দৈনন্দিন জীৱনৰ অন্যতম বিপদজনক অভ্যাস হ’ল ধূমপান। এই অভ্যাসৰ বাবে বহুতো ৰোগে শৰীৰত বাহ সাজে। ধঁপাতজাতীয় সামগ্ৰীৰ অত্যধিক ব্যৱহাৰে কেন্সাৰৰ দৰে জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। কেন্সাৰৰ উপৰিও ধূমপানে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ দৰে বিপদৰ সৃষ্টি কৰে। ধঁপাত সেৱন কৰিলে ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
সমীক্ষা অনুসৰি ভাৰতৰ প্ৰায় ৩৪.৬ শতাংশ প্ৰাপ্তবয়স্ক লোকে ধূমপান কৰে। অত্যধিক ধূমপানৰ ফলত হোৱা বিভিন্ন ৰোগৰ বাবে দেশত বছৰি ১ কোটিৰো অধিক লোকৰ মৃত্যু হয়। কেন্সাৰ আৰু হৃদৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰৰ প্ৰায় ৫৩ শতাংশই ধূমপানৰ বাবে হয়।
কিন্তু বহুতে নাজানে যে অত্যধিক ধূমপানে চকুৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়।
গৱেষণাৰ মতে ধঁপাতৰ ধোঁৱাত ৭ হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে। ইয়াৰে কিছুমান চকুৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। তদুপৰি ধূমপানৰ ফলত শৰীৰত প্ৰৱেশ কৰা প্ৰদূষক পদাৰ্থবোৰ তেজৰ সোঁতত মিহলি হৈ চকুৰ যথেষ্ট ক্ষতিসাধন কৰে। ধূমপানৰ ফলত চকুৰ কেনেধৰণৰ সমস্যা হ’ব পাৰে?
চকুৰ ছানি পৰা
অত্যধিক ধূমপানৰ ফলত হ’ব পৰা সমস্যাৰ ভিতৰত এটা সমস্যা হৈছে চকুৰ ছানি পৰা ৰোগ। এই ৰোগৰ ফলত দৃষ্টিশক্তি হেৰুৱাৰ আশংকা বেছি। ধুমপানৰ ফলত চকুৰ পোহৰ সহনশীলতাও ক্ৰমান্বয়ে কমি যায়। ফলত চকুৰ দৃষ্টিশক্তিও দুৰ্বল হ’বলৈ ধৰে।
মেকুলা
অত্যধিক ধূমপানৰ ফলত চকুৰ মেকুলাৰ ডিজেনেৰেচন হ’ব পাৰে। এই বিকাৰৰ বাবে গাড়ী চলোৱা, কিতাপ পঢ়া আৰু ৰং চিনি পোৱাত অসুবিধা হয়। সঠিক চিকিৎসা নকৰিলে এই ৰোগে অন্ধত্বও কঢ়িয়াই আনিব পাৰে।
গ্ল’ক’মা
চকুত চাপ বৃদ্ধিৰ বাবে অতিৰিক্ত তৰল পদাৰ্থ চকুত জমা হয়। ধূমপানে চকুত চাপ বৃদ্ধি কৰে। আৰু দীৰ্ঘদিন ধৰি এই চাপৰ বাবে চকুত জমা হোৱা তৰল পদাৰ্থৰ পৰিমাণ বেছি হয়। যাৰ ফলত গ্ল’ক’মা ৰোগ হোৱা সম্ভাৱনা থাকে।
চকুৰ আদ্ৰতা
চকু হ’ল শৰীৰৰ আটাইতকৈ সংবেদনশীল অংশ। চিগাৰেট বা বিড়িৰ ধোঁৱাত থকা বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ চকুৰ জুলীয়া ৰসে শোষণ কৰে। ফলত চকু দুটা ক্ৰমান্বয়ে শুকান হৈ পৰে। সাধাৰণতে ৰঙা পৰা, বিষ, চকুৰ অস্বস্তি আদিয়েই চকু শুকান হোৱাৰ কাৰণ। দীৰ্ঘদিন এনেদৰে চলি থাকিলে দৃষ্টিশক্তি হেৰুৱাৰ আশংকা থাকে।










