• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! গুৱাহাটীত পথৰ দাঁতিৰ গাঁতত পৰি মৃত্যু আভিযান্ত্ৰিক ডিগ্ৰীধাৰী যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2023 10:53 am
ফটো সৌজন্য: ফেচবুক।

ফটো সৌজন্য: ফেচবুক।

19.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত সংঘটিত এক মৰ্মান্তিক ঘটনাৰ ফলত মঠঘৰীয়া স্থানীয় গেইট হাস্পতালৰ সমীপৰ পথৰ গাঁতত পৰি এজন যুৱকৰ মৃত্যু হয়। নিহত যুৱকজনৰ নাম সৌৰভ দাস।

বাতৰি অনুসৰি, শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা, আৰু চিকিৎসাৰ বাবে জিএনআৰচি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতো শনিবাৰে আঘাতপ্ৰাপ্ত সৌৰভৰ মৃত্যু হয়।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, যুৱকজনে জন্মদিনৰ উপহাৰ নিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়ক: গুৱাহাটীত ৰহস্যজনকভাৱে উদ্ধাৰ মণিপুৰৰ এগৰাকী যুৱতীৰ মৃতদেহ

দুৰ্ভাগ্যজনকভাৱে, তেওঁ কোনো চিন নথকা বুলি অভিযোগ উঠা খনন কৰা গাঁতটোত পৰি যোৱাৰ ফলত এই মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হয়।

কেইবাদিনো গাঁতটো খোলা থকাৰ সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতহে জিলা প্ৰশাসনে গাঁতটো মাৰি দিয়ে।

সৌৰভ দাসে যোৱা বছৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল।

লগতে পঢ়ক: এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ছাদ

উল্লেখ্য যে যোৱা জুন মাহত গুৱাহাটীৰ ৰাজধানী মছজিদৰ সমীপত এখন স্কুল বাছত খুন্দা খাই প্ৰাণ হেৰুৱাইছিল এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে। সেই দুৰ্ঘটনাটোও পথৰ দাঁতিত খান্দি উলিওৱা গাঁতৰ ফলত হৈছিল।

গুৱাহাটীত চৰকাৰে উন্নয়নৰ নামত কৰা ৰাস্তা-ঘাটৰ কামবোৰত সংশ্লিষ্ট কৰ্তৃপক্ষই অতি বেপেৰোৱাভাৱে গাঁত খান্দি সেইবোৰ মুকলিকৈ ৰখাৰ ফলত যান-বাহনৰ লগতে পথাচাৰীৰ বাবে অতি বিপজ্জনক হৈ পৰিছে।

লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী অসম নাগৰিক সমাজৰ

তদুপৰি, একোটা ৰাস্তাৰ দাঁতিৰ নলাৰ কাম কৰিবলৈ সুদীৰ্ঘ দিন গাঁত খান্দি ৰাখি নাগৰিকৰ বাবে যাতায়তত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে।

Recent News

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd