• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰপতিক এলাগী প্ৰধানমন্ত্ৰীৰ, নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠান বৰ্জনৰ হুংকাৰ বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2023 2:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জাতীয় কংগ্ৰেছ, ডিএমকে, আম আদমি পাৰ্টি, শিৱসেনা (উদ্ধৱ থাকৰে গোট) সমাজবাদী পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা, কেৰালা কংগ্ৰেছ (মাণি), ভিচিকে, তৃণমূল কংগ্ৰেছ, জনতা দল (ইউনাইটেড), ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ৰাষ্ট্ৰীয় জনতা দল, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, নেচনেল কনফাৰেন্স, ৰিভলুচেনাৰী চ’ছিয়েলিষ্ট পাৰ্টি, এমডিএমকেসহ দেশৰ ১৯ টাকৈ বিৰোধী ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।

দেশৰ এই ১৯ টাকৈ বিৰোধী দলসমূহে এক বিবৃতি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৈৰতান্ত্ৰিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক একাষৰীয়া কৰি নতুন সাংসদ ভৱন উদ্বোধন কৰি আকৌ আত্মশ্লাঘাৰ পৰিচয় দিব খুজিছে।

বিৰোধী দলসমূহৰ মতে এয়া কেৱল প্ৰধানমন্ত্ৰী মোদীৰ আত্মশ্লাঘাই নহয় এই কাৰ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক গুৰুতভাৱে অপমান কৰাৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ ওপৰতো প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে।

Apply Now

“ভাৰতৰ সংবিধানত ৭৯ নং অনুচ্ছেদত কোৱা হৈছে যে ‘সংঘৰ বাবে এখন সংসদ থাকিব যিখন ৰাষ্ট্ৰপতি আৰু দুটা সদনৰে গঠিত হ’ব যাক ক্ৰমে ৰাষ্ট্ৰ পৰিষদ আৰু জনসাধাৰণৰ সদন বুলি জনা যাব।’ ৰাষ্ট্ৰপতি কেৱল ভাৰতৰ ৰাষ্ট্ৰপতি নহয়, সংসদৰ অবিচ্ছেদ্য অংগও। তেওঁৱে সংসদৰ অধিবেশন আহ্বান, স্থগিত আৰু সম্বোধন কৰে। সংসদৰ এখন আইন কাৰ্যকৰী হ’বলৈ তেওঁৰ স্বাক্ষৰৰ প্ৰয়োজন হয়। মুঠতে ৰাষ্ট্ৰপতিৰ অবিহনে সংসদ চলিব নোৱাৰে। তথাপিও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ অবিহনে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সিদ্ধান্ত লৈছে। এনে অসন্মানীয় কাৰ্যই ৰাষ্ট্ৰপতিৰ উচ্চ পদবীক অপমান কৰিছে, আৰু সংবিধানৰ আক্ষৰিক আত্মা তথা সাৰমৰ্মকো উলংঘা কৰিছে। আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰা বুলি সমগ্ৰ দেশে কৰা গৌৰৱক প্ৰধানমন্ত্ৰীৰ এনে কাৰ্যই চূড়ান্তভাৱে ভেঙুচালি কৰাৰ লগতে অপমানো কৰিছে।” বিৰোধী শিবিৰৰ বিবৃতিটোত এইদৰে কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে একমাত্ৰ অগণতান্ত্ৰিক তথা স্বৈৰাচাৰী কাৰ্য কৰা নাই, প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বেও অনেক অগণতান্ত্ৰিক কাৰ্য সংঘটিত কৰি নিজৰ স্বৈৰাচাৰী মনোভাৱ প্ৰদৰ্শন কৰি আহিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰসংগৰেৰে বিবৃতিটোত কোৱা হৈছে ভাৰতৰ জনসাধাৰণৰ সমস্যা উত্থাপন কৰা বিৰোধী সাংসদৰ মুখ বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী চৰকাৰে সাংসদক অযোগ্য ঘোষণা কৰি সংসদৰ পৰাই নিলম্বন কৰি নজিৰ স্থাপন কৰিছে।

সংসদৰ ট্ৰেজাৰী বেঞ্চৰ পৰা সাংসদক বিচ্ছিন্ন কৰা, তিনি বিতৰ্কিত কৃষি আইন প্ৰণয়ন আৰু বাতিলকৰণকে ধৰি বহু বিতৰ্কিত আইন প্ৰণয়ন কৰিছে যিবোৰ সংসদত প্ৰয়োজনীয় বিতৰ্কৰ আয়োজন নকৰাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত গৃহীত কৰিছে। মোদী চৰকাৰে এই কাৰ্যৰে দ্বাৰা সংসদীয় সমিতিসমূহক কাৰ্যতঃ বন্ধ কৰি পেলাইছে।

বিবৃতিটোত লগতে অভিযোগ কৰি কোৱা হৈছে যে ভাৰতৰ জনসাধাৰণ বা সাংসদসকলৰ কোনো ধৰণৰ পৰামৰ্শ নোহোৱাকৈ শতিকাৰ বৃহত্তম মহামাৰীয়ে দেশৰ অৰ্থনীতিক কোঙা কৰাৰ সময়ত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি একনায়কৰ দৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদ ভৱনটো নিৰ্মাণ কৰিছে।

“যেতিয়া সংসদৰ পৰা গণতন্ত্ৰৰ আত্মা চুহি উলিয়াই দিয়া হৈছে, তেতিয়া আমি নতুন অট্টালিকাৰ কোনো মূল্য বিচাৰি নাপাওঁ। নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সামূহিক সিদ্ধান্ত আমি ঘোষণা কৰিছো। আমি এই স্বৈৰাচাৰী প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে যুঁজি যাম আৰু আমাৰ বাৰ্তা পোনপটীয়াকৈ ভাৰতৰ জনসাধাৰণৰ মাজলৈ লৈ যাম।” বিবৃতিটোত এইদৰে উল্লেখ কৰিছে বিৰোধী দলসমূহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd