মহামাৰী কৰোণাই দেশৰ পৰ্যটক খণ্ডৰ কঁকাল ভাঙি থৈ গৈছিল। কৰোণা কালৰ পাছত দেশৰ পৰ্যটন খণ্ড প্ৰায়ে বন্ধ হৈ পৰাত খণ্ডটোত কৰ্মৰত লোকলকল কৰ্মসংস্থাপনহীন হৈ পৰিছিল।
কিন্তু, যোৱা কেইমাহমানৰ পৰা দেশৰ পৰ্যটন খণ্ডটো পুনৰ ঠন ধৰি উঠা দেখা গৈছে। বিশেষকৈ ভাৰতলৈ বিদেশী পৰ্যটকৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এক তথ্য অনুসৰি যোৱা এটা বছৰৰ ব্যৱধানত পৰ্যটকৰ হাৰ তিনিশ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।
কেন্দ্ৰীয় চৰকাৰৰে শেহতীয়াকৈ সংসদত দাখিল কৰা ২০২২ চনৰ প্ৰতিবেদনত দেখা গৈছে বছৰটোত বিদেশী পৰ্যটকৰ সোঁত ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে আৰু পঞ্জাব, দিল্লী আৰু মহাৰাষ্ট্ৰ এই ক্ষেত্ৰত শীৰ্ষ তিনিটা স্থানত আছে।
প্ৰতিবেদনত যোৱা তিনি বছৰৰ পৰ্যটন খণ্ডৰ তথ্যসমূহ সন্নিৱিষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই তথ্য অনুসৰি ২০২০ চনত দেশত বিদেশী পৰ্যটন (এ এফ টি) ২.৭৪ লাখ আছিল, যিটো ২০২১ চনত ১.৫২ লাখলৈ হ্ৰাস পাইছিল। কিন্তু কৰোণা কালৰ পাছত ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।
২০২২ চনত বিদেশী পৰ্যটকৰ সংখ্যা ৬.১৯ লাখলৈ বৃদ্ধি পাইছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২১ আৰু ২০২২ চনৰ তুলনাত এ এফ টিত ৩০৫.৪০ শতাংশ বৃদ্ধি হৈছে। অৱশ্যে ভ্ৰমণ কৰা স্থানৰ ভিত্তিত মন্ত্ৰালয়ে এই প্ৰতিবেদন প্ৰস্তুত নকৰে।
২০২১ চনত দেশৰ ভিতৰতে সৰ্বাধিক এ এফ টি থকা ৰাজ্যসমূহ হৈছে পঞ্জাৱ, দিল্লী আৰু মহাৰাষ্ট্ৰ। এই সময়ছোৱাত ১,০০,১৭৮ জনে দিল্লী, ১,৮৫,৬৪৩ জনে মহাৰাষ্ট্ৰ আৰু ৩,০৮,১৩৫ জন পৰ্যটকে পঞ্জাৱ ভ্ৰমণ কৰিছিল।
দেশৰ ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই সংখ্যা মুঠ ১০,৫৪,৬৪২ জন আছিল। আনহাতে ২০১৯ চনত এই সংখ্যা আছিল ৩১,৪০৮,৬৬৬ জন আৰু ২০২০ চনত এই সংখ্যা আছিল ৭১, ৭১,৭৬৯ জন।