• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাইলষ্ট’ন এলাৰ্ট! ৰোহিত শৰ্মাৰ সমুখত শচীন, পণ্টিং, গাংগুলীক অতিক্ৰমৰ সুযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2023 11:29 am
3.6k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা আৰম্ভ হ’ব ঘৰুৱা দল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ভ্ৰমণকাৰী ভাৰতৰ তিনিখনীয়া এদিনীয়া মেচৰ দ্বিপাক্ষিক শৃংখলা। এই শৃংখলাটোত ভাৰতীয় দলৰ অধিনায়ক তথা অপেনাৰ ৰোহিত শৰ্মাই এক ঈৰ্ষণীয় মাইলষ্ট’ন সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিছে।

নিম্নক্ৰমৰ বেটিং স্থানৰ পৰা দলৰ অপেনিং বেটাৰলৈ উন্নীত হোৱাৰ পিছৰে পৰাই ৰোহিত শৰ্মা ভাৰতীয় দলৰ বেটিং লাইন আপৰ অন্যতম মুখ্য হোতা হিচাপে পৰিগণিত হৈ আহিছে। সুদৃঢ় আৰম্ভণিৰে দলক এক শক্তিশালী স্থিতিত উপনীত কৰোৱাত ৰোহিতে গ্ৰহণ কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভূমিকা।

আক্ৰমণাত্মক শৈলীৰে ইনিংছ দীঘলীয়া কৰাত সিদ্ধহস্ত ৰোহিত শৰ্মাই আজিৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাত এদিনীয়া কেৰিয়াৰত ১০,০০০ ৰান সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। এইপৰ্যন্ত তাৰকা বেটাৰগৰাকীয়ে এদিনীয়াত ৯৮২৫ ৰান সংগ্ৰহ কৰিছে।

এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ ৰোহিত শৰ্মাক মাত্ৰ ১৭৫ ৰানৰ প্ৰয়োজন। ৱেষ্ট ইণ্ডিজৰ বিপক্ষে তাৰকাগৰাকীয়ে এই মাইলষ্ট’ন সম্পূৰ্ণ কৰিলে ক্ৰিকেট কিংবদন্তী শচীন টেণ্ডুলকাৰৰ লগতে সৌৰভ গাংগুলী আৰু ৰিকি পণ্টিঙৰ দৰে তাৰকাক অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।

ক্ৰিকেট ইতিহাসৰ এই মহাতাৰকাসকলক অতিক্ৰম কৰিব পাৰিলে হিটমেন খ্যাত ৰোহিত শৰ্মা আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত এই মাইলষ্ট’ন সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে কৃতিত্ব কৰিব।

এই তালিকাত শীৰ্ষস্থানত আছে ভাৰতৰ তাৰকা খেলুৱৈ তথা সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী। কোহলীয়ে মাত্ৰ ২০৫ ইনিংছত এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল।

কোহলীৰ পিছত তালিকাৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্,মে টেণ্ডুলকাৰ, গাংগুলী, পণ্টিং। প্ৰাক্তন তাৰকা ক্ৰিকেটাৰকেইগৰাকীয়ে ক্ৰমে ২৫৯, ২৬৩, আৰু ২৬৬ ইনিংছত ১০ হাজাৰ ৰানৰ সীমা স্পৰ্শ কৰিছিল।

উল্লেখ্য যে, ৰোহিত শৰ্মাই বৰ্তমানলৈকে এদিনীয়া ক্ৰিকেটত ২৩৬টা ইনিংছ খেলিছে। ১০,০০০ ৰানৰ দ্ৰুততম খেলুৱৈৰ তালিকাত ৰোহিতে কোহলীক অতিক্ৰম কৰা সম্ভৱ নহ’লেও দ্বিতীয় স্থান দখলৰ বাবে হিটমেন ৰোহিতৰ হাতত আছে পৰ্যাপ্ত সুযোগ।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd