• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মটেৰাত ৰিংকুৰ চমক: অথলে গ’ল ৰছিদৰ স্পীন ঘূৰ্ণী….

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 8:17 pm
Rinku Singh IPL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্তিম অভাৰ, হাতত আছে তিনিটা উইকেট; জয়ৰ বাবে প্ৰয়োজন ২৯ ৰান। স্বাভাৱিকতেই এনে অৱস্থাত জয়ৰ আশা প্ৰায় এৰি দিয়াৰ দৰেই হৈছিল কলকাতা নাইট ৰাইডাৰ্ছে, আশা এৰি দিছিল হয়তো দলটোৰ একেবাৰে ‘অন্ধ অনুৰাগী’গৰাকীয়েও! তাতে ক্ৰীজত নাছিল তেতিয়া দলটোৰ আটাইতকৈ মাৰমুখী বেটাৰ ৰাছেল।

ইতিপূৰ্বেই ফ্লপ হৈছিল ৰাছেলৰ বিস্ফোৰণ; আফগানী স্পিনাৰ তথা গুজৰাট টাইটানছৰ তদাৰকী অধিনায়ক ৰছিদ খানে পেভিলিয়নলৈ উভতাই পঠালে ‘স্বভাৱী’ কেৰিবিয়ানগৰাকীক। ক্ৰীজত তেতিয়া উমেশ যাদৱ আৰু আনটো মূৰত বাওঁহতীয়া বেটাৰ ৰিংকু সিং। বল হাতত তুলি দিয়া হৈছে য়শ দয়ালক।

Apply Now

কোৱা হয়, ঘূৰণীয়া বলৰ কথা; মুহূৰ্তৰ ভিতৰতে সলনি হ’ব পাৰে ২২ গজৰ জল্পনা-কল্পনা! নিশাটোৰ ভিতৰতে হয়তো কোনো এগৰাকী খেলুৱৈৰ উত্তৰণ ঘটিব পাৰে মহানায়কৰ শাৰীলৈ, মহাতাৰকাৰ অৱনতি ঘটিব পাৰে খলনায়কৰ শাৰীলৈ। কাৰ্যত: আজি মটেৰাত কলকাতাৰ বাবে মহানায়কৰ ৰূপতে আত্মপ্ৰকাশ কৰিলে ৰিংকু সিঙে। কৰি তুলিলে অসম্ভৱকো সম্ভৱ!

বিগত মেচৰ এক গুৰুত্বপূৰ্ণ ইনিংছেৰে আত্মবিশ্বাসী ৰিংকুৱে যেন ক্ৰীজৰ মাজত কৰি লৈছিল এক মহাপণ: তৰিম কিম্বা মৰিম! প্ৰথমটো বলত যাদৱে এক ৰান এটা সংগ্ৰহ কৰি ক্ৰীজ এৰি দিলে ৰিংকুক। তাৰ পাছতেই ক্ৰিকেট বিশ্ব সাক্ষী হ’ল এক অবিস্মৰণীয়, অনাকাংক্ষিত আৰু মহাক্ৰিকেটীয় পৰিঘটনাৰ।

এটা এটাকৈ অভাৰ তথা ইনিংছৰ অন্তিম পাঁচটা বলত পাঁচটা ছয় কোবাই কলকাতা নাইট ৰাইডাৰ্ছৰ ত্ৰাণকৰ্তাৰ ৰূপত প্ৰকাশ ঘটিল ৰিংকুৰ। চমকিত কৰি তুলিলে ক্ৰিকেট বিশ্বক, তাৰ বিপৰীতে মূক দৰ্শক হৈ পৰিল ডিফেণ্ডিং চেম্পিয়ন তথা চলিত প্ৰতিযোগিতাখনত মেচখনলৈকে অপৰাজিত হৈ ৰোৱা গুজৰাট টাইটানছ।

এয়াই ক্ৰিকেট, অনিশ্চয়তা আৰু আত্মবিশ্বাসৰ যুগলবন্দীৰে চমকি উঠা ক্ৰিকেট। মুহূৰ্তৰ ভিতৰতে নিশ্চিত বিজয়ৰ পথত গতি কৰা গুজৰাটৰ ঘটিল পথচ্যুতি। মুখৰ পৰা জয়ৰ স্বাদ কাঢ়ি কলকাতাৰ শিৰৰ কিৰীটি হৈ পৰিল ৰিংকু সিং। মাত্ৰ ২১ টা বলত ৬ টা ছয় আৰু ১ টা চাৰিৰে বিজয়ৰ মহানায়কৰ ৰূপত অপৰাজিত হৈ ৰ’ল ৰিংকু।

ৰোমাঞ্চকৰ এই মেচখনত প্ৰথমে বেটিং কৰি গুজৰাটে সংগ্ৰহ কৰিছিল ৪ উইকেটত ২০৪ ৰান। দলৰ এই শক্তিশালী স্ক’ৰৰ মূলতে আছিল বিজয় শংকৰৰ বিস্ফোৰক বেটিং। ২৪ বলত ৫ টা ছয় আৰু ৪ টা চিৰিৰে ৬৩ ৰানত অপৰাজিত হৈ ৰৈছিল শংকৰ। উদীয়মান তাৰকা ছাই সুদৰ্শনৰ বেটৰ পৰাও আহে ৫৩ ৰানৰ এক অৰ্ধশতকীয় ইনিংছ।

২০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি প্ৰথমতেই উজুটি খায় কলকাতাই। ২৮ ৰানতে হেৰুৱায় দুই অপেনাৰ গুৰবাজ আৰু জগদীশনৰ উইকেট। অৱশ্যে তৃতীয় উইকেটত ভেঙ্কটেশ আয়াৰ আৰু অধিনায়ক নীতিশ ৰানাই ১০০ ৰান যোগ দি দলক এক মজবুত স্থিতি প্ৰদান কৰে। ৰানাই সংগ্ৰহ কৰে গুৰুত্বপূৰ্ণ ৪৫ ৰান। দুৰন্ত বেটিঙেৰে মাত্ৰ ৪০ টা বলত ৮ টা চাৰি আৰু ৫ টা ছয়েৰে ৮৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে আয়াৰ।

কিন্তু ইয়াৰ পাছতে যেন ছন্দপতন ঘটে দলটোৰ। ত্ৰাসৰ কাৰণ হৈ পৰে প্ৰতিপক্ষৰ তদাৰকী অধিনায়ক তথা তাৰকা স্পিনাৰ ৰছিদ। চলিত ছিজনৰ আই পি এলৰ প্ৰথমটো হেট্ৰিকৰ ৰূপত ৰছিদে ক্ৰমাগত তিনিটা বলত দুই কেৰিবিয়ান ৰাছেল আৰু সুনীল নাৰাইন আৰু কলকাতাৰ বিগত মেচৰ জয়ৰ নায়ক শাৰ্দুল ঠাকুৰৰ উইকেট দখলেৰে দলটোক শলঠেকত পেলোৱাৰ লগতে নিজ দলৰো গতিপথ সলনি কৰি তোলে।

কিন্তু ইয়াৰ পিছতেই ঘটে ৰিংকু সিঙৰ সেই অবিস্মৰণীয় বেটিং বিক্ৰম। নিশ্চিত জয়ৰ কাষ চাপিও থমকিবলগৈ বাধ্য হয় ডিফেণ্ডিং চেম্পিয়ন গুজৰাট। এই নান্দনিক ইনিংছটোৰে কলকাতাক জয়ী কৰোৱা ৰিংকু স্বাভাৱিকতেই বিবেচিত হয় মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd