• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত প্ৰথম মে’ দিৱস কেতিয়া উদযাপন হৈছিল, কোনে প্ৰথম পালন কৰিছিল এই দিৱস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 10:15 am
1k
VIEWS
Share on FacebookShare on Twitter

১৯২০ চনত ভাৰতত প্ৰথম কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন গঠন হৈছিল যদিও, আন্তঃৰাষ্ট্ৰীয় মে’ দিৱস উদযাপন ভাৰতৰ শ্ৰমিক আন্দোলনৰ অবিচ্ছেদ্য অংগ হৈ উঠা নাছিল। ভাৰতৰ প্ৰথম মে’ দিৱস ১৯২৩ চনৰ ১ মে’ত মাদ্ৰাজৰ সাগৰৰ পাৰত শ্ৰমিক নেতা ছিংগাৰভেলু চেট্টিয়াৰৰ অধ্যক্ষতাত পালন কৰা হয়।

হাতত ৰঙা পতাকা নথকাৰ বাবে কমৰেড চেট্টিয়াৰে নিজৰ কন্যাৰ ৰঙা শাৰীখন ফালি তাৰ পৰা ৰঙা পতাকা এখন বনায়। ১৯২৩ চনৰ ১ মে’ত সিংহাৰেভলুৰ অধ্যক্ষতাত “হিন্দুস্তানৰ লেবাৰ কিষাণ পাৰ্টি (শ্ৰমিক আৰু কৃষকৰ দল)” গঠন কৰা হয়। সেইদিনা লেবাৰ কিষাণ পাৰ্টিয়ে ভাৰত চৰকাৰক এই পবিত্ৰ দিনটোক বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ বাবে বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক: আজি ১ মে : আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস; কিয় পালন কৰা হয় এই দিৱস?

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ চিকাগোত মে’ দিৱসৰ ইতিহাস সৃষ্টি হৈছিল। ১৮৮৬ চনৰ মূল দাবী আছিল ৮ ঘণ্টাৰ কাম। এই দাবী এদিন হঠাতে উত্থাপন হোৱা নাছিল। ১৮৮৬ চনৰ মহান আন্দোলনটো আছিল দীৰ্ঘদিনীয়া শ্ৰমিকসকলৰ বহু সৰু সৰু দাবী একত্ৰিত হোৱাৰ ফল।

ইতিহাসে দেখুৱাইছে যে ১৮৫৬ চনৰ ২১ এপ্ৰিলত অষ্ট্ৰেলিয়াত ৮ ঘণ্টীয়া কৰ্মদিনৰ দাবীত প্ৰথম এদিনীয়া ধৰ্মঘট হৈছিল। ভাৰতত ৮ ঘণ্টীয়া কামৰ দাবীত উদ্যোগিক শ্ৰমিকসকলৰ প্ৰথম ধৰ্মঘট হৈছিল ১৮৬২ চনৰ মে’ মাহত। দিনটোত ৮ ঘন্টা কাম কৰাৰ দাবীত হাওৰা ষ্টেচনত ১২শ ৰে’ল শ্ৰমিকে এই ধৰ্মঘটত যোগদান কৰে।হাওৰা ৰেল কৰ্মীৰ এই ধৰ্মঘট সেই ক্ষেত্ৰত দ্বিতীয়টো ধৰ্মঘট।

১৯২৩ চনত ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হয়। ১৯২৬ চনত বম্বেত শ্ৰমিকসকলে মে’ দিৱস উদযাপন কৰে এক বিশাল শোভাযাত্ৰাৰে। এম এন যোশী আদিয়ে এই শোভাযাত্ৰাত আগৰণুৱা আছিল।

লগতে পঢ়ক: কৰ্ণাটকৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি মোবাইল নিক্ষেপ! কথমপি আঘাতৰ পৰা ৰক্ষা পৰিল মোডী

১৯২৭ চনত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছে প্ৰদেশসমূহক মে’ দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়ে। সেই আদেশ অনুসৰণ কৰি দেশৰ ৰাজ্যসমূহৰ আন আন ডাঙৰ চহৰত মে’ দিৱস অতি উৎসাহেৰে পালন কৰা হয়।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd