• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিব্যাংগৰ ওপৰত জঁপিয়াই পৰিল অসম আৰক্ষী : পেঞ্চন বিচাৰি প্ৰতিবাদ শতাধিক প্ৰতিবন্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2023 6:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ মে‘ৰ ভিতৰত ৫১৩ টা পদৰ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি সম্পন্ন কৰা, দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত মঙলবাৰে দিনত প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠনটোৱে মহানগৰীৰ খানাপাৰাৰ অসম লোকসেৱা আয়োগৰ প্ৰবেশদ্বাৰৰ সম্মুখৰ চাৰিআলিৰ মূলপথত অৱস্থান কৰি চৰকাৰ বিৰোধী শ্ল’গান দিয়ে৷ দিনৰ প্ৰায় ১২-৩০ বজাত আৰম্ভ কৰা শান্তিপূৰ্ণ সমদলক বাধা প্ৰদান কৰে আৰক্ষীয়ে৷ ফলত আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় প্ৰতিবাদকাৰী সকল৷

লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, হয় আমাক নিযুক্তি দিয়ক নহয় আমাক গুলীয়াই মাৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম আৰক্ষীৰ গুন্দাগিৰি নচলিব, প্ৰতিবন্ধীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অৰুণোদয়ৰ লগত দিব্যাংগ পেঞ্চন একাকাৰ কৰা নচলিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

লগতে পঢ়কঃ এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ শৰদ পাৱাৰৰ

প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় আমি দিব্যাংগ পেঞ্চনৰ ধনৰাশি অৰুণোদয় আঁচনিৰ লগত একাকাৰ কৰাত আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছোঁ৷ আনকি ১ মাৰ্চত বিশেষ কাৰ্যসূচীৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো কোনোধৰণৰ ফলপ্ৰসু আলোচনা নকৰাকৈ কিছুসংখ্যক প্রতিবন্ধী ব্যক্তি অৰুণোদয় আচঁনিত অন্তর্ভুক্ত কৰিলে। ফলত দিব্যাংগ পেঞ্চন পাই থকা বহু যোগ্য ব্যক্তি পেঞ্চনৰ ধনৰাশিৰ পৰা বঞ্চিত হ‘ব লগা হ’ল। যিটো আমি কোনো কাৰনতে মানি নলওঁ৷

উল্লেখ্য যে প্রতিবন্ধী আইন ২০১৬ ৰ ২৪ নং দফা অনুসৰি ৰাজ্যখনত চলি থকা চৰকাৰী আঁচনিত সৰ্বাধিক আদায় দিয়া ধনৰাশিৰ লগত প্রতিবন্ধীসকলক ২৫ শতাংশ ধন অতিৰিক্তভাৱে আদায় দিব লাগে। যদি সেয়া হয় অৰুণোদয়ৰ ১২৫০ টকাৰ ঠাইত এজন ব্যক্তিয়ে ১৫৬৩ টকাকৈ পাব লাগে। তাকে নকৰি কিছু সংখ্যক প্রতিবন্ধী ব্যক্তিক কেৱল ১২৫০ টকা আদায় দি আইনখন ভৰিৰে মোহাৰি দিয়াৰ লগতে ৰাজ্যখনৰ প্ৰতিবন্ধী ব্যক্তিসকলক বঞ্চিত কৰাৰ চেষ্টা চলিছে।

লগতে পঢ়কঃ উজনিত সক্ৰিয় আলফা(স্বা) : চাহ, কয়লা, কাঠ বয়সায়ীৰ পৰা দাবী বৃহৎ পৰিমাণৰ ধন

মালাকাৰে লগতে কয় ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ চৰকাৰে দিয়া তথ্য অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ২৩টা বিভাগত বেকলগ হৈ থকা মুঠ ৪৪১৯টা খালী পদৰ ৮৬৩টা পদ বাদ দি বাকীসমূহ পদত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পদসমূহ পুৰণৰ ব্যৱস্থা কৰক৷ ইফালে স্বাস্থ্য বিভাগে শেহতীয়াকৈ ঘোষণা কৰা ফলাফলৰ তালিকাত কিমান জন প্ৰতিবন্ধী ব্যক্তি উত্তীৰ্ণ হৈছে সেয়া ৰাজহুৱা কৰাৰ লগতে ২৬হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত কিমান জন আৰু কোন কোন ব্যক্তি তালিকাভুক্ত হব সেয়া ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ বাবে বিজেপি চৰকাৰক দাবী জনায়৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ জৰিয়তে ৮দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত মধ্য অসম প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ সভাপতি টংকেশ্বৰ বৰা, অল বিটিএডি প্ৰতিবন্ধী সংস্থা অসমৰ সম্পাদক শান্তিৰাম ডেকা, দৃষ্টিহীন পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি নিপুল কলিতাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে।

যদি চৰকাৰে শীঘ্ৰে প্ৰতিবন্ধীৰ সমস্যা সমাধান নকৰে তেন্তে অনাগত দিনত ভয়াবহ আন্দোলন গঢ়ি তোলা হব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷

লগতে পঢ়কঃ বিত্তীয় মহাসংকটত আমেৰিকা : দুমাহৰ ভিতৰত বন্ধ হ’ল ৩ টাকৈ বেংক

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd