• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ হিংসা: প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ, ১০টা বিৰোধী দলে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 18, 2023 11:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ দহটা সমভাৱাপন্ন দলৰ সৈতে কংগ্ৰেছে শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই বিষয়ত গভীৰভাৱে আলোচনা কৰিবলৈ সাক্ষাতৰ বাবে অপেক্ষা কৰি আছে।

‘’মণিপুৰৰ দহটা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ পৰা অনুমতিৰ বাবে অপেক্ষা কৰি আছে। দহটা দল কংগ্ৰেছ, জেডি(ইউ), চিপিআই, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, আপ, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, শিৱসেনা (ইউবিটি), এনচিপি আৰু ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ অনুমতি বিচাৰিছে। তেওঁলোকে উত্তৰৰ বাবে অপেক্ষা কৰি আছে। আমি আশাবাদী যে ২০ জুনত আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ বিৰোধী দলসমূহক সাক্ষাৎ কৰিব।’’-শনিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত এইদৰে কয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।

লগতে পঢ়ক: অদ্ভুত ঘটনা! আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট

Apply Now

এই সকলো নেতাই ৰাষ্ট্ৰীয় ৰাজধানীত অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ২০ জুনলৈকে থাকিব।

কেন্দ্ৰত বিজেপি চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰমেশে কয়, ‘’২২ বছৰ পূৰ্বে ২০০১ চনৰ ১৮ জুনত মণিপুৰ জ্বলি আছিল।বিধানসভাৰ অধ্যক্ষৰ বাংলো, মুখ্যমন্ত্ৰী সচিবালয় জ্বলিছিল আৰু সাড়ে তিনিমাহ ধৰি অৱৰোধ আছিল। সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে সকলো দলৰ দাবীত, দুবাৰকৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু তেওঁ শান্তিৰ বাবে আবেদন জনাইছিল।”

ৰাজ্যসভাৰ সাংসদও ৰমেশে কয়, ‘য’ত আজি ১০টা দলৰ নেতাই প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি আছে, অথচ তেওঁ মৌন হৈ আছে।’

তেওঁ কয় যে ২০০১ চনৰ ২৪ জুনত ৰাজ্যখনত সংঘটিত ঘটনাৰ মাত্ৰ ছয় দিনৰ পাছতে মণিপুৰৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল।

তেওঁ কয়, ‘বিদেশলৈ যোৱাৰ আগতে তেতিয়াৰ গৃহমন্ত্ৰী এল.কে. আদৱানীয়ে ৮ জুলাইত সৰ্বদলীয় প্ৰতিনিধি দলটোক সাক্ষাৎ কৰিছিল আৰু প্ৰধানমন্ত্ৰী (বাজপেয়ী)য়ে পুনৰবাৰ শান্তি বজাই ৰাখিবলৈ আৰু প্ৰশাসনক সহায় কৰি ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিবলৈ আহ্বান জনাইছিল।’

লগতে পঢ়ক: ৫০ হাজাৰ টকা উৎকোচ লওঁতে হাতেলোটে ধৰা পৰি গ্ৰেপ্তাৰ হ’ল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

ৰমেশে কয় যে আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুযোগ পাবলৈ ইয়াত ১০টা ৰাজনৈতিক দলৰ নেতাই অপেক্ষা কৰি আছে যদিও তেওঁ মৌন হৈ আছে আৰু তেওঁ এতিয়াও কোনো আবেদন জনোৱা নাই।

তেওঁ লগতে কয়, ‘এইটো স্পষ্ট যে ৰাজ্য চৰকাৰৰ ওপৰত কোনো বিশ্বাস নাই আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় লাভ কৰাৰ আশাহে কৰিব পাৰো। গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ কোনো পাৰ্থক্য নাই।’

‘আমি দাবী জনাইছো যে প্ৰধানমন্ত্ৰীয়ে বাজপেয়ীৰ আবেদন চাই লওক আৰু প্ৰতিনিধি দলৰ সৈতেও সাক্ষাৎ কৰক। তেওঁ মন কি বাতৰ সলনি মণিপুৰ কি বাত কৰিবই লাগিব,’’-ৰমেশে লগতে কয়।

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙে কয় যে ৩ মে’ৰ পৰা মণিপুৰ জ্বলিছে আৰু আজিও জ্বলি আছে। “সকলোতে আৰ্তনাদ আৰু কান্দোন, মহিলা আৰু শিশুকে ধৰি ২০ হাজাৰ লোকে শিবিৰত আশ্ৰয় লৈছে। অৱশ্যে মণিপুৰ সন্দৰ্ভত এতিয়াও প্ৰধানমন্ত্ৰীয়ে একো প্ৰকাশ কৰা নাই। মণিপুৰ ভাৰতৰ অংশ নে নহয়? যদি হয়, তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কিয় এই বিষয়ে কথা কোৱা নাই? আমি ১০টা সমভাৱাপন্ন ৰাজনৈতিক দলে শান্তিৰ পোষকতা কৰি এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছো।”

লগতে পঢ়ক: বিনা কাৰণে একাউণ্ট বন্ধ কৰি দিছিল ফেচবুকে; গোচৰৰ তৰি ইউজাৰে লাভ কৰিলে ৪১ লাখ টকা!

সিঙে লগতে কয়, ‘আমি ইয়াত ৰাজনৈতিক সুবিধাৰ বাবে অহা নাই বৰঞ্চ আমি কেৱল শান্তি বিচাৰিছো। অনুগ্ৰহ কৰি আমাক সহায় কৰক।’

উল্লেখ্য যে ৩ মে’ৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী জাতিগত হিংসাত এতিয়ালৈকে ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৪০০ৰো অধিক লোক আহত হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd