বিজেপিৰ সৈতে একে মঞ্চলৈ আহিব লাগে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি। দলৰ মুৰব্বী শাৰদ পাৱাৰক সেয়ে একাংশ শুভাকাংক্ষীৰ বুজনি। ভতিজাক তথা দলৰ এগৰাকী শীৰ্ষ নেতা অজিত পাৱাৰৰ পথেৰেই পথ বুলিবলৈ বয়োজ্যেষ্ঠ নেতাগৰাকীক বুজনি দিছে শুভাকাংক্ষীসকলে।
খোদ শাৰদ পাৱাৰেই স্বীকাৰ কৰিছে এই কথা। মহাৰাষ্ট্ৰৰ সোলাপুৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পাৱাৰে একাংশ শুভাকাংক্ষীৰ এই ইচ্ছাৰ কথা জানিবলৈ দিয়ে। অৱশ্যে এনচিপিৰ ৰাজনৈতিক নীতিৰ লগত কোনো মিল নথকা বিজেপিৰ কাষ নাচাপে বুলি নিশ্চিত কৰি দিছে পাৱাৰে।
“এনচিপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে মই স্পষ্টকৈ কৈছো যে মোৰ দল এনচিপি বিজেপিৰ সৈতে একে মঞ্চত কেতিয়াও নাযায়। ভাৰতীয় জনতা পাৰ্টিৰ কোনো কথাই এন চি পিৰ ৰাজনৈতিক নীতিৰ লগত খাপ নাখায়।”— পাৱাৰে কয়।
অজিত পাৱাৰ নেতৃত্বাধীন এনচিপি গোটৰ কথা উল্লেখ কৰি পাৱাৰে কয়, “আমাৰ মাজৰ কিছুমানে বেলেগ স্থিতি গ্ৰহণ কৰিছে। আমাৰ একাংশ শুভাকাংক্ষীয়ে আমাৰ স্থিতিত কিবা পৰিৱৰ্তন হ’ব পাৰে নেকি চাবলৈ চেষ্টা কৰিছে।”
সেইবাবেই এই শুভাকাংক্ষীসকলে পাৱাৰ নেতৃত্বাধীন এনচিপিৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰি আছে বুলি পাৱাৰে লগতে কয়। অৱশ্যে বিজেপিৰ সৈতে মিত্ৰতাত বান্ধ খাবলৈ পাৱাৰক বুজলি দিয়া শুভাকাংক্ষীসকলৰ বিষয়ে বিশদ বিৱৰণ দিয়াৰ পৰা আঁতৰি থাকে ৰাজনীতিবিদগৰাকী।
উল্লেখ্য যে, শনিবাৰে পুনেত ভতিজা তথা মহাৰাষ্ট্ৰৰ শিৱসেনা-বিজেপি চৰকাৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ সৈতে মিলিত হৈছিল শাৰদ পাৱাৰ। এই ‘গোপন’ বৈঠকক চলিছিল তীব্ৰ ৰাজনৈতিক চৰ্চা। পিছে শাৰদ পাৱাৰে এই বৈঠকৰ ৰাজনৈতিক উদ্দেশ্যৰ উৰাবাতৰি নস্যাৎ কৰে।
এই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত পাৱাৰে অজিত পাৱাৰৰ সৈতে হোৱা সাক্ষাতক পাৰিবাৰিক সাক্ষাৎ বুলিহে অভিহিত কৰে। “তেওঁ মোৰ ভতিজা। মোৰ ভতিজাক লগ পোৱাৰ কি দোষ? যদি পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিয়ে পৰিয়ালৰ আন এজন সদস্যক লগ কৰিবলৈ ইচ্ছা কৰে, তেন্তে তাৰ কোনো সমস্যা হ’ব নালাগে।”– পাৱাৰে কয়।
এন চি পিৰ মুৰব্বীগৰাকীয়ে লগতে শিৱসেনা (উদ্ধৱ থাকৰে গোট), এন চি পি (শাৰদ পাৱাৰ গোট), আৰু কংগ্ৰেছৰ মিত্ৰজোঁট মহা বিকাশ আঘাদীক মহাৰাষ্ট্ৰৰ জনসাধাৰণে পুনৰ ৰাজ্যৰ শাসনভাৰ গতাই দিব বুলিও আশা প্ৰকাশ কৰে।