মঙলবাৰে বহু প্ৰত্যাশিত হাৰ্লি-ডেভিডছন এক্স৪৪০ মটৰবাইক ভাৰতত মুকলি কৰা হৈছে। হিৰোৰ সৈতে অংশীদাৰিত্বৰে দমদাৰ ৰ’ডষ্টাৰ মটৰ চাইকেল মুকলি কৰিলে হাৰ্লি-ডেভিডছনে। দাম ২.২৯ লাখৰ পৰা আৰম্ভ। মূল্য ঘোষণাৰ পিছত বহুতে ধাৰণা কৰিছে যে ৰয়েল এনফিল্ড হাণ্টাৰক পৰাভূত কৰিবলৈকে অনা হৈছে এই মটৰ চাইকেলখন।
৩৫০ চিচি আৰু তাৰ ওপৰৰ বাইকৰ ক্ষেত্ৰত ৰয়েল এনফিল্ড হাণ্টাৰে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ দেশতে বিপুল জনপ্ৰিয়তা লাভ কৰিছে। বিক্ৰীৰ ক্ষেত্ৰত হাণ্টাৰে ক্লাছিক, বুলেটৰ দৰে বাইকক অতিক্ৰম কৰিছে। গতিকে কোৱা বাহুল্য যে দুয়োখন বাইকে নিজ নিজ স্থানত ডাঙৰ মাইলষ্ট’ন গঢ়িবলৈ গৈ আছে।
এই প্ৰতিবেদনত বাইক দুখনৰ ইঞ্জিন, স্পেক আৰু মূল্যৰ তথ্য উল্লেখ কৰা হৈছে।
ইঞ্জিন আৰু প্ৰদৰ্শন
হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকখনৰ ইঞ্জিন হাণ্টাৰতকৈ অলপ ডাঙৰ, ইয়াত আছে ৪৪০ চিচিৰ একক চিলিণ্ডাৰ যিয়ে সৰ্বাধিক ২৭ ব্ৰেক হৰ্চপাৱাৰ আৰু ৩৮ এনএম টৰ্ক উৎপন্ন কৰে। লগতে আছে ৬ স্পীড গিয়াৰৰ। যিহেতু বাইকখন নতুনকৈ মুকলি কৰা হৈছে, সেয়েহে মাইলেজ বা অন্যান্য প্ৰদৰ্শনৰ বিষয়ে কোনো তথ্য জনাটো সম্ভৱ নহয়।
আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰত আছে ৩৫০ চিচিৰ একক চিলিণ্ডাৰ ইঞ্জিন যিয়ে ১৯.৯ ব্ৰেক হৰ্চপাৱাৰ আৰু ২৭ এনএম টৰ্ক উৎপাদন কৰিব পাৰে। ইয়াত আছে ৫ স্পীড গিয়াৰ। এই মটৰ চাইকেলে প্ৰতি লিটাৰত ৩৬ কিলোমিটাৰ মাইলেজ দিয়ে।
ফিচাৰ্ছ
হাৰ্লি-ডেভিডছন বাইকৰ পৰা গ্ৰাহকে আশা কৰা সকলো ফিচাৰ্ছ ৰখা হৈছে। ইয়াত থাকিব গোল ডিজিটেল ইনষ্ট্ৰুমেণ্ট কনছ’ল, এল ই ডি লাইটিং, ব্লুটুথ সংযোগ আৰু টাৰ্ণ বাই টাৰ্ণ নেভিগেচন। দুয়োটা চকাতে ডিস্ক ব্ৰেক আৰু ডুৱেল চেনেল এণ্টি-লক ব্ৰেকিং চিষ্টেম আছে।
আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰত আছে ডিজিটেল-এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এল ই ডি টেইল লেম্প, ডুৱেল চেনেল এণ্টি-লক ব্ৰেকিং চিষ্টেম, ট্ৰিপাৰ নেভিগেচন আৰু দুয়োটা চকাতে ডিস্ক ব্ৰেক। বৈশিষ্ট্যৰ ক্ষেত্ৰত হাণ্টাৰ এখন সাধাৰণ বাইক।
ডিজাইন
এই ধৰণৰ মটৰ চাইকেলৰ এটা প্ৰধান কাৰক হ’ল ইয়াৰ ডিজাইন। দুয়োখন মটৰ চাইকেলতে বৃহৎ পেশীবহুল ইন্ধনৰ টেংক আৰু নিও ৰেট্ৰ’ ডিজাইন থাকিব। অৱশ্যে হাৰ্লি-ডেভিডছন বাইকত ঘূৰণীয়া হেডলেম্প আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ থাকে।
আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰ ৩৫০ৰ ডিজাইন সম্পূৰ্ণ ৰ’ডষ্টাৰ বাইকৰ দৰে। ৰেট্ৰ’ ডিজাইনৰ লগতে এই বাইকখনত নতুনত্বৰ স্পৰ্শও আছে। কিন্তু হাৰ্লি-ডেভিডছনৰ দৰে ৰঙচঙীয়া নহয়। সেয়ে, বিগত দিনবোৰত ৰয়েল এনফিল্ড মটৰবাইকবোৰ কাষ্টমাইজ কৰা দেখা যায়।
দাম
কোম্পানীয়ে ইয়াক ৩টা ভেৰিয়েন্টত মুকলি কৰিছে – ডেনিম, ভিভিড আৰু এছ। ভাৰতত হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকৰ মূল্য ২.২৯ লাখ (এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়। টপ ভেৰিয়েন্টৰ মূল্য ২.৬৯ লাখ টকা (এক্স-শ্ব’ৰুম)। আনহাতে, ৰয়েল এনফিল্ড হাণ্টাৰ বাইকৰ মূল্য ১.৭৩ লাখ টকাৰ পৰা ২.০১ লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)।
মুঠতে দুয়োখন বাইকে নিজ নিজ ছেগমেণ্টত শ্ৰেষ্ঠ। কিন্তু চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে ইঞ্জিন আৰু ফিচাৰ্ছৰ দৰে বিষয়বোৰ চাই লোৱা উচিত। তদুপৰি, গ্ৰাহকসকলে দামটোৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া উচিত।