• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 28, 2023 2:08 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই প্ৰতিবাদত উত্তাল হৈ পৰিল দিল্লীৰ যন্তৰ মন্তৰ। প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে জানিবলৈ দিছিল যে আজিৰ দিনটোত যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনলৈ শোভাযাত্ৰা উলিওৱা হ’ব।

ভিনেশ ফ’গাটে জনাইছিল যে নতুন সংসদ ভৱনৰ সন্মুখত ‘মহিলা সন্মান মহাপঞ্চায়ত’ স্থাপন কৰা হ’ব। সেইমতে সংসদ ভৱনৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদী মল্লযুঁজাৰুৰ মাজত সংঘাত সৃষ্টি হয়।

লগতে পঢ়ক: গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

Apply Now

বজৰং পুনিয়া আৰু সাক্ষী মালিকক আটক কৰে আৰক্ষীয়ে। নতুন সংসদ ভৱন উদ্বোধনৰ দিনা বিভিন্ন ৰাজ্যৰ খাপ পঞ্চায়ত, কৃষক আৰু মল্লযুঁজাৰুসকলে প্ৰতিবাদৰ আহ্বান জনাইছিল।

তেওঁলোকে শান্তিপূৰ্ণ শোভাযাত্ৰাৰ দাবী কৰিছিল যদিও আৰক্ষীয়ে শোভাযাত্ৰা আৰম্ভ হোৱাৰ সময়তে বাধা দিয়ে। তাৰ পিছতে সংঘাতৰ সূচনা হয়। বেৰিকেড ভাঙি দিয়া হয়।

 উল্লেখ্য যে  অলিম্পিককে ধৰি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে এসময়ত দেশৰ সন্মান বিশ্বত উজ্জ্বলাই তোলা ভাৰতৰ তাৰকা মল্লযুঁজাৰুসকল আজি দেশৰ ভিতৰতে নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ তথা ন্যায় লাভৰ যুঁজত নামি সন্মুখীন হ’বলগীয়া হৈছে এক অভাৱনীয় পৰিস্থিতিৰ।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ সিঙৰ লগতে কেইবাগৰাকীও প্ৰশিক্ষকৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলাই অহা তাৰকা মল্লযুঁজাৰুসকলে আজি নতুন সংসদ ভৱন অভিমুখে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও কেইবাগৰাকীও খেলুৱৈক আটক কৰে আৰক্ষীয়ে।

লগতে পঢ়ক: নীতি আয়োগৰ বৈঠকত অনুপস্থিত ১১ বিৰোধী মুখ্যমন্ত্ৰী! কেন্দ্ৰই ক’লে,’নাহিলে আপোনালোকৰে ক্ষতি’

মল্লযুঁজাৰুসকলে পৰিকল্পনা কৰা ‘মহিলা মহাপঞ্চায়ত’ আৰু নতুন সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদলৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে মধ্য দিল্লীত হাজাৰ হাজাৰ আৰক্ষী জোৱান নিয়োগ কৰা হয়। লগতে দিল্লী মেট্ৰ’ৰ কেন্দ্ৰীয় সচিবালয় আৰু উদ্যোগ ভৱন ষ্টেচনৰ সকলো প্ৰৱেশ আৰু প্ৰস্থান গেট বন্ধ কৰি দিয়ে প্ৰশাসনে।

প্ৰতিবাদৰ অনুমতি অস্বীকাৰ কৰাৰ পিছতো মল্লযুঁজাৰুসকলে নতুন ভৱনৰ সমীপতে “মহিলা মহাপঞ্চায়ত” অনুষ্ঠিত কৰিবলৈ বদ্ধপৰিকৰ হয়। এই লক্ষ্যৰে নতুন সংসদ ভৱনৰ দিশে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকল আগবাঢ়ি যায় যদিও যন্তৰ মন্তৰত আবদ্ধ কৰি ৰখা হয় মল্লযুঁজাৰুসকলক।

অলিম্পিক পদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু ভিনেশ ফ’গাটকো সংসদ ভৱনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে আটক কৰে। ৰাজপথলৈ ওলাই অহাটো মল্লযুঁজাৰুসকলৰ অধিকাৰ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদক শান্তিপূৰ্ণ পদযাত্ৰা বুলি অভিহিত কৰিছে।

“আজি নিশ্চয় মহাপঞ্চায়ত অনুষ্ঠিত হ’ব। আমি আমাৰ আত্মসন্মানৰ বাবে যুঁজিছো। আজি তেওঁলোকে নতুন সংসদ ভৱন উদ্বোধন কৰিছে, কিন্তু দেশত গণতন্ত্ৰক হত্যা কৰিছে। আৰক্ষীয়ে আটক কৰি ৰখা আমাৰ সতীৰ্থসকলক মুকলি কৰি দিবলৈ আমি প্ৰশাসনক আহ্বান জনাইছো।”– বজৰং পুনিয়াই কয়।

ইফালে মল্লযুঁজাৰুসকলৰ এই যুঁজৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কৃষক সংগঠনসমূহেও। কৃষক নেতা ৰাকেশ টিকইটে দিল্লীৰ গাজীপুৰ সীমান্তত হাজাৰ হাজাৰ কৃষক সমবেত হৈ মল্লযুঁজাৰুৰ সৈতে সংহতি প্ৰদৰ্শন কৰিব বুলি ঘোষণা কৰিছে। এই কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়ক: নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

আজিৰ দিনটোত ৰাজধানীত যাতে কোনো ধৰণৰ প্ৰতিবাদ নহয় সেয়া নিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তাৰক্ষী বেষ্টনি গঢ়ি তোলা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd