• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 8:41 am
উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উইম্বলডন মানে সেউজীয়া ঘাঁহৰ ওপৰত শুভ্ৰ পোছাক – টেনিছ প্ৰেমীসকলে সেইটোৱে দেখিয়েই অভ্যস্ত। নানা সমস্যা আৰু আপত্তিৰ মাজতো উইম্বলডন কৰ্তৃপক্ষই পোছাক বিধি সলনি কৰিবলৈ অনিচ্ছুক আছিল।

অৱশেষত অল ইংলেণ্ড ক্লাবে টেনিছ তাৰকাসকলৰ দাবী মানি ল’বলৈ বাধ্য হ’ল। তেওঁলোকে মহিলা টেনিছ খেলুৱৈক ৰঙীণ অন্তৰ্বাস পিন্ধিবলৈ অনুমতি দিছে। চলিত বৰ্ষৰ প্ৰতিযোগিতাৰ পৰাই এই নিয়ম কাৰ্যকৰী কৰা হৈছে। অৱশ্যে একাংশ মহিলা টেনিছ তাৰকাই এই নিয়মৰ বিৰোধিতাও কৰিছে।

উইম্বলডনৰ নিয়ম অনুসৰি খেলুৱৈসকলে সকলো বগা কাপোৰ পিন্ধিব লাগে। অন্তৰ্বাসৰ ৰং বগা হ’ব লাগে। কাপোৰত মাত্ৰ ১ চে.মি. বহল বৰ্ডাৰ থাকিব পাৰে। এই নিয়মৰ বিৰোধিতা কৰাৰ বাবে ৰজাৰ ফেডাৰেৰে শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কমলা ৰঙৰ বৰ্ডাৰৰ বাবে ক’ৰ্টৰ মাজতে জোতা সলনি কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ

আনকি মহিলা খেলুৱৈসকলেও অন্তৰ্বাস সলনি কৰিবলৈও বাধ্য হৈছিল। বিকল্প নেদেখি বহুতে অন্তৰ্বাস নোহোৱাকৈয়ে খেলিবলৈ নামিছে। ১৪৬ বছৰৰ পাছত অৱশেষত উইম্বলডন কৰ্তৃপক্ষই সকলো গোড়ামি অতিক্ৰমি নিয়ম সলনি কৰিলে।

অল ইংলেণ্ড ক্লাবে অৱগত কৰিছে যে মহিলাৰ ঋতুস্ৰাৱৰ কথা লক্ষ্য কৰিয়েই নিয়ম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিংবদন্তি বিলি জিন কিঙৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰজন্মৰ মহিলা টেনিছ তাৰকালৈকে সকলোৱে দাবী জনাইছিল যে বিকল্প হিচাপে ৰঙীণ অন্তৰ্বাস পিন্ধাৰ অনুমতি দিয়া হওক।

ইয়াৰ পিছতে অল ইংলেণ্ড ক্লাবৰ মুখ্য কাৰ্যবাহী চেলি বোল্টনে কয়, ‘’আশাকৰোঁ এই নিয়ম সলনিৰ ফলত খেলুৱৈসকল উপকৃত হ’ব। তেওঁলোকে কেৱল মেচতহে গুৰুত্ব দিব পাৰিব।‘’

অল ইংলেণ্ড ক্লাৱৰ এই সিদ্ধান্তত বহু টেনিছ তাৰকা সুখী। আমেৰিকাৰ খেলুৱৈ কোকো গফে কয় যে এই সিদ্ধান্তৰ দ্বাৰা মহিলা খেলুৱৈসকল সঁচাকৈয়ে লাভৱান হ’ব। কিন্তু নতুন নিয়মক লৈও প্ৰশ্ন উত্থাপন হৈছে।

লগতে পঢ়ক: Harley-Davidson বনাম RE Hunter! কোনখন বাইক উঠিব আপোনাৰ বাচনিত?

টিউনিছিয়ান তাৰকা ওনেছ জাবেউৰে কয়, ‘যি মহিলাই ৰঙীণ অন্তৰ্বাস পিন্ধি নামিব, সকলোৱে গম পাব যে খেলুৱৈগৰাকীৰ ঋতুস্ৰাৱত চলিছে। সেইটো বৰ অস্বস্তিকৰ। সেয়ে প্ৰতিগৰাকী মহিলা খেলুৱৈক ৰঙীণ অন্তৰ্বাস পিন্ধি নামিবলৈ কোৱা হওক। কিন্তু এইটো ভাবি ভাল লাগিছে যে উইম্বলডনে ক’ৰ্টত মহিলাসকলৰ সুবিধাৰ কথা ভাৱি নিয়ম সলনি কৰিছে।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am
বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am
বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd