• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত মহিলাক দলবদ্ধ ধৰ্ষণ আৰু নগ্ন কৰি খোজ কঢ়োৱা কাণ্ডৰ পঞ্চম অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 3:43 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু বিবস্ত্ৰা কৰি পথত খোজ কঢ়োৱাৰ  গোচৰত পঞ্চম অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা ৪ মে’ত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে প্ৰথম অভিযুক্তক গ্ৰেপ্তাৰ কৰে। হুইৰাম হেৰোডাছ মেইটি নামৰ ৩২ বছৰীয়া মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছত আৰক্ষীয়ে আৰু ৩ জন লোকক গ্ৰেপ্তাৰ কৰে।

এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ১৯ বছৰীয়া যুৱকক। নাম নংসিথোই মেইটি। ইয়াৰ লগে লগে মণিপুৰৰ ভাইৰেল ভিডিঅ’ গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ মুঠ সংখ্যা ৫জনলৈ বৃদ্ধি পালে।

লগতে পঢ়ক: অসুস্থ মণিপুৰ! সেইদিনটোতে আৰু দুগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ

Apply Now

উল্লেখ্য যে মণিপুৰৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাকো ৰেহাই দিয়া নহ’ব। সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বাৰ্তা দিয়ে যে কাকো বাদ দিয়া নহ’ব।

মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতো প্ৰধানমন্ত্ৰীয়ে কিয় খোলা নোলোৱা বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তা দিলে যে অভিযুক্তক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি চৰম ব্যৱস্থা গ্ৰহণ কৰা হ’ব। একে সময়তে মোদীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতেও কথা পাতিছে বুলি মন্তব্য কৰে। তেওঁ মুখ্যমন্ত্ৰীক কঠোৰ হাতেৰে পৰিস্থিতি চম্ভালিবলৈ নিৰ্দেশ দিয়ে।

ইতিমধ্যে এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰি মণিপুৰৰ মুখ্য সচিব আৰু ডিজিপিলৈ জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। এন এইচ আৰ চিয়ে ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ অগ্ৰগতিকে ধৰি ভুক্তভোগীসকলৰ শাৰীৰিক আৰু সামাজিক অৱস্থাৰ বিশদ প্ৰতিবেদন দিবলৈ কোৱা হৈছে।

লগতে পঢ়ক: মণিপুৰ জ্বলিছে, দুমাহ ধৰি তোমালোকৰ কোনো খবৰ নাই! বলিউডৰ চেলিব্ৰিটিসকলক এজাউৰি লিন লাইশ্ৰমৰ

সূত্ৰৰ পৰা জানিব পৰা মতে, এই ভাইৰেল ভিডিঅ’টো যোৱা ৪ মে’ত লোৱা হৈছিল। তাৰ ঠিক আগতেই মণিপুৰত কুকি আৰু মেইটেইৰ সংঘাত আৰম্ভ হৈছিল। ভিডিঅ’টোত ভুক্তভোগী দুজন কুকি সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।

 জানিব পৰা মতে, যোৱা ৪ মে’ত মণিপুৰৰ কাংপোকপি জিলাত এই ঘটনা সংঘটিত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে মহিলা দুগৰাকীয়ে কান্দি কান্দি প্ৰাণভিক্ষা খুজিছিল। কিন্তু তেতিয়াও তেওঁলোকৰ কথা কোনেও শুনা নাছিল।

লগতে পঢ়ক: কোটিৰ ওচৰত! যোৱা জুন পৰ্যন্ত ভাৰতীয় নাগৰিকত্ব এৰা লোকৰ সংখ্যা জানিলে স্তম্ভিত হ’ব আপুনি

অভিযোগ অনুসৰি, দলবদ্ধ ধৰ্ষণৰ পিছত উলংগ কৰি তেওঁলোকক খোজ কঢ়োৱা হয়। সেই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰক্ষী তৎপৰ হৈ পৰে। ইপিনে, শুকুৰবাৰে মূল অভিযুক্ত হুইৰেম হেৰোডাছ মেইটিৰ ঘৰত উন্মত্ত জনতাই জুই লগাই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd