• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ পুৰুষক আমি কি দি যাম?

দ্বিপেন কাকতি by দ্বিপেন কাকতি
May 2, 2023 2:49 pm
প্রতিনিধিত্বমূলক ফটো। সংগ্রহীত।

প্রতিনিধিত্বমূলক ফটো। সংগ্রহীত।

16k
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ সতি-সন্ততিক আপুনি কি দি যাবলৈ বিচাৰে? টকা-পয়ছা, ঘৰ-দুৱাৰ, মাটি-সম্পত্তি, নিজৰ ভৰিত থিয় দিব পৰা এটা সুৰক্ষিত ভৱিষ্যৎ, নে শান্তিৰে জীয়াই থাকিবলৈ এখন সুস্থ-সবল সমাজ গঢ়াৰ মন্ত্ৰ?

সন্দেহ নাই, এই প্ৰশ্নৰ উত্তৰ স্বাভাৱিকতে ভিন্ন হ’ব৷ অনেকেই হয়তো পাৰে মানে ধন-সম্পদকে ৰাখি থৈ যোৱাৰ কথা ক’ব৷ নিজৰ সন্তানে জীৱনত বিশেষ একো কৰিব নোৱাৰিলেও যাতে খাই-পিন্ধি জীয়াই থকাত অসুবিধা নহয়৷ কিন্তু যি সন্তানে এক নিজস্ব, সুস্থ জীৱন দৰ্শন গঢ়ি তুলিব নোৱাৰে, তেনে সন্তানৰ হাতত সেই সম্পদ সুৰক্ষিত হয়নে?

আন এক অংশই সন্তানৰ সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ প্ৰতি মনোযোগ দিয়াৰ কথা ক’ব৷ এচাম লোকতো আগন্তুক প্ৰজন্মৰ বাবে “ধৰ্মক সুৰক্ষিত” কৰি ৰখা কামতে নিৰলসভাৱে ব্যস্ত হৈ আছে৷ আমি বাস কৰা পৃথিৱীখন যে ক্ৰমাৎ ধ্বংসৰ ফালে আগবাঢ়ি গৈ আছে আৰু সকলো জীৱৰ জীৱন-জীৱিকা বিপন্ন হৈ গৈ আছে, তাৰ প্ৰতি তেওঁলোকৰ ভ্ৰুক্ষেপ নাই৷ খুব কম লোকহে ওলাব, যি সন্তানৰ ব্যক্তিগত ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্ব দিয়াৰ লগতে সন্তানক এখন সুস্থ-সবল সমাজ গঢ় দিয়াৰ মন্ত্ৰ দি যাবলৈ বিচাৰিব৷

আমাৰ মাজৰ কিমানজনে ভাবিছে–ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে আমি কেনেকুৱা বায়ু, কেনেকুৱা পানী অথবা পৰিৱেশ এৰি থৈ যোৱাৰ আয়োজন চলাই আছো? আমাৰ মাজৰ কিমানজনে জানো–শান্তিৰে বসবাস কৰিব পৰা এখন সুস্থ-সবল সমাজ গঢ়াৰ বাবে কোনবিলাক উপাদানৰ উৎকৰ্ষৰ প্ৰতি আমি সচেষ্ট হ’ব লাগে? সম্ভৱ এনে লোকৰ সংখ্যাও নিচেই কম হ’ব৷

জলবায়ুৰ অনাহূত আৰু বিষময় পৰিৱৰ্তনৰ কথা এতিয়া অনেক দূৰৰ বিষয় হৈ থকা নাই অথবা ভৱিষ্যতৰ আশংকাও হৈ থকা নাই৷ কিন্তু আগৰ বছৰৰ তুলনাত পাছৰ বছৰত যে গৰম বৃদ্ধি হৈ গৈ আছে, সেই কথা সকলোৱে অনুভৱ কৰিছো৷ গছ-বন কাটি তহিলং কৰা মানুহবোৰক, তেওঁলোকক তেনে কাম কৰিবলৈ সুবিধা কৰি দিয়া চৰকাৰবোৰক গালি-গালাজ পাৰি আছো৷ কিন্তু পৰিৱেশ সুৰক্ষাৰ বাবে বৃক্ষৰোপণৰ ক্ষেত্ৰত আমাৰ উদ্যোগ তেনেই কুহুমীয়া৷ নিজে বৃক্ষৰোপণ কৰাতো দূৰৰে কথা, দূৰৰ কোনোবাই ৰুই থৈ যোৱা গছ পুলিটোৰ প্ৰতিও আমাৰ কোনো আগ্ৰহ নাই৷ আমি, গছ পুলিটোৰ কাষে-পাজৰে থকা লোকসকলে, পুলিটো বচাই ৰখাৰ বাবে ল’বলগীয়া উদ্যোগখিনিও নলওঁ৷ অথচ সমগ্ৰ বিশ্বতে উন্নয়নৰ নামত নিতৌ বন-বিৰিখৰ ধ্বংস যজ্ঞ চলিয়েই আছে৷ আমাজনৰ দৰে বৃহৎ বৃহৎ বৰ্ষাৰণ্য জ্বলি ছাৰখাৰ হৈ গৈছে৷ এই “বনজুই”বিলাকৰ অন্তৰালত কিছু বৃহৎ বৃহৎ আন্তৰ্জাতিক পুঁজিপতিৰো হাত আছে বুলি বহু লোকে সকাৰণ যুক্তিতে সন্দেহ কৰে৷

মন কৰিলে দেখা যায়–প্ৰকৃতিৰ নিবিড় সান্নিধ্য বিচাৰি পোৱা বিশ্বৰ কিছুমান বিশেষ বিশেষ ঠাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল৷ শেহতীয়াকৈ, বিশেষকৈ নব্য উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পাছৰে পৰা, সেইবিলাক ঠাইৰো “উন্নয়ন” ঘটাই প্ৰকৃতি ধ্বংস কৰা হৈছে৷ এইবিলাক কৰা হৈছে পৰ্যটন উদ্যোগক বিকশাই তোলাৰ স্বাৰ্থত৷ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত শিল্পায়ন, নগৰীকৰণ, বাণিজ্যিক উৎকৰ্ষৰ বাবে নিয়মিতভাৱে বন ধ্বংস হ’ব লাগিছে৷

ইয়াৰ লগে লগে সমাজত “ধৰ্ম ৰক্ষা”ৰ সামাজিক কচৰতেও এক বিষময় পৰিৱেশ সৃষ্টি কৰিছে৷ প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ দুয়োটাই যদি বিষময় হৈ পৰে, তেন্তে আমি ক’লৈ পলাই যাম? ক’ত লুকাম? কিমান দিন শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বন্দী হৈ থাকিম? এ চিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰেও প্ৰাকৃতিক পৃথিৱীখনক ক্ৰমাৎ অধিক উষ্ণ কৰি তুলিছে৷ গতিকে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰলৈ আহিলেও আপোনাৰ থিয় হ’বলৈ এডোখৰ ঠাইৰ অভাৱ হ’ব৷ জলৰ অভাৱে জীৱকুলৰ মৃত্যু অনিবাৰ্য কৰি তুলিব৷ এই পৃথিৱী এৰি আন ঠাইলৈ যোৱাৰো উপায় নাই, অন্ততঃ এই পৰ্যন্ত মহাকাশত বাসোপযোগী ঠাইৰ সন্ধান পোৱা নাই৷ তেনে বাসস্থান কৃত্ৰিমভাৱে নিৰ্মাণ কৰিব পৰা প্ৰযুক্তিও উদ্ভাৱিত হোৱা নাই৷ তেনেস্থলত এইখন পৃথিৱীকে আমি জীৱৰ বাসোপযোগী কৰি ৰাখিব লাগিব৷

সময় থাকোতেই আমি বুজা দৰকাৰ যে টকা-পয়ছা, মাটি সম্পত্তি খাই মানুহে জীৱন ধাৰণ কৰিব নোৱাৰে৷ জীয়াই থাকিবলৈ নিৰ্মল অম্লজান গেছ লাগিব আৰু লাগিব আৱশ্যকীয় পৰিমাণৰ অপ্ৰদূষিত পানী৷ সমাজত সুস্থভাৱে উশাহ-নিশাহ ল’বলৈ প্ৰেম, শান্তি, বিশ্বাস আৰু আস্থাৰ পৰিৱেশ বিৰাজ কৰিব লাগিব৷ উত্তৰ পুৰুষৰ বাবে এখন বিষময় পৃথিৱী, এখন বিষময় সমাজ এৰি নোযোৱাৰ প্ৰতি দায়িত্বশীল হোৱাৰ দায়িত্ববোধকণ অন্ততঃ আমি আৰ্জন কৰা উচিত৷ জোৰ পুৰি হাত পালেহি৷ উদ্যোগ লোৱাৰহে কথা, পলম কৰাৰ সকাম নাই৷

লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯

Recent News

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd