কৰ্ণাটকত কংগ্ৰেছৰ বিশাল জয়। সমগ্ৰ দেশকে ঘূৰি থিয় হ’বলৈ আহ্বান জনাইছে কংগ্ৰেছ শিবিৰে। বিজেপিৰ কংগ্ৰেছমুক্ত ভাৰত অভিযানৰ পথত প্ৰচণ্ড আঘাত হানিলে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে।
কংগ্ৰেছৰ বিপুল বিজয়ৰ সময়তে মুখ খুলিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। তেওঁ কয় যে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ আহ্বান জনাইছিল বিজেপিয়ে। এতিয়া দক্ষিণ ভাৰতৰ পৰা নিচিহ্ন হৈ গৈ আছে বিজেপি।
বাঘেলে সাংবাদিকৰ আগত কয়, প্ৰথমে আমি হিমাচল প্ৰদেশ আৰু তাৰ পিছত কৰ্ণাটক জিকিলোঁ। তেওঁলোকে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কয়। আৰু এতিয়া দক্ষিণ ভাৰত বিজেপি মুক্ত। তেওঁ কয় যে এয়া প্ৰধানমন্ত্ৰীৰ পৰাজয়।
লগতে পঢ়ক: কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা; নিৰ্বাচনত কি ইছ্যু চলিল, কি নচলিল…
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, ফলাফল আমাৰ আশা অনুযায়ী হৈছে। প্ৰধানমন্ত্ৰীয়ে নিজেই সন্মুখত থিয় হৈ ভোট বিচাৰিছিল। সেয়েহে এইটো প্ৰধানমন্ত্ৰী মোডীৰ পৰাজয়।
তেওঁ কয়, বজৰংগবলী কাৰ লগত আছে আপোনালোকে চাবই পাৰে। দুৰ্নীতিৰ মূৰত পৰিছে বজৰংগবলীৰ গদা। ইফালে ইয়াৰ পূৰ্বে ইস্তাহাৰত কংগ্ৰেছে ক্ষমতালৈ আহিলে বজৰং দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল। আৰু তেতিয়াই বিজেপিয়ে বজৰংগবলীৰ নামত প্ৰচাৰ চলাইছিল।
মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কংগ্ৰেছৰ বিজয়ক ব্যাপক প্ৰশংসা কৰে। কংগ্ৰেছে যে জয়ী হ’ব সেয়া নিশ্চিত আছিল বুলিও তেওঁ কয়। অৱশ্যে এইবাৰ বিজেপিয়ে মিত্ৰ দলবোৰৰ সৈতে লেনদেন আৰম্ভ কৰিব।
লগতে পঢ়ক:Karnataka Election result 2023: কৰ্ণাটকত ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ
কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়েও বিজেপিক আক্ৰমণ কৰে।অধীৰ চৌধুৰীয়ে কয় যে ৰাহুল গান্ধীয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল। সেইবাবেই তেওঁৰ সদস্যপদ বাতিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু এতিয়া এই দুৰ্নীতিৰ বাবে মানুহে বিজেপিক দলিয়াই পেলালে।