বন্দুকধাৰীয়ে ফিলিপাইনছত আঞ্চলিক গভৰ্ণৰ ৰয়েল ডেগামোকে ধৰি আঠজন লোকক গুলীয়াই নিহত কৰিছে। গুলীচালনাত আন কেইবাজনো লোক আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো শনিবাৰে নিগ্ৰোছ অৰিয়েণ্টেল প্ৰভিন্সৰ গভৰ্ণৰ ৰয়েল ডেগামোৰ বাসগৃহত সংঘটিত হৈছিল।
সামৰিক বাহিনীৰ পোছাক পিন্ধি আততায়ী পাম্পলোনা চহৰৰ গভৰ্ণৰ ৰয়েল ডেগামোৰ ঘৰত প্ৰৱেশ কৰিছিল। তেওঁলোকে প্ৰৱেশ কৰিয়েই, গুলীচালনা কৰিছিল। গভৰ্ণৰ ৰয়েলকে ধৰি আঠজন লোকক গুলীয়াই হত্যা কৰা বুলি জনাইছে তেওঁৰ পত্নীয়ে কয়।
লগতে পঢ়ক: ভুৱা বাতৰিৰ বলি হৈছে প্ৰকৃত সত্য; ন্যায়াধীশসকলকো কৰা হৈছে ট্ৰ’ল: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়
গভৰ্ণৰ ডাগেমোক তেওঁৰ বিৰোধীসকলে হত্যা কৰা বুলি ধাৰণা কৰা হৈছে। যোৱা মাহত ফিলিপাইনছত স্থানীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত ডাগেমোৰ প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে প্ৰথমে অৰিয়েণ্টেল চহৰ নিগ্ৰোছৰ গভৰ্ণৰ হিচাপে জয়ী হৈছিল। কিন্তু ভোটটো পিছত পুনৰ গণনা কৰা হৈছিল আৰু আদালতে ৰায় দিছিল যে ডাগেমো নিৰ্বাচিত হৈছে। ডাগেমোৱে আদালতৰ নিৰ্দেশত গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু এমাহ নৌহওতেই তেওঁক গুলীয়াই হত্যা কৰা হয়।
ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে ঘটনাটোক গৰিহণা দি কয় যে ঘটনাটোৰ সৈতে জড়িত সকলক শীঘ্ৰে বিচাৰৰ সন্মুখলৈ অনা হ’ব। ডাগেমো ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ দলৰ সদস্য আছিল।
লগতে পঢ়ক: অবৈধভাৱে বসবাসৰ অভিযোগ! মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ
ইপিনে, দেওবাৰে বিষয়াসকলে জনায় যে আৰক্ষীয়ে ফিলিপাইনছৰ এজন কেন্দ্ৰীয় প্ৰাদেশিক গভৰ্ণৰ আৰু ৰাজনৈতিক নেতাৰ পৰা সহায় বিচৰা দৰিদ্ৰ গাওঁবাসীসহ আন আঠজনক হত্যা কৰা ঘটনাত এজন সন্দেহজনক আততায়ীক গুলীয়াই হত্যা কৰিছে আৰু আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে।