• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘নগ্ন হৈও অভিনয় কৰিছো, চুম্বন কোনো কথাই নহয়’- অন্তৰংগ দৃশ্যক লৈ স্পষ্ট কথা মোহময়ী অভিনেত্ৰীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2023 2:43 pm
দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী অমলা পল।

দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী অমলা পল।

52k
VIEWS
Share on FacebookShare on Twitter

নিজৰ কেৰিয়াৰৰ অধিক সময় তামিল, তেলেগু, মালয়ালম ভাষাৰ কেইবাখনো চিনেমাত অভিনয় কৰিছে অমলা পলে। ‘নীলাথামৰা’, ‘মায়া’, ‘ৰাণ বেবী ৰাণ’, ‘মিলি’ আদিৰ দৰে প্ৰশংসিত চিনেমাত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। অৱশ্যে পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ বাবে অভিনেত্ৰীগৰাকী বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈছে। এইবাৰ চুম্বনৰ দৃশ্যত অভিনয় কৰি তেওঁ আলোচনালৈ আহিছে।

অমলা পলে এতিয়া বহু প্ৰত্যাশিত মালয়ালম চিনেমা ‘আডুজিভিথাম’ত পৃথ্বীৰাজ সুকুমাৰণৰ সৈতে এটা চুম্বনৰ দৃশ্য শ্বেয়াৰ কৰাৰ বাবে চৰ্চালৈ আহিছে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে চুম্বনৰ দৃশ্যটোক সমালোচনা কৰিবলৈ আৰম্ভ কৰে নেটিজেনসকলে।

ইমানদিনে এই সমালোচনাক লৈ মৌন হৈ আছিল অভিনেত্ৰীগৰাকী। এতিয়া তেওঁ এই বিষয়ত মুখখন খুলিছে। কেইবাটাও সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অমলাই কয় যে কাহিনীৰ প্ৰয়োজন হ’লে তেওঁ নগ্ন হ’বলৈও সাজু। তাত চুম্বনৰ  দৃশ্য কোনো কথাই নহয়।

অৱশ্যে এনে বিতৰ্ক অমলা পলৰ বাবে নতুন কথা নহয়। ২০১৮ চনত ‘আদাই’ চিনেমাৰ এটি দৃশ্যত সম্পূৰ্ণ নগ্ন হৈ অভিনয় কৰিছিল। বহুতে সমালোচনা কৰিলেও তেওঁৰ সহ অভিনেতাসকলে অমলাক প্ৰশংসা কৰে।

অমলাই কয় যে তেওঁ ইতিমধ্যে জানিছিল যে ‘আদুজিভিথাম’ চিনেমাখনত এটা অন্তৰংগ চুম্বনৰ দৃশ্য থাকিব। এই প্ৰসংগত অমলাই কয়, ‘পৃথ্বীৰাজৰ সৈতে চুম্বনৰ দৃশ্যত অভিনয় কৰাৰ কথা চুক্তি স্বাক্ষৰ কৰাৰ আগতে পৰিচালকে মোক কৈছিল। চিনেমাখনৰ কাহিনীৰ বাবে এই দৃশ্যটো প্ৰয়োজনীয় আছিল। গতিকে মই মান্তি হৈছিলো। এই দৃশ্যটোত অভিনয় কৰিবলৈ মই ইতিমধ্যে সাজু হৈছিলোঁ। গতিকে চুম্বনৰ দৃশ্যটোত অভিনয় কৰাটো মোৰ বাবে সহজ আছিল।’

‘আদাই’ৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, ‘নগ্ন হৈও অভিনয় কৰিছো, চুমা খোৱাটো কোনো কথাই নহয়।’

অমলা পলে দক্ষিণৰ চাৰিটা ভাষাৰ ছবিত অভিনয় কৰিছে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পোৱা মালয়ালম চিনেমা ‘ক্ৰিষ্টোফাৰ’ত। বৰ্তমান তেওঁ মালয়ালম ‘দ্ৱিজ’, তামিল ‘আধো আন্ধা পাৰভাই পোলা’ত অভিনয় কৰিছে।

আনহাতে, ‘আদুজিভিথাম’ৰ শ্বুটিং শেষ। এতিয়া পোষ্ট প্ৰডাকচনৰ কাম চলি আছে। এইবাৰ কান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে। ২০২৩ চনৰ শেষৰ ফালে মুক্তি পাব ছবিখন।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd