• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা; ১৬ জন শ্ৰমিকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 9:05 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

495
VIEWS
Share on FacebookShare on Twitter

এক্সপ্ৰেছৱে নিৰ্মাণৰ সময়তে খহি পৰে ক্ৰেন। ইয়াৰ ফলত কমেও ১৬ জন শ্ৰমিকৰ মৃত্যু হয়। মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। মহাৰাষ্ট্ৰৰ থানে জিলাত সমৃদ্ধি এক্সপ্ৰেছৱেৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰ সময়ত এটা গাৰ্ডাৰ মেচিন বাগৰি পৰে। ইয়াৰ ফলত কমেও ১৬ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বাতৰি অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ক্ৰেনখন দলং নিৰ্মাণত ব্যৱহাৰ কৰা এক বিশেষ মেচিন। ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈছে। উদ্ধাৰ অভিযানৰ বাবে মতা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক।

জানিব পৰা মতে, থানে জিলাৰ ছাহাপুৰ তহচিলৰ এখন দলঙৰ ফলকত ক্ৰেনখন বাগৰি পৰে। ইয়াৰ তলত চেপা খাই পৰে প্ৰায় ২০ জন শ্ৰমিক। ইয়াৰে ১৬ জনৰ মৃত্যু হয়। সংকটজনক অৱস্থাত দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইপিনে, ক্ৰেনখন পৰি যোৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী বা এনডিআৰএফৰ দুটা দলক সেই স্থানলৈ প্ৰেৰণ কৰা হয়। লগে লগে উদ্ধাৰ কাম আৰম্ভ কৰে।

এন ডি আৰ এফে জনোৱা মতে, ভাঙি পৰা গাঁথনিটোৰ ভিতৰত এতিয়াও কমেও পাঁচজন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এনডিআৰএফৰ লগতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়েও উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে নিৰ্মাণকাৰ্যৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হোৱা ঘাইপথটোৰ সম্পূৰ্ণ নাম ‘হিন্দু হৃদয়সম্ৰাট বালাচাহেব থাকৰে মহাৰাষ্ট্ৰ সমৃদ্ধি মহামাৰ্গ’। মুম্বাই আৰু নাগপুৰ সংযোগী এই এক্সপ্ৰেছৱে ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই এক্সপ্ৰেছৱে নাগপুৰ, ৱাছিম, ৱৰ্ধা, আহমেদনগৰ, বুলধনা, ঔৰংগাবাদ, আমৰাৱতী, জালনা, নাচিক আৰু থানেকে ধৰি ১০খন জিলাৰ ওপৰেৰে পাৰ হৈ যায়। এই সমৃদ্ধি মহামাৰ্গ নিৰ্মাণৰ কাম মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমৰ উদ্যোগত।

এই এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া সেই ৰাস্তাৰে নাগপুৰৰ পৰা শিৰডী যাব পাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ডিচেম্বৰ মাহত এই অংশটো উদ্বোধন কৰিছিল। ইয়াৰ পূৰ্বে যোৱা মে’ মাহত মুখ্যমন্ত্ৰী একনাথ ছিণ্ডে কৈছিল যে চলিত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ফালে এক্সপ্ৰেছৱেৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’ব। বৰ্তমান থানেত তৃতীয় পৰ্যায়ৰ কাম চলি আছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd