• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অশান্ত মণিপুৰত শান্তি কেতিয়া ঘূৰিব? কেন্দ্ৰই গঠন কৰা ‘শান্তি সমিতি’ক লৈও উত্থাপন হৈছে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2023 11:19 am
650
VIEWS
Share on FacebookShare on Twitter

পাহাৰীয়া ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰই যৎপৰোনাস্তি চেষ্টা চলাইছে যদিও কোনো সমাধানৰ সূত্ৰ উ লিয়াব পৰা নাই। ইটোৰ পিছত সিটো সংঘাতত উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যত ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰিছে চৰকাৰে। ১৫ জুনলৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা।

শনিবাৰে নিশা প্ৰশাসনে প্ৰকাশ কৰা এক বিবৃতিত এই তথ্য অৱগত কৰা হৈছে। ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ে।

লগতে পঢ়ক: বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গ’ল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত

এমাহ পূৰ্বে মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে কমেও এশজন লোকে প্ৰাণ হেৰুৱাইছে। আহতৰ সংখ্যা ৩০০ অতিক্ৰম কৰিছে। সেইদৰে প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিছে।

যোৱা মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই মণিপুৰলৈ গৈ শান্তি ঘূৰাই আনিবলৈ তাত থকা জনজাতীয় গোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছিল। তাৰ সমান্তৰালকৈ শান্তি সমিতিও গঠন হ’ল। কিন্তু কোনো সমাধান ওলোৱা নাই।

ইপিনে, কেন্দ্ৰই গঠন কৰা শান্তি সমিতিখন বৰ্জন কৰিছে কুকি জনগোষ্ঠীয়ে। মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ উপস্থিতিকলৈয়েই এই বৰ্জন। তেওঁলোকৰ অভিযোগ যে অমিত শ্বাহে ৫১ জনীয়া এখন সমিতি গঠন কৰে। মুখ্যমন্ত্ৰী বীৰেণ সিংও তাত আছে। কিন্তু কোনো কেন্দ্ৰীয় প্ৰতিনিধি নাই।

লগতে পঢ়ক: বিস্ময়! বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা চাৰিটা শিশু কেনেকৈ গভীৰ জংঘলত বাচি থাকিল ৪০ দিন

জনজাতীয় নেতাসকলৰ মঞ্চই এক বিবৃতিত শান্তি সমিতিত মুখ্যমন্ত্ৰীৰ নাম ৰখাকলৈ তীব্ৰ গৰিহণা দিছে। ইয়াৰ সমান্তৰালকৈ কুকি সম্প্ৰদায়ৰ ৰাইজেও কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকৰ অভিযোগ যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ তালিকাত যি নাম অন্তৰ্ভুক্ত কৰিছে তাত মেইটেই সম্প্ৰদায়ৰ ২৫ জন সদস্যৰ নাম ৰাখিছে। আনহাতে, ১১ জন কুকি সম্প্ৰদায়ৰ আৰু ১০ জন নগা সম্প্ৰদায়ৰ। মুছলমান আৰু নেপালী সম্প্ৰদায়ক ক্ৰমে তিনিজন আৰু দুজন সদস্যই প্ৰতিনিধিত্ব কৰিব।

লগতে পঢ়ক: Novak Djokovic : কেৰিয়াৰত ২৩টা গ্ৰেণ্ড শ্লেম; ফ্ৰেন্স অ’পেনত জয়লাভ কৰি টেনিছত ইতিহাস গঢ়িলে জ’কভিচে

কুকি জনগোষ্ঠীয়ে দাবী কৰিছে যে তেওঁলোকৰ সন্মতি অবিহনে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কমিটীত নিজৰ পছন্দৰ প্ৰতিনিধি নিযুক্তি দিছে।

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd