• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰোণাতংক! শিশু পুত্ৰৰ সৈতে কোঠাত আৱদ্ধ মাতৃ, তিনি বছৰৰ পাছত উদ্ধাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2023 11:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ গুৰগাঁৱৰ চকাৰপুৰত তিনি বছৰ ধৰি এটা ভাড়াঘৰৰ কোঠাত শিশুপুত্ৰসহ নিজকে আৱদ্ধ কৰি ৰাখিছিল এগৰাকী ৩৩ বছৰীয়া মহিলাই। কৰোণা মহামাৰীৰ পৰা হাত সাৰিবলৈ তেওঁ এই কাম কৰিছিল বুলি প্ৰকাশ পাইছে। স্বামীৰ সহযোগত আৰক্ষীয়ে তিনি বছৰৰ পাছত পুত্ৰসহ মহিলাগৰাকীক উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, যোৱা মঙলবাৰে এই ঘটনা পোহৰলৈ আহে। খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ এটা দলে ভাৰাঘৰটোত উপস্থিত হৈ দুয়োকে কোঠাটোৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰে যদিও মহিলাগৰাকীয়ে দুৱাৰ খুলি দিয়া নাছিল।

আৰক্ষী, স্বাস্থ্য বিভাগ আৰু শিশু কল্যাণ বিভাগৰ বিষয়াই মূল দুৱাৰ ভাঙি মুনমুন মাঞ্জী আৰু তেওঁৰ ১০ বছৰীয়া সন্তানক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত মাতৃ-পুত্ৰক গুৰুগ্ৰামৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Apply Now

গুৰুগ্ৰামৰ চিভিল চাৰ্জন ডাঃ বীৰেন্দ্ৰ যাদৱৰ মতে মহিলাগৰাকীৰ কিছু মানসিক সমস্যা আছে। দুয়োকে ৰোহটকৰ পিজিআইলৈ প্ৰেৰণ কৰা হৈছে, য’ত তেওঁলোকক চিকিৎসাৰ বাবে মানসিক ৱাৰ্ডত ভৰ্তি কৰা হৈছে।

যোৱা ১৭ ফেব্ৰুৱাৰীত মুনমুনৰ স্বামী সুজন মাঞ্জীয়ে চকাৰপুৰ আৰক্ষী চকীত নিয়োজিত সহকাৰী উপ-পৰিদৰ্শক প্ৰবীণ কুমাৰৰ সৈতে যোগাযোগ কৰাত বিষয়টো পোহৰলৈ আহে। স্বামী সুজন ব্যক্তিগত কোম্পানী এটাৰ অভিযন্তা।

আৰক্ষীৰ মতে, তিনি বছৰ ধৰি অৰ্থাৎ ২০২০ চনৰ লকডাউনৰ সময়ৰ পৰাই তেতিয়াৰ সাতবছৰীয়া পুত্ৰসহ নিজকে একপ্ৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছিল মুনমুনে। মুনমুনে লকডাউনৰ নিষেধাজ্ঞা সামান্য শিথিল হোৱাৰ পাছত কাৰ্যালয়লৈ যোৱা স্বামীক দুৱাৰ বন্ধ কৰি ঘৰলৈ আহিবলৈ নিয়া নাছিল।

স্বামী সুজনে প্ৰথম কেইদিনমান বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত কটাই পত্নীক মান্তি কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পাছত একেটা অঞ্চলতে আন এটা ভাড়াঘৰত থাকিবলৈ লয়।

স্বামীৰ মতে এই সময়ছোৱাত পত্নী আৰু পুত্ৰৰ সৈতে যোগাযোগ ৰখাৰ একমাত্ৰ উপায় আছিল ভিডিঅ’ কল। এই সময়ছোৱাত পত্নী ঘৰৰ ভাড়া আৰু বিদ্যুতৰ বিল, মোবাইলৰ বিল আদি সকলো পৰিশোধ কৰি আহিছিল। গেলামাল আৰু শাক-পাচলি ক্ৰয় কৰি পত্নীৰ ঘৰৰ মূল দুৱাৰৰ বাহিৰত এটা বেগত এৰি থৈ আহিছিল।

৭ বছৰ বয়সত নিজৰ লগত আৱদ্ধ কৰা পুত্ৰৰ এতিয়া বয়স ১০ বছৰ হৈছে আৰু পুত্ৰই যোৱা তিনি বছৰ ধৰি পঢ়া-শুনা, খেলা-ধূলাৰ লগতে বন্ধু-বান্ধৱীসকলৰ সংগ লাভৰ পৰা বঞ্চিত হৈ আছিল।

আনকি ঘৰৰ আৱৰ্জনাবোৰো ৩ বছৰে ঘৰৰ ভিতৰতে থাকিল, শিশুটিৰ সৈতে থকা একেটা কোঠাতে পুত্ৰৰ কটা চুলি আৰু বিভিন্ন আৱৰ্জনা জমা হৈ থাকিল। ইফালে চুবুৰীৰ মানুহে মাতৃয়ে নিজৰ লগত পুত্ৰকো একেটা কোঠাতে বন্দী কৰি ৰখাৰ কথাও গম পোৱা নাছিল। ঘৰত শিশুটিয়ে বেৰত পেইন্টিং আদি আঁকিছিল।

আৰক্ষী বিষয়া প্ৰবীণ কুমাৰে কয়, “প্ৰথম অৱস্থাত সুজনৰ কথা মই বিশ্বাস কৰা নাছিলো। কিন্তু যেতিয়া তেওঁ মোক তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে ভিডিঅ’ কল কৰি কথা পাতি দেখুওৱালে তেতিয়া মই বিশ্বাস কৰিবলৈ বাধ্য হৈছিলো। আৰু মই লগে লগে পদক্ষেপ গ্ৰহণ কৰিলো। মহিলাগৰাকী থকা ঘৰটোত আৱৰ্জনা আৰু জাবৰ জমা হৈছিল।”

প্ৰকাশ পোৱা মতে মহিলাগৰাকী আৰু তেওঁ পুত্ৰই যোৱা তিনিবছৰ ধৰি সূৰ্য্যটোক এবাৰো দেখা নাছিল। আনকি মহিলাগৰাকীয়ে কোভিডৰ ভয়ত এই তিনি বছৰত ৰন্ধন গেছ আৰু জমা পানী ব্যৱহাৰ কৰা নাছিল।

তিনি বছৰৰ মূৰত পত্নী আৰু পুত্ৰক পাই সুজন এতিয়া অতি সুখী, ইয়াৰ বাবে তেওঁ আৰক্ষীক ধন্যবাদ জনায়। তেওঁ কয়, “এতিয়া তেওঁৰ চিকিৎসা চলি আছে। আশা কৰোঁ আমাৰ জীৱনটো অতি সোনকালে স্বাভাৱিক পথলৈ ওততি আহিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd