ফুল আৰু পোহৰেৰে সজাই তোলা হৈছিল মঞ্চখন। আনন্দ আৰু কোলাহলৰ মাজত হঠাতে মঞ্চলৈ নামি আহিল এক শোকৰ পৰিৱেশ। ওড়িশাৰ ভুৱনেশ্বৰৰ ভাঞ্চা কলা মণ্ডপত শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন চলি আছিল। শুকুৰবাৰে অনুষ্ঠানৰ সময়ত এক কৰুণ ঘটনাত মঞ্চতেই মৃত্যুৰ কোলাত ঢলি পৰিল ভাৰতনট্যমৰ গুৰু শ্ৰী গণেশনে। সুদূৰ মালয়েছিয়াৰ পৰা তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ ল’বলৈ তিনিদিন পূৰ্বে ভুৱনেশ্বৰত উপস্থিত হৈছিল।
ভাৰত ভ্ৰমণৰ তৃতীয় দিনটোত উপস্থিত হৈ দ্বিতীয় পৰ্যায়ৰ নৃত্য আৰম্ভ হোৱাৰ পূৰ্বে জগন্নাথ প্ৰভুৰ সন্মুখত চাকি জ্বলোৱাৰ বাবে মঞ্চত উঠিছিল ৬৩ বছৰীয়া নৃত্য গুৰুজনে। সূত্ৰ অনুসৰি, সামৰণি অনুষ্ঠানত নৃত্যশিল্পীগৰাকীয়েও প্ৰদৰ্শন কৰে। কেইমিনিটমান পিছত তেওঁ সেই মঞ্চতে ঢলি পৰে। ততাতৈয়াকৈ তেওঁক ওচৰৰ কেপিটেল হাস্পতাললৈ লৈ যোৱা হয় যদিও বিদেশী নৃত্যশিল্পীগৰাকীৰ চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হয়।
লগতে পঢ়ক: দিল্লী আৰক্ষীৰ প্ৰতিবেদনত সকাহ মল্লযুঁজাৰুৰ; ৰেফাৰীৰ বিস্ফোৰক বক্তব্যত চাপ বাঢ়িল ব্ৰিজভূষণৰ
এই সমগ্ৰ ঘটনাত সকলোৱে স্তম্ভিত হৈ পৰিছে। শ্ৰী গণেশনে গুৰু কে জি সৰছাৰ অধীনত মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত ভাৰতনাট্যমৰ (১৯৭৯-১৯৮৯) প্ৰশিক্ষণ লৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত তেওঁ কুৱালালামপুৰলৈ গৈ ভাৰতীয় সংস্কৃতি আৰু নৃত্য শৈলী বিদেশত প্ৰচাৰৰ দায়িত্ব লয়। তাতেই তেওঁ ‘শ্ৰী গণেশালয়’ নিৰ্মাণ কৰিছিল। এই পৰ্যন্ত তেওঁ এই নৃত্য প্ৰতিষ্ঠানৰ পৰা তিনি হাজাৰৰো অধিক ভাৰতনাট্যম শিল্পীক প্ৰশিক্ষণ দিছে।
থাইলেণ্ডৰ ৰাজকুমাৰীৰ জন্মদিন উপলক্ষে আয়োজন কৰা ‘ৰামায়ণ নৃত্য মহোৎসৱ’ (১৯৯১)ত অংশগ্ৰহণ কৰি শ্ৰীগণেশন আৰু তেওঁৰ বিখ্যাত শিষ্যসকলে প্ৰশংসা লাভ কৰে। প্ৰয়াত নৃত্যশিল্পীগৰাকীয়ে এই পৰ্যন্ত ৩৫০ খনতকৈও অধিক নৃত্য নাট পৰিচালনা কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিবেশন কৰিছে। শ্ৰী গণেশনে আজীৱন নৃত্যৰ সাধনা অব্যাহত ৰাখিছিল।
লগতে পঢ়ক: পাৰ্টি গেট কেলেংকাৰী! সাংসদ পদৰ পৰাও পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে
প্ৰাথমিকভাৱে শ্ৰী গণেশনৰ হাৰ্ট এটেকৰ বাবে মৃত্যু হোৱা বুলি জনা গৈছে। এই ঘটনাৰ পিছত অনুষ্ঠানত উপস্থিত নৃত্যশিল্পী তথা দৰ্শকসকল শোকস্তব্ধ হৈ পৰে।