• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উৰিষ্যাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা: প্ৰায় ২৩০ গৰাকী যাত্ৰী নিহত, আহত ৯০০ ৰো অধিক যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2023 7:02 am
Odisha trains accident
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাৰ বালাছ’ৰত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষৰ সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত প্ৰায় ২৩০ গৰাকী লোক নিহত হোৱাৰ লগতে ৯০০ জনৰো অধিক লোক আহত হয়।

মূলত: কোৰোমণ্ডেল এক্সপ্ৰেছ আৰু বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছৰ মাজত এই সংঘৰ্ষ হয় যদিও উৰিষ্যাৰ মুখ্য সচিব প্ৰদীপ জেনাৰ মতে, এই ভয়ংকৰ দুৰ্ঘটনাটোত এখন মালবাহী ট্ৰেইনৰ সৈতেও সংঘৰ্ষ হয়।

Apply Now

বিভাগীয় বিষয়াসকলৰ মতে, বাহানাগা ৰেল ষ্টেচনৰ সমীপত বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছৰ কেইবাটাও ডবা বালেশ্বৰৰ ওচৰত লাইনচ্যুত হয় আৰু এনে সময়তে কলকাতাৰ পৰা চেন্নাই অভিমুখী কোৰোমণ্ডেল এক্সপ্ৰেছে এই লাইনচ্যুত ডবাবোৰত খুন্দা মাৰে।

ইফালে কোৰোমণ্ডেল এক্সপ্ৰেছৰ বাগৰি পৰা ডবাই একেমুহূতৰ্তে এখন মালবাহী ট্ৰেইনতো খুন্দা মাৰে। এই দুৰ্ঘটনাৰ পিছতে লগে লগে ঘটনাস্থলীলৈ দুৰ্ঘটনা সাহায্য ৰেল প্ৰেৰণ কৰা হয়। আহতসকলক উদ্ধাৰৰ বাবে উৰিষ্যা দুৰ্যোগ ৰেপিড একচন ফ’ৰ্চৰ চাৰিটা ইউনিট, এনডিআৰএফৰ তিনিটা ইউনিট আৰু ৬০ খন এম্বুলেন্সো ঘটনাস্থলীত উপস্থিত হয়।

আনহাতে স্থানীয় একাংশ লোকেও ঘটনাস্থলীত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দলসমূহক সহায় আগবঢ়ায়। স্থানীয় লোকসকলে দুৰ্ঘটনাৰ ফলত শতাধিক লোকৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

দুৰ্ঘটনাৰ পিছতে বংগৰ মন্ত্ৰী মানস ভুনাৰ নেতৃত্বত এটা দল বালাছ’ৰলৈ প্ৰেৰণ কৰে বংগ চৰকাৰে। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগ চৰকাৰে দুৰ্ঘটনাৰ পিছতে উৰিষ্যা চৰকাৰ আৰু দক্ষিণ-পূব ৰে’লৱেৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোত দুখ প্ৰকাশ কৰি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ঘটনা সন্দৰ্ভত পৰিস্থিতিৰ বুজ লয় বুলি এক টুইট যোগে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। ইফালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে আন এক টুইট যোগে নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য আৰু আহতসকললৈ ৫০,০০০ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

 

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased in the train mishap in Odisha. The injured would be given Rs. 50,000: PM @narendramodi

— PMO India (@PMOIndia) June 2, 2023

সমান্তৰালভাৱে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও ভুক্তভোগী সকলক এক্স গ্ৰেচিয়া ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক ১০ লাখ টকাৰ এক্স গ্ৰেচিয়া দিয়া হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকলক ২ লাখ টকা আৰু কিছু সামান্য আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকা দিয়া হ’ব বুলি সদৰী কৰিছে।

 

Ex-gratia compensation to the victims of this unfortunate train accident in Odisha;
₹10 Lakh in case of death,
₹2 Lakh towards grievous and ₹50,000 for minor injuries.

— Ashwini Vaishnaw (@AshwiniVaishnaw) June 2, 2023

উৰিষ্যা চৰকাৰে এই ঘটনাত আহত সকলক উদ্ধাৰৰ বাবে হেল্পলাইন নম্বৰ ০৬৭৮২-২৬২২৮৬ জাৰি কৰিছে।
আনহাতে ৰেলৱেই জাৰিনকৰা হেল্পলাইন নম্বৰ কেইটা হৈছে ০৩৩-২৬৩৮২২১৭ (হাওৰা), ৮৯৭২০৭৩৯২৫ (খৰগপুৰ), ৮২৪৯৫৯১৫৫৯ (বালাসৌৰ) আৰু ০৪৪- ২৫৩৩০৯৫২ (চেন্নাই)।

ইফালে এই ঘটনাৰ পাছতেই দক্ষিণ ৰেলৱে চেন্নাইত ২৪ ঘণ্টাই হেল্পলাইন আৰু কণ্ট্ৰল অফিচ স্থাপন কৰিছে। এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, আহত আৰু নিহত সকলৰ আত্মীয়ই হেল্পলাইন নম্বৰ ০৪৪-২৫৩৩০৯৫২, ০৪৪-২৫৩৩০৯৫৩, আৰু ০৪৪-২৫৩৫৪৭৭১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd