• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উত্তৰ পুৰুষক আমি কি দি যাম?

দ্বিপেন কাকতি by দ্বিপেন কাকতি
May 2, 2023 2:49 pm
প্রতিনিধিত্বমূলক ফটো। সংগ্রহীত।

প্রতিনিধিত্বমূলক ফটো। সংগ্রহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ সতি-সন্ততিক আপুনি কি দি যাবলৈ বিচাৰে? টকা-পয়ছা, ঘৰ-দুৱাৰ, মাটি-সম্পত্তি, নিজৰ ভৰিত থিয় দিব পৰা এটা সুৰক্ষিত ভৱিষ্যৎ, নে শান্তিৰে জীয়াই থাকিবলৈ এখন সুস্থ-সবল সমাজ গঢ়াৰ মন্ত্ৰ?

সন্দেহ নাই, এই প্ৰশ্নৰ উত্তৰ স্বাভাৱিকতে ভিন্ন হ’ব৷ অনেকেই হয়তো পাৰে মানে ধন-সম্পদকে ৰাখি থৈ যোৱাৰ কথা ক’ব৷ নিজৰ সন্তানে জীৱনত বিশেষ একো কৰিব নোৱাৰিলেও যাতে খাই-পিন্ধি জীয়াই থকাত অসুবিধা নহয়৷ কিন্তু যি সন্তানে এক নিজস্ব, সুস্থ জীৱন দৰ্শন গঢ়ি তুলিব নোৱাৰে, তেনে সন্তানৰ হাতত সেই সম্পদ সুৰক্ষিত হয়নে?

আন এক অংশই সন্তানৰ সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ প্ৰতি মনোযোগ দিয়াৰ কথা ক’ব৷ এচাম লোকতো আগন্তুক প্ৰজন্মৰ বাবে “ধৰ্মক সুৰক্ষিত” কৰি ৰখা কামতে নিৰলসভাৱে ব্যস্ত হৈ আছে৷ আমি বাস কৰা পৃথিৱীখন যে ক্ৰমাৎ ধ্বংসৰ ফালে আগবাঢ়ি গৈ আছে আৰু সকলো জীৱৰ জীৱন-জীৱিকা বিপন্ন হৈ গৈ আছে, তাৰ প্ৰতি তেওঁলোকৰ ভ্ৰুক্ষেপ নাই৷ খুব কম লোকহে ওলাব, যি সন্তানৰ ব্যক্তিগত ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্ব দিয়াৰ লগতে সন্তানক এখন সুস্থ-সবল সমাজ গঢ় দিয়াৰ মন্ত্ৰ দি যাবলৈ বিচাৰিব৷

Apply Now

আমাৰ মাজৰ কিমানজনে ভাবিছে–ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে আমি কেনেকুৱা বায়ু, কেনেকুৱা পানী অথবা পৰিৱেশ এৰি থৈ যোৱাৰ আয়োজন চলাই আছো? আমাৰ মাজৰ কিমানজনে জানো–শান্তিৰে বসবাস কৰিব পৰা এখন সুস্থ-সবল সমাজ গঢ়াৰ বাবে কোনবিলাক উপাদানৰ উৎকৰ্ষৰ প্ৰতি আমি সচেষ্ট হ’ব লাগে? সম্ভৱ এনে লোকৰ সংখ্যাও নিচেই কম হ’ব৷

জলবায়ুৰ অনাহূত আৰু বিষময় পৰিৱৰ্তনৰ কথা এতিয়া অনেক দূৰৰ বিষয় হৈ থকা নাই অথবা ভৱিষ্যতৰ আশংকাও হৈ থকা নাই৷ কিন্তু আগৰ বছৰৰ তুলনাত পাছৰ বছৰত যে গৰম বৃদ্ধি হৈ গৈ আছে, সেই কথা সকলোৱে অনুভৱ কৰিছো৷ গছ-বন কাটি তহিলং কৰা মানুহবোৰক, তেওঁলোকক তেনে কাম কৰিবলৈ সুবিধা কৰি দিয়া চৰকাৰবোৰক গালি-গালাজ পাৰি আছো৷ কিন্তু পৰিৱেশ সুৰক্ষাৰ বাবে বৃক্ষৰোপণৰ ক্ষেত্ৰত আমাৰ উদ্যোগ তেনেই কুহুমীয়া৷ নিজে বৃক্ষৰোপণ কৰাতো দূৰৰে কথা, দূৰৰ কোনোবাই ৰুই থৈ যোৱা গছ পুলিটোৰ প্ৰতিও আমাৰ কোনো আগ্ৰহ নাই৷ আমি, গছ পুলিটোৰ কাষে-পাজৰে থকা লোকসকলে, পুলিটো বচাই ৰখাৰ বাবে ল’বলগীয়া উদ্যোগখিনিও নলওঁ৷ অথচ সমগ্ৰ বিশ্বতে উন্নয়নৰ নামত নিতৌ বন-বিৰিখৰ ধ্বংস যজ্ঞ চলিয়েই আছে৷ আমাজনৰ দৰে বৃহৎ বৃহৎ বৰ্ষাৰণ্য জ্বলি ছাৰখাৰ হৈ গৈছে৷ এই “বনজুই”বিলাকৰ অন্তৰালত কিছু বৃহৎ বৃহৎ আন্তৰ্জাতিক পুঁজিপতিৰো হাত আছে বুলি বহু লোকে সকাৰণ যুক্তিতে সন্দেহ কৰে৷

মন কৰিলে দেখা যায়–প্ৰকৃতিৰ নিবিড় সান্নিধ্য বিচাৰি পোৱা বিশ্বৰ কিছুমান বিশেষ বিশেষ ঠাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল৷ শেহতীয়াকৈ, বিশেষকৈ নব্য উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পাছৰে পৰা, সেইবিলাক ঠাইৰো “উন্নয়ন” ঘটাই প্ৰকৃতি ধ্বংস কৰা হৈছে৷ এইবিলাক কৰা হৈছে পৰ্যটন উদ্যোগক বিকশাই তোলাৰ স্বাৰ্থত৷ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত শিল্পায়ন, নগৰীকৰণ, বাণিজ্যিক উৎকৰ্ষৰ বাবে নিয়মিতভাৱে বন ধ্বংস হ’ব লাগিছে৷

ইয়াৰ লগে লগে সমাজত “ধৰ্ম ৰক্ষা”ৰ সামাজিক কচৰতেও এক বিষময় পৰিৱেশ সৃষ্টি কৰিছে৷ প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ দুয়োটাই যদি বিষময় হৈ পৰে, তেন্তে আমি ক’লৈ পলাই যাম? ক’ত লুকাম? কিমান দিন শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বন্দী হৈ থাকিম? এ চিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰেও প্ৰাকৃতিক পৃথিৱীখনক ক্ৰমাৎ অধিক উষ্ণ কৰি তুলিছে৷ গতিকে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰলৈ আহিলেও আপোনাৰ থিয় হ’বলৈ এডোখৰ ঠাইৰ অভাৱ হ’ব৷ জলৰ অভাৱে জীৱকুলৰ মৃত্যু অনিবাৰ্য কৰি তুলিব৷ এই পৃথিৱী এৰি আন ঠাইলৈ যোৱাৰো উপায় নাই, অন্ততঃ এই পৰ্যন্ত মহাকাশত বাসোপযোগী ঠাইৰ সন্ধান পোৱা নাই৷ তেনে বাসস্থান কৃত্ৰিমভাৱে নিৰ্মাণ কৰিব পৰা প্ৰযুক্তিও উদ্ভাৱিত হোৱা নাই৷ তেনেস্থলত এইখন পৃথিৱীকে আমি জীৱৰ বাসোপযোগী কৰি ৰাখিব লাগিব৷

সময় থাকোতেই আমি বুজা দৰকাৰ যে টকা-পয়ছা, মাটি সম্পত্তি খাই মানুহে জীৱন ধাৰণ কৰিব নোৱাৰে৷ জীয়াই থাকিবলৈ নিৰ্মল অম্লজান গেছ লাগিব আৰু লাগিব আৱশ্যকীয় পৰিমাণৰ অপ্ৰদূষিত পানী৷ সমাজত সুস্থভাৱে উশাহ-নিশাহ ল’বলৈ প্ৰেম, শান্তি, বিশ্বাস আৰু আস্থাৰ পৰিৱেশ বিৰাজ কৰিব লাগিব৷ উত্তৰ পুৰুষৰ বাবে এখন বিষময় পৃথিৱী, এখন বিষময় সমাজ এৰি নোযোৱাৰ প্ৰতি দায়িত্বশীল হোৱাৰ দায়িত্ববোধকণ অন্ততঃ আমি আৰ্জন কৰা উচিত৷ জোৰ পুৰি হাত পালেহি৷ উদ্যোগ লোৱাৰহে কথা, পলম কৰাৰ সকাম নাই৷

লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd