যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত উভয় দিশত এটা ট্ৰিপৰ বাবে এখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।
সেই অনুসৰি, ৰেল নং. ০৫৬১৪(গুৱাহাটী – চেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখন ০২ জুলাই, ২০২৩ তাৰিখে ০৬.০০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি ০৪ জুলাই, ২০২৩ তাৰিখে ০৬.০০ বজাত চেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব।
লগতে পঢ়ক: গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা
উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৬১৩ (চেকেন্দ্ৰাবাদ-গুৱাহাটী) বিশেষ ৰে’লখন ০৯ জুলাই, ২০২৩ তাৰিখে ১১.৪৫ বজাত চেকেন্দ্ৰাবাদৰ পৰা যাত্ৰা আৰম্ভ কৰি ১১জুলাই, ২০২৩ তাৰিখে ১০.২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।
উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন ৰঙিয়া, নিউ জলপাইগুড়ী, মালদা টাউন, খড়গপুৰ জংচন,পালাচা,বিশাখাপত্তনম, বিজয়াৱাড়া, গুন্টুৰ আৰু নালগোণ্ডা ষ্টেচন হৈ চলিব। ১৭টা ডবাৰে গঠিত ৰে’লখনত যাত্ৰীসকলৰ বাবে এচি ৩-টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।
দক্ষিণ ভাৰত অভিমুখে যাত্ৰা কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষা সূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা লাভ কৰিব পাৰিব।
লগতে পঢ়ক: মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু
এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।