শেহতীয়াকৈ আমেৰিকা ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাতেই তেওঁ বিশ্বৰ কিছুমান বৃহৎ উদ্যোগপতি লগ পাইছিল। সেই তালিকাত আছিল পৃথিৱীৰ আটাইতকৈ ধনী মানুহজন – ইলন মাস্ক।
ইফালে প্ৰধানমন্ত্ৰীৰ মাস্কৰ সৈতে হোৱা বৈঠকৰ পিছত ভাৰতীয় টেলিকম বজাৰত উন্মাদ হৈ পৰে। মূলতঃ ইলন মাস্কে ভাৰতত নিজৰ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব বিচাৰিছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱাটোও জনা যায়।
ইফালে এই সেৱা আৰম্ভ হ’লে ভাৰতত ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি হ’ব। কেৱল এয়াই নহয়, ভাৰতৰ অন্যান্য টেলিকম খণ্ড যেনে জিঅ’, এয়াৰটেল আদিয়ে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব।
এই প্ৰেক্ষাপটত ষ্টাৰলিংক হৈছে এক অভিনৱ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই কোম্পানীয়ে পোনপটীয়াকৈ চেটেলাইটৰ জৰিয়তে ইণ্টাৰনেট সেৱা প্ৰদান কৰে। ফলত টাৱাৰৰ প্ৰয়োজন নহয়।
উল্লেখ্য যে মাস্কে ভাৰতত এই সেৱা আৰম্ভ কৰিলে প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব মুকেশ আম্বানী। কিয়নো, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ বিপৰীতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী। এই প্ৰতিযোগিতা মাস্কৰ লগত ফেৰ মাৰিবলৈ দিগদাৰ হ’ব আম্বানীৰ।
ইয়াৰ পূৰ্বে ২০২১ চনত মাস্কে ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল। অৱশ্যে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিলেও এই ক্ষেত্ৰত মাস্কে প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব। কাৰণ ভাৰতত ইতিমধ্যে জিঅ’ৰ ৪৪ কোটি টেলিকম চাবস্ক্ৰাইবাৰ আছে।