• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ সৈতে জড়িত পৰিয়াল; ৰাহুলৰ গোচৰৰ পৰা আঁতৰিব বিচাৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 21, 2023 6:55 pm
486
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিৰপেক্ষতা আৰু স্বচ্ছতাৰ এক সুকীয়া নিদৰ্শনৰ সাক্ষী হৈ ৰ’ল উচ্চতম ন্যায়ালয়। আজি আছিল ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বৰ বিচাৰপীঠত ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই তৰা গোচৰৰ শুনানি। নিজে নহ’লেও তেওঁৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে। গতিকে ন্যায়াধীশ গাভাইয়ে ৰাহুলৰ গোচৰৰ পৰা নিজকে আঁতৰাই আনিব বিচাৰিলে।

শুনানিৰ আৰম্ভণিতে ন্যায়াধীশ গাভাইয়ে আদালতত কয় যে তেওঁৰ পৰিয়ালটো কংগ্ৰেছৰ সৈতে জড়িত। দুয়োপক্ষৰ অধিবক্তাৰ পৰা তেওঁ জানিব বিচাৰে, তেওঁলোকে এতিয়াও বিচাৰেনে যে তেওঁ এই গোচৰৰ শুনানি গ্ৰহণ কৰক?

লগতে পঢ়ক: মণিপুৰ কাণ্ডত নতুন বিতৰ্ক! বিবস্ত্ৰা কৰি মহিলা দুগৰাকীক খোজ কঢ়োৱাৰ কথা আগতেই জানিছিল ৰাষ্ট্ৰীয় মহিলা আয়োগে

তেওঁৰ বক্তৱ্য শেষ হোৱাৰ পিছতে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভী আৰু পূৰ্ণেশ মোডীৰ অধিবক্তা মহেশ জেঠমালানী দুয়োজনে কয় যে তেওঁলোকৰ কোনো আপত্তি নাই। নিৰপেক্ষতা আৰু স্বচ্ছতাৰ স্বাৰ্থত ন্যায়াধীশ গাভাইয়ে পূৰ্বেই যিধৰণে কংগ্ৰেছৰ সৈতে পৰিয়ালৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিলে, সেইটোৱে নেটজগতৰ লগতে সকলোৰে প্ৰশংসা লাভ কৰিছে।

ন্যায়াধীশ বি আৰ গাভাইয়ে ঠিক কি কৈছিল? তেওঁৰ ভাষাত, “শুনানিৰ পূৰ্বে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছো, যদিও সদস্য নহয়, মোৰ দেউতা বহুদিন কংগ্ৰেছৰ সৈতে জড়িত আছিল। সিংভী ডাঙৰীয়া, আপুনিও ভালদৰেই জানে, চল্লিশ বছৰতকৈও অধিক সময় কংগ্ৰেছৰ সৈতে জড়িত হৈ থকাৰ বাবে, মোৰ ভাইটি নিজেই কংগ্ৰেছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। মই বিচাৰো যে শুনানিৰ পূৰ্বে আপোনালোকে নিজৰ মাজতে আলোচনা কৰক আৰু মোক কওক যে মই এই গোচৰটো আচলতে শুনা উচিত নে নাই।’’

লগতে পঢ়ক: ইছৰোৱে দিছে খবৰ! সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

দুয়োগৰাকী অধিবক্তাই কয় যে তেওঁলোকৰ কোনো আপত্তি নাই। তাৰ পাছত ন্যায়াধীশগৰাকীয়ে কয়, ‘’কংগ্ৰেছৰ সৈতে মোৰ পৰিয়ালৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জনা উচিত বুলি মই ভাবো। ভৱিষ্যতে এই বিষয়ে কোনো আলোচনা হোৱাটো নিবিচাৰো। আমি সকলোৱে জানো মোৰ দেউতা, সিংভীজী আপোনাৰ পিতৃ আৰু মহেশ জেঠমালানীৰ পিতৃ – তিনিওজনেই একেলগে সংসদত আছিল। তিনিওজন বৰ ভাল বন্ধু আছিল। এসময়ত ৰাম জেঠমালানীৰ দৰে বিশিষ্ট অধিবক্তাৰ জুনিয়ৰ হিচাপে কাম কৰি মই অতিশয় সন্মানিত আৰু গৌৰৱান্বিত।”

শেহতীয়াকৈ বিভিন্ন গোচৰত ন্যায়পালিকা, ন্যায়াধীশ তথা ন্যায়াধীশৰ পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈ আহিছে। কলকাতা উচ্চ ন্যায়ালয়ৰ বিভিন্ন ন্যায়াধীশ‘ৰ ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ পৰ্যবেক্ষণ,, চুৰাটৰ নিম্ন আদালত, ৰাহুল গান্ধীৰ সংসদ পদ বাতিলৰ ৰায় দিয়া গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, তেওঁলোকৰ সৈতে বিজেপিৰ সম্পৰ্ক, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ ঐতিহাসিক ৰায়দানৰ পিছত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ সাংসদ পদৰ মনোনয়ন আদিয়ে নিৰপেক্ষতাৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: সাক্ষাৎকাৰৰ নামত হোটেললৈ মাতি আনি অভিনেত্ৰীক ধৰ্ষণ; আৰক্ষীক অভিযোগ ভুক্তভোগীৰ

এনে এক পৰিবেশৰ মাজতে ন্যায়াধীশ বি আৰ গাভাইৰ উক্ত ভূমিকাক দেশ তথা সমাজৰ চুকে-কোণে শলাগিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd