• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

সমুখত ফিফা বিশ্বকাপ : নিয়ম ৰক্ষা কৰি মেঘালয়ত আৱিৰ্ভাৱ ঘটিল ৰহস্যময় পতংগৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
May 4, 2018 8:32 pm
World Cup Insect

ৰহস্যময় পতংগবিধ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল অনুৰাগীৰ ৰাজ্য মেঘালয়ত পতংগয়ো ফুটবলৰ সৈতে সম্পৰ্ক ৰাখে! শুনাত অবিশ্বাস্য যেন লাগিলেও এনেকুৱা এটা ৰহস্যময় ঘটনাৰ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে বিশ্বকাপ ফুটবলৰ সময়ত  সাক্ষী হৈ আহিছে মেঘালয়বাসী। চাৰি বছৰৰ মূৰে মূৰে ফিফা বিশ্বকাপৰ সময়ত যেতিয়া মেঘালয় সাজু হয় ফুটবল জ্বৰত আক্ৰান্ত হ’বৰ বাবে, এই পতংগবিধেও তাত নতুন মাত্ৰা যোগ দিয়ে। আৰু এয়া যোৱা পাঁচটা দশক ধৰি অলপো ব্যতিক্ৰম নোহোৱাকৈ দেখা পোৱা গৈছে।

যোৱা কেইবা দশক ধৰি এই আশ্চৰ্য্যকৰ ঘটনাটো ঘটি আহিছে ৰাজ্যখনৰ ৰি-ভয় জিলাত। প্ৰতিবাৰৰ ফিফা বিশ্বকাপৰ প্ৰায় দুমাহৰ আগে আগে এবিধ ‘ৰহস্যময়’ পতংগ জোপোহাবোৰত দেখা যায়। ঝিলিৰ দৰে তীক্ষ্ণ চিঞৰৰ দ্বাৰা নিজৰ উপস্থিতিৰ গম দিয়ে পতংগবিধে। লগতে মেঘালয়বাসীক সোঁৱৰাই দিয়ে ফিফা বিশ্বকাপৰ আগমনৰ কথা। এই বৈশিষ্ট্যৰ বাবেই জনজাতীয় গাওঁবাসীয়ে এই পতংগবিধৰ নাম দিছে নিয়াং ৱ’ৰ্ল্ডকাপ (নিয়াং মানে খাচি ভাষাত পতংগ)।

Apply Now

“ক’ৰ পৰানো পতংগবিধ আহে আৰু বিশ্বকাপ শেষ হোৱাৰ পিছত আৰু চাৰি বছৰৰ বাবে ক’তনো হেৰাই যায় আমি নাজানো।” উমলিং গাৱঁৰ ৰোচন বিৰজু নামৰ এজন লোকে নৰ্থ-ইষ্ট নাওক কয়।

জনজাতীয় গাওঁবাসীয়ে এই পতংগবিধৰ আৱিৰ্ভাৱতেই গম পাই যায় যে বিশ্বকাপ ফুটবল আহিল। যোৱা চাৰি-পাঁচটা দশক তেওঁলোকে বিস্ময়েৰে এই বিৰল ঘটনাটোৰ সাক্ষী হৈ আহিছে।

“এই পতংগবিধ বিশ্বকাপৰ আগে আগে বাৰে বাৰে আমাৰ গাৱঁলৈ ক’ৰ পৰা আহে আমি নাজানো।” গাওঁখনৰ ইকা নংগলিং নামৰ এগৰাকী জনজাতীয় মহিলাই কয়।

দেখাত পতংগবিধক ঝিলিৰ এটা উপজাতি যেন লগা, যাক Chremistica. Entomologist বুলি কোৱা হয়, পতংগবিধক Chremistica Ribhoi বুলি চিনাক্ত কৰা হৈছে। ৰিভয় অংশটো লগোৱা হৈছে পতংগবিধ ৰিভয় জিলাত আৱিষ্কৃত বাবে।

পতংগবিধৰ বৈশিষ্ট্য হ’ল ইহঁতে গছৰ ধোন্দত বাহ লয়। তাত কণী পাৰি পোৱালি জগোৱাৰ পিছত পোৱালিবোৰ মাটিৰ তললৈ সোমাই যায়। তাত গছজোপাৰ শিপাৰ ৰস খাই জীয়াই থাকে আৰু চাৰি বছৰৰ পিছত ওলাই আহে। শুনামতে, পাখি গজাৰ আগতে ই চাৰিবাৰ মোট সলায়।

চাৰি বছৰৰ পিছত বিশ্বকাপৰ সময়তে এই পতংগবিধ ক’ৰ পৰা ওলাইহি কোনেও নাজানে। পতংগবিধৰ জনজাতীয় আচল নামটো হ’ল নিয়াংটাছেৰ। পিছত ইয়াক মেঘালয়ৰ ফুটবল বলিয়া অনুৰাগীসকলৰ দ্বাৰা নিয়াং ৱ’ৰ্ল্ডকাপ বুলি পুনৰ নামকৰণ কৰা হয়।

জানিব পৰামতে, পতংগবিধ উচ্চ প্ৰ’টিনযুক্ত আৰু পাখি গজাৰ পিছত ইহঁতক কেঁচাই কেঁচাই খোৱা হয়। গাঁৱৰ জনজাতীয় লোকসকলৰ মাজত ইয়াৰ বিৰাট চাহিদা আছে। গাৱঁৰ বজাৰত ইয়াৰ দাম প্ৰতি কেজিত ৪০০ টকা পৰ্য্যন্ত হয়। জনজাতীয় লোকসকলে ইয়াক তেলত ভাজি তৃপ্তিৰে খায়।

মন কৰিব লগীয়া যে ৰিভয় জিলাৰ জনজাতীয় লোকসকলে এই পতংগবিধৰ নামত ১৯৯৮ চনৰ পৰা নিয়া বিশ্বকাপ উৎসৱ উদযাপন কৰি আহিছে। ইয়াৰ প্ৰথম সংস্কৰণ পতা হৈছিল ৰিভয় জিলাৰ সদৰ নংপহৰ ছেইডেন গাৱঁত। এই উৎসৱত, অৰ্থাৎ নিয়াং বিশ্বকাপত স্থানীয় গাওঁবিলাকৰ মাজত বহুকেইখন ফুটবল খেল অনুষ্ঠিত হয়।

আনহাতে নিয়াং ৱ’ৰ্ল্ডকাপ বিচাৰি বজাৰলৈ প্ৰতিদিনে গাওঁবাসীয়ে ঢাপলি মেলে। ল’ৰা-বুঢ়া সকলোৱে যি পাৰে সংগ্ৰহ কৰে।

এইবাৰো ৰাছিয়াত অহা ১৪ জুনৰ পৰা হ’ব লগীয়া ফিফা বিশ্বকাপ আৰম্ভ হ’ব। এইবাৰো নিয়ম ৰক্ষা কৰি পতংগবিধৰ আগমন ঘটিল। আৰু একেদৰেই মেঘালয়ৰ বিভিন্ন জিলাৰ পৰা ৰিভয় জিলাৰ উক্ত গাওঁখনৰ বজাৰলৈ ঢাপলি মেলিছে নিয়াং ৱ’ৰ্ল্ডকাপ নামৰ এই পতংগবিধ সংগ্ৰহ কৰিবলৈ।

“আমি এই সুযোগ হেৰুৱাব খোজা নাই। অন্যথা ইয়াৰ সোৱাদ ল’বলৈ চাৰি বছৰ ৰৈ থাকিব লাগিব।” এইবৰ লিংডো নামৰ নেহু বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই কয়।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd