সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ছেমি- দ্ৰুতবেগী ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছে ইতিমধ্যে দেশৰ জনতাৰ মন কাঢ়িছে। কিন্তু এতিয়ালৈকে যিকেইখন বন্দে ভাৰত চলাচল কৰিছে আটাইকেইখনেই হৈছে চেয়াৰ কাৰ। অৱশ্যে চলিত বিত্তীয় বৰ্ষৰ শেষত শ্লীপাৰ ডবাৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ চেন্নাই ক’চ ফেক্টৰী (আই চি এফ) লৈ গৈ নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। কিন্তু সেয়া শ্লীপাৰ কোচৰ বন্দে ভাৰত হয়নে নাই সেয়া স্পষ্ট নকৰিলে। অৱশ্যে ৰে’ল মন্ত্ৰী (অশ্বিনী বৈষ্ণৱ)য়েও আইচিএফত বন্দে ভাৰতত নতুন ধৰণৰ কোচ নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰি টুইটাৰত বন্দে ভাৰত এক্সপ্ৰেছৰ নতুন ৰূপৰ ছবি পোষ্ট কৰে।
লগতে পঢ়ক: ‘অশিক্ষিত নেতাই দেশ চলাইছে’, বিতৰ্কিত মন্তব্য কৰি ট্ৰ’ল হোৱাৰ পিছতে স্পষ্টীকৰণ কাজলৰ
শনিবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে চেন্নাইস্থিত আইচিএফ পৰিদৰ্শন কৰি বন্দে ভাৰত এক্সপ্ৰেছৰ ডবা নিৰ্মাণৰ কামৰ পৰিদৰ্শন কৰি টুইটাৰত কেইবাখনো ছবি পোষ্ট কৰে। সেই ছবিবোৰত দেখা গৈছে বন্দে ভাৰত এক্সপ্ৰেছ নতুন ৰূপত আহি আছে। এই ৰেলখনৰ ৰং গেৰুৱা আৰু বগা।
বৰ্তমান বন্দে ভাৰত এক্সপ্ৰেছৰ ইঞ্জিনৰ দুয়োফালে শুভ্ৰ বগা ৰং আৰু নীলা বৰ্ডাৰ আছে। নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ ৰং বেলেগ বেলেগ যদিও গঠন একে। বিষয়টো অধিক স্পষ্ট কৰিবলৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাষে কাষে ৰৈ থকা দুয়োধৰণৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ছবি পোষ্ট কৰে।
Inspected Vande Bharat train production at ICF, Chennai. pic.twitter.com/9RXmL5q9zR
— Ashwini Vaishnaw (@AshwiniVaishnaw) July 8, 2023
ৰে’ল মন্ত্ৰীগৰাকীয়ে আইচিএফ পৰিদৰ্শন কৰি বন্দে ভাৰত এক্সপ্ৰেছৰ ডবা নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ পিছত তাত থকা কৰ্মচাৰী-বিষয়াসকলৰ সৈতে কথা পাতে। তাৰ পিছত ৰে’ল মন্ত্ৰীজনে তেওঁলোকৰ লগত গ্ৰুপ ফটো লৈ সেই ছবিখন নিজৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰে।