• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰধানমন্ত্ৰী উজ্জলা যোজনা: শ্ল’গানৰ চমক আৰু চমকৰ আঁৰৰ ফোঁপোলা স্বৰূপ

মনজিৎ দত্ত by মনজিৎ দত্ত
February 27, 2023 4:06 pm
PMUY
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে দেশৰ গ্ৰাম্য এলেকাত বসবাস কৰা পৰিয়ালসমূহৰ মহিলাসকলক উপকৃত কৰাৰ অৰ্থে প্ৰবৰ্তন কৰিছিল ‘প্ৰধানমন্ত্ৰী উজ্জলা যোজনা’। কেন্দ্ৰীয় চৰকাৰে গঞা দৰিদ্ৰ মহিলাসকলে ইমানদিনে পৰম্পৰাগত ৰন্ধন ইন্ধনৰ পৰা সন্মুখীন হোৱা নানা অসুবিধাৰ পৰা মুক্তি দিয়াই এই আঁচনিৰ উদ্দেশ্য হিচাপে ঘোষণা কৰিছিল। আঁচনিখনৰ সফলতাৰ ঢাক-ঢোল কোবাই প্ৰধানমন্ত্ৰী মোদীৰ হাস্যবদন ছবিসহ দেশৰ প্ৰান্তে প্ৰান্তে আঁৰি দিয়া হৈছিল বৃহৎ আকাৰৰ হৰ্ডিং। হৰ্ডিঙত বৰ-বৰ হৰফেৰে লিখি দিয়া হৈছিল, “মহিলাসকলে পালে সন্মান। স্বচ্ছ ইন্ধন, সুন্দৰ জীৱন।”

পিছে কেন্দ্ৰীয় চৰকাৰে মহা আড়ম্বৰেৰে সফলতাৰ জয়গান গোৱা এই আঁচনিখনৰ সাফল্যৰ পৰিৱৰ্তে সম্পূৰ্ণ এক বিপৰীত ছবিহে সম্প্ৰতি পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ১ ফেব্ৰুৱাৰীত ২০২৩-২০২৪ বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়ত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৯.৬ কোটি এলপিজি সংযোগ প্ৰদান কৰা হৈছে বুলি নিজ ভাষণত উল্লেখ কৰিছিল।প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰিয়ো আঁচনিৰ অধীনত ২০২৩ চনৰ ২ ফেব্ৰুৱাৰীলৈকে ৯.৫৮ কোটিতকৈ অধিক গেছ সংযোগ মুকলি কৰা হৈছে।

Apply Now

২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত এই আঁচনিৰ অধীনত ৮ কোটি দৰিদ্ৰ পৰিয়াললৈ এল পি জি সংযোগৰ লক্ষ্য লোৱা হৈছিল। ২০২১ চনত চৰকাৰে প্ৰব্ৰজিত পৰিয়ালক বিশেষ গুৰুত্ব দি অতিৰিক্ত ১ কোটি পৰিয়ালক সামৰি লোৱাৰ বাবে প্ৰধানমন্ত্ৰী উজ্জলা যোজনা ২.০ আৰম্ভ কৰিছিল। ২০২৩ চনৰ ২ ফেব্ৰুৱাৰীত লোকসভাত দিয়া তথ্য অনুসৰি ২০২২ চনৰ জানুৱাৰী মাহত এই লক্ষ্যত উপনীত হোৱাৰ লগতে ৬০ লাখ অতিৰিক্ত সংযোগৰ লক্ষ্যও লোৱা হৈছিল।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী উজ্জলা যোজনাক পৰম্পৰাগত ৰন্ধন ইন্ধন যেনে- খৰি, কয়লা, গৰুৰ গোবৰৰ পৰিৱৰ্তে গ্ৰাম্য পৰিয়ালসমূহৰ বাবে এল পি জিৰ দৰে পৰিষ্কাৰ ৰন্ধন ইন্ধন সুলভ কৰি তোলাৰ লক্ষ্যৰে এক অভিলাসী আঁচনি হিচাপে আৰম্ভ কৰিছিল। ২০২০ চনত দিল্লীস্থিত থিংক টেংক কাউন্সিল অন এনাৰ্জি, এনভাইৰনমেণ্ট এণ্ড ৱাটাৰৰ এক সমীক্ষা মতে, ভাৰতৰ চহৰ বা গ্ৰাম্য অঞ্চলতেই হওক, ৰন্ধা-বঢ়াৰ বাবে কেৱল এল পি জি ব্যৱহাৰ কৰা এটা সাধাৰণ পৰিয়ালক ৰন্ধন শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বছৰি কমেও সাতটা চিলিণ্ডাৰৰ প্ৰয়োজন হয়।

পিছে যোৱা বৰ্ষৰ জুলাই মাহত লোকসভাত আৰু আগষ্টত ৰাজ্যসভাত প্ৰদান কৰা তথ্য অনুসৰি, ২০২১-২২ চনত আঁচনিৰ অধীনৰ ৯.৬% হিতাধিকাৰীয়ে প্ৰথমবাৰ লাভ কৰা চিলিণ্ডাৰত ইন্ধন শেষ হোৱাৰ পিছত পুনৰ চিলিণ্ডাৰ ভৰ্তি কৰা নাছিল, ১১.৩% লোকে মাত্ৰ এবাৰ চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিছিল আৰু ৫৬.৫% হিতাধিকাৰীয়ে চাৰিটা বা তাতকৈ কমবাৰৰ চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিছিল। ১ আগষ্টত ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দাঙি ধৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনাৰ ৪.১৩ কোটি হিতাধিকাৰীয়ে যোৱা পাঁচ বছৰত এবাৰো পুনৰ ভৰ্তি কৰা নাই আঁচনিখনৰ অধীনত লাভ কৰা চিলিণ্ডাৰ৷ একে সময়তে, ৭.৬৭ কোটি হিতাধিকাৰীয়ে কেৱল এবাৰহে ভৰ্তি কৰিছে চিলিণ্ডাৰ।

মন্ত্ৰী তেলীয়ে ৰাজ্যসভাত দিয়া তথ্য মতে, ২০১৭-১৮ বৰ্ষৰ ভিতৰত ০.৪৬ কোটি হিতাধিকাৰীয়ে পুনৰবাৰ চিলিণ্ডাৰ ভৰ্তি কৰা নাছিল। আনহাতে সেই সময়ছোৱাত ১.১৯ কোটি হিতাধিকাৰীয়ে মাত্ৰ এবাৰ চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিছিল। সেইদৰে ক্ৰমে ২০১৮-১৯ বৰ্ষত ১.২৪ কোটি, ২০১৯-২০ বৰ্ষত ১.৪১ কোটি, ২০২০-২১ বৰ্ষত ০.১০ কোটি আৰু ২০২১-২২ বৰ্ষত ০.৯২ কোটি হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰা নাছিল। আনহাতে ২০১৮-১৯ বৰ্ষত ২.৯০ কোটি, ২০১৯-২০ বৰ্ষত ১.৮৩ কোটি, ২০২০-২১ বৰ্ষত ০.৬৭ কোটি আৰু ২০২১-২২ বৰ্ষত ১.০৮ কোটি হিতাধিকাৰীয়ে কেৱল এবাৰহে চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিছিল।

এতিয়া কাউন্সিল অন এনাৰ্জি, এনভাইৰনমেণ্ট এণ্ড ৱাটাৰৰ সমীক্ষালৈ মন কৰিলে প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ ব্যৰ্থতা চকুতলগাকৈ ওলাই পৰে। গ্ৰাম্য পৰিয়ালসমূহৰ বাবে এল পি জি সুলভ কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ হিতাধিকাৰী সকল এইদৰেই যোজনাৰ নামত সৃষ্টি কৰা শ্ল’গানৰ চমকৰ আঁৰত লুকাই গৈছে। বৰ্ষটোত প্ৰয়োজন হোৱা নূন্যতম সাতটা চিলিণ্ডাৰ ব্যৱহাৰ কৰিবলৈও অপাৰগ হৈ চমক সৃষ্টিকাৰী ‘প্ৰধানমন্ত্ৰী উজ্জলা যোজনা’ৰ হিতাধিকাৰী সকল।

চিলিণ্ডাৰ পুনৰ ভৰ্তিৰ ক্ষেত্ৰত হিতাধিকাৰীসকল কিয় অপাৰগ! কাৰণ, আঁচনিৰ মুকলিৰ সময়ত প্ৰথমবাৰ বিনামূলীয়াকৈ প্ৰদান এল পি জি সংজোগ শেষ হোৱাৰ পিছত চিলিণ্ডাৰ পুনৰ ভৰ্তিৰ বাবে ব্যয় কৰিবলগীয়া হৈছিল হিতাধিকাৰীসকলে। ২০১৬ চনৰ মে’ মাহত আঁচনিৰ মুকলিৰ সময়ত দিল্লীত এটা ষ্টেণ্ডাৰ্ড নন-ছাবচিডিজড ১৪.২ কেজি এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ৫২৭.৫ টকা। কিন্তু ২০২২ চনৰ জুলাইলৈকে এই সংখ্যা দুগুণ বৃদ্ধি পাই ১০৫৩ টকা হৈছে।

শেহতীয়াকৈ চলিত বৰ্ষৰ জানুৱাৰীত ফেক্টচেকাৰ নামৰ এক ৰাষ্ট্ৰীয় সংস্থাই গ্ৰহণ কৰা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ একাংশ হিতাধিকাৰীয়ে তেওঁলোকৰ হাতত চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ বাবে পৰ্যাপ্ত ধন নাই বুলি মন্তব্য কৰিছিল। উত্তৰ প্ৰদেশৰ ঝান্সীৰ এগৰাকী শ্ৰমিকে এই সাক্ষাৎকাৰত দাঙি ধৰিছিল আঁচনিৰ হিতাধিকাৰীসকলৰ অপাৰগতাৰ কাৰণ। সাক্ষাৎকাৰত তেওঁ কৈছিল, “আমি কি কৰিম! আমি দৈনিক মজুৰি শ্ৰমিক, আমি চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিবলৈ অক্ষম।”

উল্লেখ্য যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা মোউী চৰকাৰৰ আটাইতকৈ প্ৰচাৰিত আঁচনিসমূহৰ ভিতৰত অন্যতম৷ আঁচনিখনৰ অধীনত দেশৰ দৰিদ্ৰ আৰু অৱহেলিত পৰিয়ালৰ মহিলাসকলক বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰা হৈছে বুলি ঢাক-ঢোল কোবাইছিল কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে যুগান্তকাৰী আখ্যা দিয়া প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এতিয়া কাৰ্যত: ব্যৰ্থ হোৱাৰ স্পষ্ট ইংগিত বহন কৰিছে এই তথ্যসমূহে। আঁচনিখনৰ এই ব্যৰ্থতাৰ তথ্যই কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাকো উদঙাই তুলিছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ সফলতাৰ কৃতিত্ব দাবী কৰি অহাটো একপ্ৰকাৰে ব্যৰ্থতাক ঢাকিবলৈ কৰা বৃথা চেষ্টাৰ বাদে আন একো নহয় বুলি নিশ্চিত হৈ পৰিছে।

ৰাজসাহায্যৰ প্ৰায় কৰ্তনৰ লগতে যোৱা এটা বছৰত এল পি জিৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে ৰন্ধন গেছৰ ব্যৱহাৰ স্বাভাৱিকতেই প্ৰায় অসমৰ্থ কৰি তুলিছে। এনে অৱস্থাত এই দৰিদ্ৰ পৰিয়ালসমূহে পৰম্পৰাগতভাৱে প্ৰদূষণকাৰী ৰন্ধন ইন্ধন যেনে- খৰি, কয়লা, গৰুৰ গোবৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব; যাৰ ফলত বিশেষকৈ মহিলা আৰু শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটিব। তাৰ পিছতো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বৃহৎ বৃহৎ হৰ্ডিঙত বৰ-বৰ হৰফেৰে লিখা থাকিব, “মহিলাসকলে পালে সন্মান। স্বচ্ছ ইন্ধন, সুন্দৰ জীৱন।”

মনজিৎ দত্ত

মনজিৎ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd