• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নাৰী শিক্ষা নহ’ব! দহ বছৰ উৰ্ধৰ ছাত্ৰী যাব নোৱাৰিব বিদ্যালয়: ফটোৱা জাৰি তালিবানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2023 6:34 pm
Taliban
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ আগষ্টত কট্টৰ ইছলামিক সংগঠন তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশখনৰ মহিলাসকলৰ স্বাধীনতা তথা অধিকাৰ হৰণ কৰি আহিছে। ইছলামিক নীতিৰ আধাৰত মহিলাসকলৰ ওপৰত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা তালিবানে স্ত্ৰী শিক্ষাৰ তীব্ৰ বিৰোধ কৰি আহিছে।

স্ত্ৰী শিক্ষাৰ বিৰুদ্ধাচৰণ কৰি ইতিপূৰ্বে তালিবানে বিশ্ববিদ্যালয়ত মহিলাৰ উচ্চ শিক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াকে লৈ দেশখনৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো তীব্ৰ নিন্দাৰ সন্মুখীন হৈছিল তালিবান। কিন্তু নাচোৰবান্দা তালিবানে এই নিন্দাক উলাই কৰি এইবাৰ আন এক আজৱ নীতি গ্ৰহণ কৰিছে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, নাৰী শিক্ষাৰ অধিকাৰ খৰ্ব কৰি তালিবানে এইবাৰ দেশখনৰ কিছুমান প্ৰদেশত ১০ বছৰৰ উৰ্ধৰ ছাত্ৰীক বিদ্যালয়ত অধ্যয়ন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তালিবানৰ এই মহিলা অধিকাৰ বিৰোধী ফটোৱা ইতিমধ্যে বিদ্যালয়সমূহক লক্ষ্য কৰি জাৰি কৰা হৈছে।

গজনী প্ৰদেশৰ তালিবান শাসিত শিক্ষা মন্ত্ৰালয়ে বিদ্যালয় আৰু হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰধানসকললৈ অধিসূচনা জাৰি কৰি ১০ বছৰৰ ওপৰৰ ছাত্ৰীক বিদ্যালয়ত পঢ়াত বাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে বিদ্যালয়ৰ মুৰব্বীসকলক তৃতীয় শ্ৰেণীৰ উৰ্ধত অধ্যয়ন কৰা ছাত্ৰীক ঘৰলৈ পঠিয়াবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।

কেৱল সিমানেই নহয়, এগৰাকী ছাত্ৰীয়ে জানিবলৈ দিয়া মতে শাৰীৰিকভাৱে ওখ হ’লে আৰু ১০ বছৰৰ ওপৰৰ হ’লে, ছাত্ৰীক বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। তালিবানৰ স্ত্ৰী শিক্ষা বিৰোধী এই নতুন ফটোৱাই স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তালিবানে বিশ্ববিদ্যালয়ত মহিলাক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে বিভিন্ন দেশৰ লগতে ৰাষ্ট্ৰসংঘৰো ব্যাপক নিন্দাৰ সন্মুখীন হৈছিল। তালিবান চৰকাৰৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰীসকলে।

ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবানে মহিলাৰ ওপৰত বহু বাধা আৰোপ কৰিছে। দেশৰ বহু প্ৰদেশত কিশোৰীৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ নিষেধ কৰা হৈছে, মহিলাসকলক বহু চৰকাৰী চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে, পৰিয়াল তথা আত্মীয় পুৰুষ সদস্যৰ অবিহনে যাত্ৰা কৰাত বাধা দিয়া হৈছে।

লগতে মহিলাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত বোৰ্খাৰে সৰ্বশৰীৰ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি দেশখনত মহিলাসকলক উদ্যান বা বাগিচাত প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd