• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2023 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে (০৮ জুন) গুৱাহাটী মহানগৰীৰ ৰাজধানী মছজিদ অঞ্চলত সংঘটিত হোৱা একাদশ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ কাঢ়ি নিয়া পথ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ ‘ফাদিল’ (লিক)কৰাৰ অভিযোগত কমেও তিনিগৰাকী অসম চৰকাৰৰ বিষয়াক নিলম্বন কৰা হৈছে।

নিলম্বিত তিনিগৰাকী বিষয়াৰ ভিতৰত এগৰাকী অসম বিধানসভাৰ মাৰ্শ্বাল।

অনুমতি অবিহনে চিচিটিভিৰ ফুটেজ সংবাদ মাধ্যমৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে নিলম্বন কৰা হৈছে তিনিওগৰাকী বিষয়াক।

Apply Now

নিলম্বিত অসম বিধানসভাৰ মাৰ্শ্বালগৰাকীৰ নাম সঞ্জীৱ ৰায়।

লগতে পঢ়ক: গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

দুৰ্ঘটনাৰ পিছতে কামৰূপ-মেট্ৰ’ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ৰাস্তা খন্দাত নিয়োজিত সকলো সংস্থাৰ উপস্থিতিত সুৰক্ষাৰ সতৰ্কতা আৰু ব্যৱস্থাসমূহ পুনৰীক্ষণৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

কামৰূপ-মেট্ৰ’ জিলা প্ৰশাসনে জনায়, ‘কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু ভুল কৰা সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে চিচিটিভিৰ ফুটেজ ব্যাপকভাৱে প্ৰচাৰিত হোৱাৰ লগে লগে এই মৰ্মান্তিক দুৰ্ঘটনাৰ আঁৰত প্ৰকৃততে কাৰ দোষ আছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

দুৰ্ঘটনাটোৰ বাবে স্কুল বাছখনৰ চালকজন দায়ী আছিল নেকি? দেখাত তেনেকুৱা যেন লগা নাই৷

এই শোকাৱহ ঘটনাৰ বাবে দোষী নেকি চৰকাৰ? হয়তো হয়।

নির্মাণ কার্যত নিয়োজিত কর্তৃপক্ষ আৰু সংস্থাই পথৰ গাঁতবোৰ সময়মতে ভৰাই মাৰি পেলোৱা নাই৷

লগতে পঢ়ক: ৰেগিঙৰ বিৰোধিতা কৰাৰ বাবে গুৱাহাটীৰ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ দলে প্ৰহাৰ কৰিলে ছাত্ৰৰ পিতৃক!

তদুপৰি, এতিয়া চৰকাৰে মেনহ’ল পূৰণৰ কাম কৰাৰ পৰিৱৰ্তে চিচিটিভিৰ ফুটেজ ‘ফাদিল’ কৰাসকলৰ বিৰুদ্ধে কাম কৰিবলৈ চেষ্টা কৰাৰহে অভিযোগ উঠিছে।

উল্লেখ্য যে আজি পুৱাৰ ভাগত এক শোকাৱহ দুৰ্ঘটনাত মহানগৰী গুৱাহাটীৰ ৰাজধানী মছজিদ অঞ্চলত এখন স্কুল বাছে মহতিয়াই নিয়াৰ ফলত একাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল।

নিহত ছাত্ৰীগৰাকীক গুৱাহাটীৰ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী বুলি চিনাক্ত কৰা হৈছে।

তেওঁৰ ওপৰেৰে যোৱা স্কুল বাছখন ৰয়েল গ্ল’বেল স্কুলৰ আছিল।

ভগ্নীৰ সৈতে স্কুটিৰে গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ স্কুললৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় সকলোৱেই ছোৱালীজনীৰ প্ৰাণ কাঢ়ি লোৱা দুৰ্ঘটনাটোৰ বাবে স্কুল বাছ চালকজনক দোষাৰোপ কৰিবলৈ তৎপৰ হৈ পৰে।

লগতে পঢ়ক: বৰ্ণিহাটৰ জলপ্ৰপাতত ডুবি মৃত্যু অসমৰ যুৱকৰ

বহুতে দাবী কৰা মতে, AS-01-PC-7411 নম্বৰৰ স্কুল বাছখন পিছফালৰ পৰা ওচৰ চাপি আহি স্কুটাৰখনৰ সৈতে খুন্দা মৰাৰ ফলত দুয়োজন স্কুটাৰ আৰোহী পথত বাগৰি পৰে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰিয়া কুমাৰীয়ে প্ৰায় লগে লগে, কোনো ধৰণৰ চিকিৎসা সাহায্য লাভ কৰাৰ আগতেই নিজৰ আঘাতৰ বাবে মৃত্যুবৰণ কৰে।

স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি দুৰ্ঘটনাটোৰ কাৰণ বাছখনৰ “দ্ৰুত গতি” বুলি জানিবলৈ দিয়ে।

অৱশ্যে অঞ্চলটোৰ চিচিটিভিৰ ফুটেজে বেলেগ এখন ছবিহে দাঙি ধৰিছে।

এই ফুটেজত বাছখন দুৰ্ঘটনাৰ বাবে দায়ী বুলি কৰা দাবীক দুৰ্বল কৰি তুলিছে।

চিচিটিভিৰ ফুটেজত আচলতে দেখা গৈছে যে দুৰ্ঘটনাটোত জড়িত স্কুল বাছখন পূৰ্বে দাবী কৰা ধৰণে “দ্ৰুত গতি’ত নাছিল।

দৰাচলতে বাছখন যথেষ্ট সাধাৰণ গতিৰে পাৰ হৈ গৈছিল।

স্কুল বাছখনে লেন সলনি কৰা নাছিল আৰু কাষৰ পৰাও স্কুটাৰখনত খুন্দা মৰা নাছিল।

স্কুল বাছখনৰ পিছফালে থকা স্কুটিখনেই বাওঁফালৰ পৰা অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিল। স্কুটাৰখনে বাছখনক অভাৰটেক কৰিবলৈ চেষ্টা কৰি থাকোঁতে ৰাস্তাৰ সন্মুখত চাৰিওফালে মাটিৰে ঠাহ খাই থকা এটা বিশাল গাঁত হঠাতে স্কুটাৰখনৰ সন্মুখত দেখা গ’ল।

লগতে পঢ়ক: ‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

স্কুটিৰ আৰোহীয়ে গাঁতটোৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিল যদিও সেয়া কৰিব নোৱাৰিলে আৰু এই প্ৰক্ৰিয়াত দুচকীয়া বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পৰি যায়।

ভুক্তভোগী  প্ৰিয়া কুমাৰী বাছখনৰ তললৈ সোমাই আহে আৰু বাছখন ওপৰেৰে যোৱাৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd