছিল।

ইয়াৰ মাত্ৰ কেইটামান দিনৰ পাছতে মিত্ৰ দল আৰজেডিৰ বিধায়ক বিজয় মণ্ডলে দাবী কৰিছে যে অহা হোলীৰ পিছতে আৰজেডিৰ নেতা তথা বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদটো অৰ্পণ কৰিব।

Apply Now

বিধায়ক বিজয় মণ্ডলৰ এই দাবীৰ পাছতে বিহাৰৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জেডিইউ আৰু আৰজেডিৰ মাজত ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছে নেকি সেই প্ৰশ্নৰো উদ্ৰেক হৈছে। বিহাৰৰ ৰাজনীতিত বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰা থকাৰ সময়তে জেডিইউৰ বিহাৰৰ ৰাজ্যিক সভাপতি লালন সিঙে বিধায়ক বিজয় মণ্ডলৰ দাবীক মিছা বুলি অভিহিত কৰি কয় যে এতিয়ালৈকে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

সভাপতি লালন সিঙৰ মতে মুখ্যমন্ত্ৰীৰ সলনিৰ সিদ্ধান্ত আগন্তুক নিৰ্বাচনৰ পাছতহে গ্ৰহণ কৰা হ’ব। অহা ২০২৫ তহে বিহাৰৰ বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হ’ব। সভাপতি লালন সিঙে কয় যে ২০২৫ চনলৈকে নীতিশ কুমাৰেই বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৫ৰ নিৰ্বাচনত মিত্ৰজোঁটক তেজস্বী যাদৱে নেতৃত্ব দিব বুলি ক’লেও মুখ্যমন্ত্ৰী কোন হ’ব সেয়া বিধায়কসকলেহে সিদ্ধান্ত ল’ব বুলিহে প্ৰকাশ কৰি আহিছে।

মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা–বতৰাত লালন সিঙে কয় যে ৰাষ্ট্ৰীয় জনতা দল ৰাজ্যৰ এটা বৃহত্তম দল আৰু তেওঁলোকৰ ৮০ জন বিধায়ক আছে। জনতা দল (ইউ)ৰ মাত্ৰ ৪৩ জন বিধায়ক। এনে পৰিস্থিতিত আৰজেডিৰ নেতাসকলে দাবী উত্থাপন কৰিছে যে এটা বৃহত্তম দল হোৱাৰ বাবে তেওঁলোকৰ নেতা মুখ্যমন্ত্ৰী হ’ব লাগে। এনে দাবী বহুবাৰ উত্থাপন হৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

বিহাৰত বিজেপিৰ সৈতে জনতা দল (ইউ)ৰ মিত্ৰতা ভাঙি পৰাৰ পিছৰে পৰা আৰজেডি নেতা তেজস্বী যাদৱক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী ক্ৰমাৎ বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই তেজস্বী যাদৱক পদোন্নতি দিব লাগিব বুলি কোৱাত এই সন্দৰ্ভত আশা আৰু অধিক বৃদ্ধি পাইছিল। নীতিশ কুমাৰে কৈছিল যে মিত্ৰজোঁটৰ নেতা হ’ব তেজস্বী যাদৱ।

নিৰ্বাচনলৈ প্ৰায় দুটা বছৰৰ থকাৰ সময়ত তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বুলি আৰজেডিৰ বিধায়কে কৰা দাবীয়ে সেয়ে বিহাৰৰ ৰাজনীতি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কৌশলো হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd