অসমৰ সংগীত জগতৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী, জনতাৰ শিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা ৮.২৫ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। তেওঁ নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মা আছিল গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী দিলীপ শর্মাৰ পত্নী।
১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা। ঘৰত তেওঁক সকলোৱে কুইন বুলি মাতিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক কুইন হাজৰিকা নামটো দিছিল। ৰেডিঅ’ত প্ৰথমে গীত গোৱাৰ সময়ত তেওঁ কুইন হাজৰিকা নামেৰেই পৰিচিত আছিল।
আনহাতে, শহুৰেক দীননাথ শৰ্মাই কুইন হাজৰিকাৰ নাম দিছিল সুদক্ষিণা। তাৰ পাছৰ পৰাই তেওঁ সুদক্ষিণা শৰ্মা নামেৰে প্ৰসিদ্ধ হৈ পৰে।
সন্দিকৈ কলেজত উচ্চ শিক্ষা লাভ কৰা সুদক্ষিণা শৰ্মাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ তত্বাৱধানত সংগীত জীৱন আৰম্ভ কৰিছিল। মণিৰাম দেৱান, চিকমিক বিজুলী আদি ছবিত কণ্ঠ দিছিল সুদক্ষিণা শৰ্মাই। সুদক্ষিণা শৰ্মাই শৈশৱতেই জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।
মাত্ৰ ১০ বছৰ বয়সতে কলকাতালৈ গৈ সুদক্ষিণা শৰ্মাই ‘নাহৰ ফুলে নুশুৱাই’ গীতটো বাণীবদ্ধ কৰিছিল। সেইদৰে, ‘বিশ্বৰ ছন্দে ছন্দে’ কে ধৰি বহু কালজয়ী গীতত কণ্ঠদান কৰিছিল।
১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীতটো পৰিৱেশন কৰিছিল। সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। ২০০৮ চনত লাভ লিঅ’ এক্সপ’ সন্মান আৰু ২০১০ চনত ‘চাতক’ সন্মান লাভ কৰিছিল।
সুদক্ষিণা শৰ্মাৰ মৃত্যুত অসমৰ সংগীত জগতৰ যেন এটি যুগৰ অৱসান ঘটিল। তেওঁৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীত ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰখনতো গভীৰ শোকৰ ছাঁ পৰিছে।