• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা; নিৰ্বাচনত কি ইছ্যু চলিল, কি নচলিল…

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 13, 2023 2:44 pm
10.4k
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২৪খন আসনৰ আটাইকেইখন আসনৰ ভোটগণনা চলি আছে আৰু মল্লিকাৰ্জুন খৰ্গে নেতৃত্বাধীন কংগ্ৰেছ দলে ফলাফলৰ ধাৰাত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। কংগ্ৰেছৰ উত্থানৰ আঁৰত কোনবোৰ ইছ্যুৱে ফল দিলে আৰু কোনবোৰ ইছ্যু বিফল হ’ল সেই লৈ চৰ্চা আৰম্ভ হৈছে। গতিকে কৰ্ণাটকত কি চলিল আৰু কি নচলিল চাওঁ আহক।

উল্লেখ্য যে ১০ মে’ত কৰ্ণাটকত ২২৪খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল আৰু ৭৩.১৯ শতাংশ ভোটাৰে ভোটদান কৰিছিল।

কৰ্ণাটকত কি ইছ্যু চলিল?

দুৰ্নীতিৰ ইছ্যুঃ কৰ্ণাটকৰ দুৰ্নীতিৰ বিষয়টো কংগ্ৰেছে উত্থাপন কৰিছিল আৰু আৰম্ভণিৰে পৰাই দলটোৱে দুৰ্নীতিৰ বিষয়টোক লৈ বিজেপি চৰকাৰক অবিৰতভাৱে আক্ৰমণ কৰি আহিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰি ধাৰাবাহিকভাৱে লক্ষ্য কৰি লৈছিল।

প্ৰধানমন্ত্ৰীৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণঃ  নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ চলাইছিল আৰু ইয়াৰ সুফল কংগ্ৰেছ দলে পালে। কংগ্ৰেছে ১১৩খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ নম্বৰ অতিক্ৰম কৰি গৈছে আৰু ১৩০খন আসনত দলৰ প্ৰাৰ্থীয়ে আগবাঢ়ি আছে।

আমুল বনাম নন্দিনীঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছিল আমুল বনাম নন্দিনীৰ বিষয়টোৱে। চলিত বৰ্ষৰ ৫ এপ্ৰিলত গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে কৰ্ণাটকত আমুলৰ সামগ্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ পিছতে ৰাজ্যত এই বিষয়টো আৰম্ভ হয় আৰু কৰ্ণাটকৰ বহু নেতা আৰু জনসাধাৰণে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

৪০ শতাংশ কমিছনৰ বিষয়ঃ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছে ৪০ শতাংশ কমিছনৰ চৰকাৰ বুলি আটাইতকৈ ডাঙৰ শ্লোগান দিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত পোষ্টাৰ আৰু ৰেলীত এই বিষয়টোৰ বহু কথাই উল্লেখ কৰা হৈছিল। বেলগাৱীৰ এজন ঠিকাদাৰে বিজেপিৰ এজন মন্ত্ৰীয়ে ৪০ শতাংশ কমিচন দাবী   কৰাৰ অভিযোগ উত্থাপন কৰি আত্মহত্যা কৰিছিল। ইয়াৰ পিছত বহু ঠিকাদাৰ আগবাঢ়ি আহিছিল আৰু ঠিকাদাৰ সন্থাই ৰাজ্য চৰকাৰক তীব্ৰ  আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

কৰ্ণাটকৰ নিৰ্বাচনত কি নচলিল?

বজৰংবলী ইছ্যুঃ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে বজৰংবলীৰ বিষয়টো উত্থাপন কৰিছিল আৰু ইয়াৰ জৰিয়তে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছিল। দৰাচলতে কংগ্ৰেছে ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ কথা কৈছিল। তাৰ পিছত বিজেপিয়ে ইয়াক বজৰংবলীৰ সৈতে জড়িত কৰিছিল।

হিজাব বিতৰ্কঃ কৰ্ণাটক নিৰ্বাচনৰ সময়ত বিজেপিয়ে উত্থাপন কৰিছিল হিজাব বিতৰ্ক। উল্লেখ্য যে ২০২১ চনৰ ৩১ ডিচেম্বৰত উডুপিৰ চৰকাৰী মহাবিদ্যালয়ত হিজাব পিন্ধা ৬ গৰাকী ছাত্ৰীক শ্ৰেণীলৈ অহাত বাধা দিয়াৰ পিছত প্ৰতিবাদ আৰম্ভ হৈছিল। অৱশেষত উচ্চ ন্যায়ালয়ে হিজাব গোচৰৰ ৰায় দি কয় যে ধৰ্মীয় দৃষ্টিকোণৰ পৰা হিজাব বাধ্যতামূলক নহয়।

টিপু চুলতানৰ ইছ্যুঃ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত টিপু চুলতানৰ ইছ্যুটোৱেও ব্যাপকতা লাভ কৰিছিল যদিও ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ সুবিধা নাপালে।

Recent News

ৰাজ্যত বতৰে ল’ব কালৰূপ! ৰাজ্যৰ ৭খনকৈ জিলাত জাৰি হ’ব পাৰে সতৰ্কবাণী

ৰাজ্যত বতৰে ল’ব কালৰূপ! ৰাজ্যৰ ৭খনকৈ জিলাত জাৰি হ’ব পাৰে সতৰ্কবাণী

আন্তঃৰাজ্যিক সীমান্তৰ সমীপত বসবাস কৰা লোকৰ বাবে নহয় অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিঃ স্পষ্টিকৰণ দিলে হিমন্ত বিশ্ব শৰ্মাই

আন্তঃৰাজ্যিক সীমান্তৰ সমীপত বসবাস কৰা লোকৰ বাবে নহয় অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিঃ স্পষ্টিকৰণ দিলে হিমন্ত বিশ্ব শৰ্মাই

অহা পাঁচ বছৰত বিশ্বৰ উষ্ণতাই অভিলেখ সৃষ্টি কৰিবঃ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সকিয়নী

অহা পাঁচ বছৰত বিশ্বৰ উষ্ণতাই অভিলেখ সৃষ্টি কৰিবঃ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সকিয়নী

মণিপুৰত অশান্তিৰ মাজতে চৰকাৰ গঠনৰ দাবী এনডিএৰ বিধায়কসকলৰ

মণিপুৰত অশান্তিৰ মাজতে চৰকাৰ গঠনৰ দাবী এনডিএৰ বিধায়কসকলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd