• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চ’ছিয়েল মিডিয়াৰ জোৰ! ৭৫ বছৰ পিছত পুনৰ মিলিত হ’ল বিচ্ছেদিত দুই শিখ ভাতৃৰ পৰিয়াল

পৰস্পৰৰ ওপৰত পুষ্প বৰ্ষণেৰে গীত গাই আনন্দোল্লাস দুই আৱেগিক পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2023 5:29 pm
2 Sikh Brothers Reunite After 75 Years
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪৭ চনত দেশ বিভাজনৰ সময়ত পৃথক হৈ পৰা দুগৰাকী শিখ ভাতৃৰ পৰিয়াল অৱশেষত পুনৰ মিলিত হ’ল বিচ্ছেদৰ ৭৫ বছৰৰ পিছত। বৃহস্পতিবাৰে কৰতাৰপুৰ কৰিড’ৰত দুয়ো ভাতৃৰ পৰিয়াল মিলিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। দুয়োটা পৰিয়ালে পৰস্পৰে পৰস্পৰৰ ওপৰত পুষ্প বৃষ্টি কৰি গীত গাই আনন্দোল্লাসত মত্ত হৈ পৰে।

জানিব পৰা মতে, চ’ছিয়েল মিডিয়াৰ বাবে সাত দশকতকৈও অধিক সময়ৰ পিছত সম্ভৱ হয় বিচ্ছেদিত দুই ভাতৃৰ পুনৰ মিলন। গুৰদেৱ সিং আৰু দয়া সিং নামৰ এই দুই ভাতৃ বিভাজনৰ পূৰ্বে প্ৰয়াত পিতৃৰ বন্ধু কৰিম বখছেৰ সৈতে হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাৰ গোমলা গাঁৱত বাস কৰিছিল।

Apply Now

বিভাজনৰ সময়ত গুৰদেৱ সিং বখছেৰ সৈতে পাকিস্তানলৈ প্ৰব্ৰজন কৰাৰ বিপৰীতে দয়া সিং মাতৃৰ ককাকৰ সৈতে হাৰিয়ানাত থাকে। পাকিস্তান পোৱাৰ পিছত বখছেই লাহোৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত থকা পঞ্জাৱ প্ৰদেশৰ ঝাং জিলালৈ গুচি যায় আৰু গুৰদেৱ সিংহক মুছলমান নাম (গুলাম মহম্মদ) দিয়ে।

কেইবছৰমান পূৰ্বে অৱশ্যে গুৰদেৱ সিঙৰ মৃত্যু হয়। গুৰদেৱৰ পুত্ৰ মহম্মদ শ্বৰীফে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, কেইবাবছৰ ধৰি গুৰদেৱ সিঙে ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি ভাতৃ দয়া সিঙৰ সন্ধান বিচাৰি দিবলৈ অনুৰোধ জনাইছিল। কিন্তু গুৰদেৱ সিঙৰ এই আশা পূৰণ হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।

ইফালে ছমাহ পূৰ্বে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দয়া সিঙক বিচাৰি উলিয়াবলৈ সক্ষম হয় গুৰদেৱ সিঙৰ পুত্ৰ মহম্মদ শ্বৰীফে। হাৰিয়ানাত থকা পূৰ্বপুৰুষৰ ঘৰত উপস্থিত হোৱাৰ মানসেৰে তেওঁ ভাৰত চৰকাৰক তেওঁৰ পৰিয়ালৰ লোকক ভিছা দিবলৈ আহ্বান জনায়।

অৱশেষত বৃহস্পতিবাৰে দুয়োটা পৰিয়াল কৰতাৰপুৰ কৰিড’ৰত পুনৰ একত্ৰিত হয়। কৰতাৰপুৰ চাহাবৰ গুৰদ্বাৰা দৰবাৰ চাহাবত পৰিয়াল দুটাৰ পুনৰ মিলনৰ সময়ত দৃশ্যমান হৈ পৰে এক আৱেগিক মুহূৰ্ত। বৰ্তমান ভাইৰেল হৈ পৰা এই দৃশ্যই আৱেগিক কৰি তুলিছে নেটিজেনকো।

উল্লেখ্য যে, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানক দেৱৰ অন্তিম বিশ্ৰাম স্থান পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ গুৰদ্বাৰা দৰবাৰ চাহাবক ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানক মন্দিৰৰ সৈতে সংযোগ কৰিছে কৰতাৰপুৰ কৰিডৰে।

৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰত ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলে দৰবাৰ চাহাব ভ্ৰমণ কৰিবলৈ ভিছা-বিহীন প্ৰৱেশৰ সুবিধা প্ৰদান কৰে। গুৰদেৱ আৰু দয়া সিঙৰ দৰেই ২০২২ চনৰ জানুৱাৰী মাহত কৰতাৰপুৰ কৰিড’ৰত সাক্ষাৎ হৈছিল দুই বিচ্ছেদিত ভাতৃ পাকিস্তানৰ মহম্মদ ছিদ্দিক আৰু ভাৰতৰ হাবিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd