“মোদী উপাধি”ৰ মন্তব্যৰ বাবে মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰে।
উচ্চতম ন্যায়ালয়ৰ এই শুনানি অনুসৰি এই গোচৰৰ চূড়ান্ত শুনানি নোহোৱালৈকে ৰাহুল গান্ধীৰ সাংসদ পদ অব্যাহত থাকিব।
এই ৰায়দান ঘোষণা কৰি ন্যায়াধীশ বি আৰ গাভাইয়ে কয় যে গোচৰটোৰ চূড়ান্ত শুনানি নোহোৱালৈকে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰা কাৰ্যই তেওঁক নিৰ্বাচিত কৰা ভোটাৰসকলৰ অধিকাৰতো প্ৰভাৱিত কৰিব।
লগতে বিচাৰপীঠে কয় যে সৰ্বোচ্চ শাস্তি প্ৰদানৰ কোনো কাৰণ বিচাৰ ন্যায়াধীশে দিয়া নাই, চূড়ান্ত বিচাৰৰ অপেক্ষাত দোষী সাব্যস্ত হোৱাৰ আদেশ স্থগিত ৰখাৰ প্ৰয়োজন।
উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়’ বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰিছিল এজাহাৰ।
পূৰ্ণেশ মোদীৰ এই এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰত চুৰাটৰ নিম্ন আদালতে ৰাহুল গান্ধীক দোষীক সাব্যস্ত কৰি জামিন প্ৰদান কৰে।
ইয়াৰ পিছত ৰাহুল গান্ধীয়ে চুৰাট আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই পুনৰ গুজৰাট উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। গুজৰাট আদালতেও গান্ধীৰ আবেদন নাকচ কৰে।
গুজৰাট উচ্চ ন্যায়ালয়ত বিমুখ হৈ কৰি উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় ৰাহুল গান্ধী। অৱশেষত আজি উচ্চতম ন্যায়ালয়ে চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত ৰাহুল গান্ধীৰ শাস্তিৰ স্থগিতাদেশ প্ৰদান কৰে