বলীউদৰ মোহময়ী অভিনেত্ৰী ছানি লিয়নীৰ জনপ্ৰিয়তা সৰ্বপৰিচিত। পৰ্ণগ্ৰাফিৰ জগত এৰি বলীউদত খোজ দিয়াৰ পিছৰে পৰা ছানি লিয়নীয়ে চিনেমা জগতত নিজা এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সপ্ৰতিভ চেহেৰাৰ বাবে নৱপ্ৰজন্মৰ নয়নৰ মণি লিয়নী।
এই জনপ্ৰিয়তাৰ বাবেই বহু চিনেমা প্ৰযোজকৰো ছানি লিয়নীৰ প্ৰতি আছে এক বিশেষ আকৰ্ষণ। পিছে এই আকৰ্ষণৰ বাবেই এখন চিনেমাত চুক্তি কৰাৰ লক্ষ্যৰে অভিনেত্ৰীগৰাকীক ধন দি এতিয়া প্ৰতাৰিত হোৱা বুলি অভিযোগ তুলিছে এগৰাকী প্ৰযোজকে।
এই প্ৰযোজকগৰাকী হৈছে বিনোদ বচ্চন। প্ৰযোজক বচ্চনৰ দাবী মতে, ছানি লিয়নীৰ পৰা তেওঁ ঘূৰাই পাবলৈ আছে ডেৰ কোটি টকা। এই টকা ঘূৰাই দিবলৈ ছানিক কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে কোনো সঁহাৰি দিয়া নাই বুলি দাবী কৰিছে বচ্চনে।
বিনোদ বচ্চনৰ অভিযোগ মতে, তেওঁ এখন ছবিৰ বাবে চুক্তিবদ্ধ কৰিছিল ছানি লিয়নক। নায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু সেই ছবিখন এতিয়াও নিৰ্মাণ কৰা নাই বিনোদ বচ্চনে আৰু সেয়ে তেওঁ ছানিক দিয়া আগধন ঘূৰাই দিবলৈ অনুৰোধ জনায়।
কিন্তু এই অনুৰোধৰ প্ৰতি ছানি লীয়নীয়ে কোনো সঁহাৰি নিদিয়া বুলি দাবী কৰি বিনোদ চোপ্ৰাই ভাৰতীয় চিনেমা প্ৰযোজকৰ সংস্থা Indian Motion Pictures Producers Association, চমুকৈ IMPPAৰ কাষ চাপে। ইয়াৰ পিছতে সংস্থাটোৱে চমন প্ৰেৰণ কৰে ছানি লিয়নীলৈ।
সেই অনুসৰি অহা ২৫ জুলাইত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব অভিনেত্ৰীগৰাকী। সমান্তৰালভাবে এতিয়া অৱতাৰণা হৈছে আন এক প্ৰশ্নৰো। ছবিখন নিৰ্মাণ নকৰাকৈ প্ৰযোজকগৰাকীয়ে কিয় টকা ঘূৰাই বিচাৰিছে বুলি বহুকেইগৰাকীয়ে প্ৰশ্ন তুলিছে।
আনহাতে চিনেমাখনৰ বাবে ছানি লিয়নীয়ে সময় দিব পৰা নাছিল নেকি সেই লৈও প্ৰশ্ন কৰিছে একাংশই। এই বিষয়ত কোনো মন্তব্যও কৰা বিনোদ বচ্চনে। ইফালে অভিনেত্ৰীগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই এই সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তথ্য আছে বুলি উল্লেখ কৰি সময়ত সেয়া উপস্থাপন কৰা হ’ব বুলি উল্লেখ কৰিছে।
একে সময়তে IMPPAৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবেই সমস্যা সমাধানত পলম হোৱা বুলি দাবী কৰিছে সূত্ৰটোৱে। এতিয়া সময়েহে ক’ব, বচ্চনে তোলা অভিযোগ মতে ছানি লিয়নীয়ে তেওঁৰ সৈতে প্ৰতাৰণা কৰিছে নে ঘটনাৰ আন কোনো ৰহস্যহে আছে!