এক বা দুই নহয়, একেৰাহে সাত বটল মদ পানেই কাল হ’ল এক ব্যক্তিৰ। ছ’চিয়েল মিডিয়াত মদ্যপানৰ লাইভ ষ্ট্ৰীম কৰাৰ ১২ ঘণ্টাৰ পিছতে মৃত্যু হয় এগৰাকী ইনফ্লুয়েন্সাৰৰ।
ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ৩৪ বছৰীয়া ছানকিয়াংগে (Sanqiange) কেমেৰাৰ সন্মুখত মদ্যপান কৰি চমক দিবলৈ চেষ্টা কৰিছিল। কিন্তু নিজৰ বাহাদুৰী দেখুৱাবলৈ গৈয়েই কৰুণ পৰিণতি ঘটিল তেওঁৰ।
১৬ মে’ৰ দিনৰ প্ৰায় ১ বজাৰ পৰা চীনৰ স্থানীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লাইভ আৰম্ভ কৰিছিল। তেওঁ জনাইছিল যে তেওঁ চাইনিজ ভদকাৰ এটাৰ পিছত আন এটা বটল শেষ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰা ভদকাত ৩০ৰ পৰা ৬০ শতাংশৰ ভিতৰত এলক’হল থকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: ১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ! লেট ফাইন ১ লাখ ১৭ হাজাৰ টকা, কিন্তু…
ইনফ্লুয়েন্সাৰ গৰাকীয়ে লাইভত এটা এটাকৈ বটল শেষ কৰিবলৈ ধৰিলে। দৰ্শকৰ পৰা বিভিন্ন উপহাৰ পোৱাৰ আশাত তেওঁ নিজৰ লক্ষ্য ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ চেষ্টা কৰি থাকিল। কিন্তু সেই লক্ষ্য অভিশাপ হৈ পৰিল।
মৃতকৰ এজন বন্ধুৱে কয় যে তেওঁ প্ৰায় চাৰিটা বটল লাইভত শেষ কৰা দেখিছিল। কিন্তু সেই দীঘলীয়া লাইভত ছানকিয়াংগে কমেও সাত বটল মদ খাইছিল। আৰু লাইভ শেষ হোৱাৰ ১২ ঘণ্টাৰ পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
ইনফ্লুয়েন্সাৰ গৰাকীৰ পৰিয়ালে কয় যে তেওঁলোকে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সুযোগো নাপালে। তাৰ আগতে সকলো শেষ হৈ গৈছিল। অত্যধিক মদ্যপানৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিছে।
লগতে পঢ়ক: চাণক্য নীতি: এই চাৰিটা দোষ আপোনাৰ নাথাকিলে আপুনি সৌভাগ্যবান, থাকিলে মাতি আনিব ধ্বংস
বাতৰি অনুসৰি, এই চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ ষ্ট্ৰীমিংৰ সময়ত মদ্যপানৰ অনুমতি দিয়া নহয়। তেনে ক্ষেত্ৰত জৰিমনা বিহা হয়। এই ইনফ্লুয়েন্সাৰক পূৰ্বেও লাইভত মদ্যপানৰ বাবে নিষিদ্ধ কৰা হৈছিল। কিন্তু নতুন একাউণ্ট খুলি আকৌ তেওঁ একে কামেই কৰিলে। এইবাৰ তেওঁৰ মৃত্যুৰ পিছত পুনৰ কঠোৰ হৈ পৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্মটো।