ইণ্টাৰপোলে পলাতক প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। মেহুল চোকছিৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকৰ ২ বিলিয়ন আমেৰিকান ডলাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ নকৰাটো নিশ্চিত কৰিবলৈ ভাৰতে যুঁজ অব্যাহত ৰাখিছিল। তেওঁৰ ওপৰত বৃহৎ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ চলি আছে।
সূত্ৰসমূহৰ মতে, ইণ্টাৰপোলৰ এই সিদ্ধান্তৰ বাবে চিবিআই আৰু ইডি কিছু পৰিমাণে বেকফুটত যাব পাৰে। কিয়নো যদি এই ৰেড নটিচখন উঠি গ’লে মেহুলে সোনকালে এণ্টিগুয়া আৰু বাৰ্বুডা এৰিব পাৰে। তেওঁ তাতে নাগৰিকত্ব লাভ কৰিছে। এইটোও দাবী কৰা হৈছিল যে যদি তেওঁ ভাৰতলৈ আহে তেন্তে তেওঁৰ বিৰুদ্ধে সঠিক ব্যৱস্থা লোৱা নহ’ব।
ইপিনে, যোৱা বছৰ মেহুল চোকছিয়ে এবাৰ ৰেড নটিচ পুনৰীক্ষণ কৰিবলৈ ইণ্টাৰপোলক আবেদন জনাইছিল। অৱশ্যে, ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল যে আমি এই সন্দৰ্ভত ইণ্টাৰপোলৰ সৈতে নিয়মীয়া যোগাযোগত আছো।
ভাৰতে কৈছিল যে যদি এই ৰেড নটিচ উঠাই লোৱা হয়, তেন্তে মেহুলে এণ্টিগুয়াৰ পৰা পলায়ন কৰিব পাৰে। ভাৰতে কৈছিল যে গোচৰটো এটা গুৰুত্বপূৰ্ণ স্থানত আহি ৰৈছে। তেওঁ কেইবাটাও গোচৰত অভিযুক্ত।
চোকছিয়ে আগতে অভিযোগ কৰিছিল যে তেওঁক এজন ভাৰতীয় এজেণ্টে এণ্টিগুয়াৰ পৰা অপহৰণ কৰিছিল আৰু তাৰ পিছত ডমিনিকালৈ লৈ গৈছিল। সেইটো আছিল ২০২১ৰ ২৩ মে’ৰ ঘটনা। পিছদিনা তেওঁক ডমিনিকাত দেখা গৈছিল। এই বিষয়ে জানিবলৈ পোৱাৰ পিছত ভাৰতীয় তদন্তকাৰী দল ডমিনিকালৈ উৰা মাৰে। ২৮ মে’ত তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু তেতিয়ালৈকে, মেহুলে পুনৰ ডমিনিকা উচ্চ আদালতত বন্দী প্ৰত্যক্ষীকৰণ (হেবিয়াছ কৰ্পাছ) গোচৰ ৰুজু কৰে।
মেহুলে অভিযোগ কৰিছিল যে তেওঁক অপহৰণ কৰা হৈছিল আৰু অত্যাচাৰ চলোৱা হৈছিল। ইপিনে, ভাৰতে কৈছিল যে ১৩,৫৭৮ কোটি ঋণ জালিয়াতিৰ মুখ্য ষড়যন্ত্ৰকাৰী আছিল চোকছি। ২০২১ চনৰ জুনৰ প্ৰথম সপ্তাহত ডমিনিকাত ভাৰতে এইকথা কৈছিল। তেওঁক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰি ভাৰতলৈ ঘূৰাই পঠোৱাৰ দাবী কৰা হৈছিল। কিন্তু চোকছি ঘূৰি নাহিল।
সেই সময়ত এণ্টিগুয়াৰ ৰয়েল পুলিচে এটা অপহৰণৰ গোচৰ আৰম্ভ কৰিছিল। তাৰ পিছত চোকছিক ডমিনিকাত অনুপ্ৰৱেশ কৰাৰ অভিযোগ তুলি এণ্টিগুয়ালৈ ঘূৰাই পঠোৱা হয়। কিন্তু এইবাৰ চোকছিক ভাৰতলৈ ঘুৰাই অনাৰ প্ৰচেষ্টাত আন এক জটিলতা আহি পৰিল!