• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এনকাউণ্টাৰৰ নামত মুক্ত হত্যাৰ যজ্ঞ চলিছে : ৰাইজৰ দলৰ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 7:30 pm
143
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক‘ ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকন আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে, “ৰাজ্যত পুনৰ এক ভুৱা এনকাউণ্টাৰ সংঘটিত হৈ গ’ল। যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি জিলাৰ ৰৌতাত এজন ব্যক্তি অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয়। অসম আৰক্ষীৰ দাবী আছিল এইজন ম‘ষ্ট ৱাণ্টেড ডকাইত কেনাৰাম বসুমতাৰী । অসম আৰক্ষীয়ে এইটোও দাবী কৰিছিল যে এই এনকাউণ্টাৰত গুলীয়াগুলী সংঘটিত হৈছিল ৷ অসম আৰক্ষীয়ে দাবী কৰিছিল এনকাউণ্টাৰত মৃত্যু হোৱা কেনাৰাম বসুমতাৰীৰ পৰা তেওঁলোকে পিষ্টল উদ্ধাৰ কৰিছিল। কিন্তু এনকাউণ্টাৰ হোৱাৰ পিছদিনাখনেই এনকাউণ্টাৰ হোৱা ব্যক্তিজন কেনাৰাম বসুমতাৰী নহয়, তেখেত বাক্সা জিলাৰ শালবাৰীৰ ডিম্বেশ্বৰ মুছাহাৰী বুলি ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে দাবী কৰিছে। এই ঘটনাই স্পষ্টভাৱে প্রমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এতিয়া এনকাউণ্টাৰৰ নামত মুক্ত হত্যাৰ যজ্ঞ চলিছে। এনকাউণ্টাৰৰ নামত চলা এই মুক্তহত্যাৰ যি যজ্ঞ চলিছে এই যজ্ঞৰ পুৰোহিতৰ ৰূপত আছে আমাৰ মুখ্যমন্ত্ৰী স্বয়ং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাত সহযোগ কৰিছে ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই।

কেনাৰাম বসুমতাৰী নে ডিম্বেশ্বৰ মুছাহাৰী ? কোন আচলতে এনকাউণ্টাৰত নিহত হৈছে সেয়া আমি সংবাদমেল সম্বোধন কৰি থকালৈকে স্পষ্ট হোৱা নাই। ইতিমধ্যে কেনাৰাম বসুমতাৰীৰ পৰিয়ালে দাবী কৰিছে তেওঁ কেনাৰাম বসুমতাৰী আৰু ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে দাবী কৰিছে তেওঁ ডিম্বেশ্বৰ মুছাহাৰী ৷ কিন্তু মৃত ব্যক্তিজনক লৈ উদ্ভৱ হোৱা এই ঘটনাই এতিয়া স্পষ্টভাৱে প্রমাণ কৰি দিছে যে ৰাজ্যত এতিয়া এনকাউণ্টাৰৰ নামত যি ঘটনা সংঘটিত হৈছে সেইবিলাক ভুৱা এনকাউণ্টাৰ । হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ আগলৈকে অসমত সঘনে এনেকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাছিল। তথ্য মতে হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পাছত অৰ্থাৎ ২০২১ চনৰ ১০ মে’ৰ পৰা এতিয়ালৈকে ৰাজ্যত মুঠ ১৭৪টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। এনকাউণ্টাৰত এতিয়ালৈকে মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হ’ল ৬১জন আৰু ঘূনীয়া হৈছে ১৪১জন ৷ এই এনকাউণ্টাৰক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্রশ্ন উখাপন হৈ আহিছে। বিজেপি চৰকাৰখনে এই এনকাউণ্টাৰক লৈ যেতিয়া ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি কৰি থাকে আৰু বিভিন্ন চলে চাতুৰীয়ে তেওঁলোকে মানুহৰ মাজত সুমুৱাই দিবলৈ সক্ষম হয়। বিভিন্নজন মানুহে এনকাউণ্টাৰক সমৰ্থন কৰে। কিন্তু আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰক। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত যি এনকাউণ্টাৰ ৰাজ চলাই আছে এই এনকাউণ্টাৰ ৰাজৰ পৰা কোনো বাছি নাযায়৷ এই এনকাউণ্টাৰ ৰাইজৰ বলি হিন্দুও হ’ব আৰু এই এনকাউণ্টাৰৰ বলি মুছলমানো হ‘ব৷ এই এনকাউণ্টাৰৰ বলি জনজাতি মানুহো হ’ব আৰু এই এনকাউণ্টাৰৰ বলি আদিবাসী মানুহো হ’ব। এই এনকাউণ্টাৰৰ বলি কোঁচ, কলিতাও হব পাৰে, এই এনকাউণ্টাৰৰ বলি মৰাণ, মটকো হ’ব পাৰে। হিমন্ত বিশ্ব শৰ্মাই যি এনকাউণ্টাৰ ৰাজ চলাই আছে এই এনকাউণ্টাৰ ৰাজৰ পৰা আমি কোনো সাৰি যাব নোৱাৰো। উল্লেখ্য যে এতিয়ালৈকে সংঘটিত হোৱা ১৭৪টা এনকাউণ্টাৰৰ ভিতৰত মাত্ৰ ২ টা এনকাউণ্টাৰৰ হে উচ্চস্তৰীয় তদন্ত হৈছে। প্রথমটো এনকাউণ্টাৰ হৈছে নগাঁৱৰ কিতীকমল বৰাৰ যি এনকাউণ্টাৰ। নগাঁওৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ যেতিয়া জনমত সৃষ্টি হৈছিল, ৰাইজ সোচ্চাৰ হৈছিল তেতিয়া অসম চৰকাৰে তেতিয়াৰ অসম চৰকাৰৰ মুখ্য সচিব আৰু এতিয়াৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটি গঠন কৰি দিছিল আৰু সেই তদন্ত সমিতিৰ প্রতিবেদনত অতি স্পষ্টকৈ কৈছিল যে কিতীকমল বৰাৰ এনকাউণ্টাৰ এটা ভুৱা এনকাউণ্টাৰ আছিল। দ্বিতীয়তো এনকাউণ্টাৰক লৈ উচ্চ পৰ্যায়ৰ তদন্ত হৈছিল অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এটা তদন্ত চলাইছিল দৰঙৰ ধূলাত যি এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল আৰু এই এনকাউণ্টাৰক লৈ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চলোৱা তদন্তত স্পষ্টভাৱে প্রমাণ হৈছে যে এই এনকাউণ্টাৰ আছিল ভুৱা এনকাউণ্টাৰ আৰু এই এনকাউণ্টাৰ আছিল পৰিকল্পিত এনকাউণ্টাৰ। অসম মানৱ অধিকাৰ আয়োগে এনকাউণ্টাৰত নিহত হোৱা ব্যক্তিক ক্ষতিপূৰণ দিবৰ কাৰণে আৰু এনকাউণ্টাৰ চলোৱা দুজন আৰক্ষী বিষয়াৰ ওপৰত বিভাগীয় এক্সন ল’বৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল।

ৰাইজৰ দলৰ দাবী যে অসমত এতিয়ালৈকে সংঘটিত হোৱা ১৭৪টা এনকাউণ্টাৰৰ উচ্চস্তৰীয় তদন্ত হ’ব লাগে। এই এনকাউণ্টাৰৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশৰ অধীনত তদন্ত সমিতি গঠন কৰিব লাগে। আৰক্ষীৰ জিন্মাত থকা অপৰাধী পলাই যাওঁতে দায়িত্বত থকা আৰক্ষী বিষয়াৰ ওপৰত কিয় তদন্ত কৰা নহয় সেইয়াও প্রশ্ন কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক.ডি শইকীয়াই ৷ ইতিমধ্যে দুটা এনকাউণ্টাৰৰ তদন্তই প্রমাণ কৰি দিছে অসমত এতিয়া যি এনকাউণ্টাৰ চলি আছে সেয়া ভুৱা এনকাউণ্টাৰ আৰু এনকাউণ্টাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়া মুক্তহত্যাৰ যজ্ঞ পাতিছে। হিতেশ্বৰ শইকীয়াৰ দিনত ভাৰতীয় সেনাই যেনেকৈ অসমবাসীৰ ওপৰত অত্যাচাৰ চলাইছিল, প্রফুল্ল মহন্তৰ দিনত যেনেকৈ ছালফা আৰু গুপ্তঘাটক লগ লাগি অসমত অত্যাচাৰ আৰম্ভ কৰিছিল আৰু একেদৰেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া অসম আৰক্ষীয়ে অসমবাসীৰ ওপৰত এনকাউণ্টাৰৰাজ চলাইছে। উত্তৰ প্রদেশৰ আৰ্হিৰে এনকাউণ্টাৰৰ ৰাজনীতি, বুলডজাৰৰ ৰাজনীতি আৰু ধৰ্ম চাই উচ্ছেদ চলোৱা যি ৰাজনীতি সেই ৰাজনীতিয়ে অনাগত দিনত অসমলৈ এক ভয়ংকৰ পৰিৱেশ নমাই আনিব বুলিও মন্তব্য কৰে ভাস্ক’ ডি শইকীয়াই। শেষত অসমবাসীলৈ বিনম্ৰ আহ্বান জনায় কয় যে,“সময় থাকোতেই অসমবাসী ৰাইজ সজাগ হৈ চৰকাৰৰ এই এনকাউণ্টাৰ ৰাজৰ বিৰুদ্ধে জনমত গঠন কৰক অন্যথা এই এনকাউন্টাৰ ৰাজৰ পৰা কোনো সাৰি যাব নোৱাৰিব”।

Recent News

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd