• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গণতান্ত্ৰিক আন্দোলন আৰু জনমত গঠনৰ বাহিৰে আন উপায় নাই’

অপূর্ব কুমাৰ বৰুৱা by অপূর্ব কুমাৰ বৰুৱা
August 15, 2023 11:46 am
216
VIEWS
Share on FacebookShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ মুহূৰ্তত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা চাৰিটা প্ৰশ্ন দাঙি ধৰা হৈছে। ইয়াত উত্তৰ দিছে বিশিষ্ট চিন্তাবিদ অপূৰ্ব কুমাৰ বৰুৱাই-

প্ৰশ্ন:  স্বাধীনতাৰ ৭৬ বৰ্ষত আমাৰ দেশ আজি  এক অস্বাভাবিক সংকটৰ গৰাহত।  এতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে?

উত্তৰ:  স্বাধীনতা সংগ্ৰামী সকলৰ আপ্ৰাণ চেষ্টাত পোৱা গণতান্ত্ৰিক অধিকাৰ, ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু আইনৰ শাসনক ৰক্ষা কৰাৰ বাবে বৰ্তমানৰ সাম্প্ৰদায়িক ফেচিষ্ট চৰকাৰক ক্ষমতাচ্যুত কৰি ভাৰতীয় গণৰাজ্যক পুনৰুদ্ধাৰ কৰা।

প্ৰশ্ন: গণতন্ত্ৰৰ লগত অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো আপুনি কেনেকৈ চাব?

উত্তৰ:  অৰ্থনৈতিক সমতাৰ অবিহনে প্ৰকৃত গণতান্ত্ৰিক ৰাজনীতি সম্ভৱ নহয়। অৰ্থনৈতিক বৈষম্যই দৰিদ্ৰ নাগৰিক সকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ সামৰ্থ্য নোহোৱা কৰে। ভাৰতৰ সংবিধানত থকা নাগৰিকৰ মৌলিক অধিকাৰ সমূহ ব্যৱহাৰ কৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি ভাৰত ৰাষ্ট্ৰক অৰ্থনৈতিক সমতা স্থাপনৰ ফালে আগ বঢ়াই  নিয়াৰ দায়িত্ব দেশৰ জনমত গঠন কৰোতা সকলৰ সচেতন অংশৰ ওপৰত ন্যস্ত। এই দিশত যোৱা শতিকাৰ ৭০ ৰ দশকলৈ হোৱা প্ৰগতিত ৯০ দশকৰ উদাৰীকৰণ আৰু বিশ্বায়নৰ ৰাজনীতিয়ে বাধা দিছে। এই হেঙাৰ আতৰাব লাগিব।

প্ৰশ্ন: এই যে বৰ্তমান চৰকাৰে নিৰ্বিচাৰে ৰাজহুৱা সম্পদ আৰু সম্পত্তিবোৰ ব্যক্তিগত পুঁজিপতিক গতাই দিছে তাৰ ভৱিষ্যত পৰিনাম কি হ’ব বুলি ভাবে?

উত্তৰ:  আমাৰ গতি গ্ৰীচৰ গতিয়েই হব। ৰাইজক সেই দেশখনৰ কি দুৰ্গতি হৈছে সেই বিষয়ে অৱগত কৰাব লাগে। জনসাধাৰণৰ কৰৰ পইচাৰে একোটাহঁ‌ত  ৰাজহুৱা সম্পদ প্ৰতিষ্ঠা কৰি দুৰ্নীতি আৰু অদক্ষ প্ৰশাসনৰ সহায়ত সেইবোৰ ৰাজ্যৰ অৰ্থনীতিত বোজা হৈ পৰা যেন দেখুৱাই ব্যক্তিগত খণ্ডলৈ নিয়াৰ প্ৰক্ৰিয়াটো লেমটৌ পুঁ‌জিবাদৰ বৈশিষ্ট্য। কেন্দ্ৰত সমাজবাদী আদৰ্শেৰে পৰিচালিত চৰকাৰ বা এক যুক্তফ্ৰণ্টৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে এই প্ৰক্ৰিয়াৰ অন্ত পেলাব নোৱাৰি।

প্ৰশ্ন:  আজিৰ পৰিস্থিতিত আমি কেনেকৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ সমূহৰ স্বতন্ত্ৰতা ৰক্ষা কৰিম?

উত্তৰ:  গণতান্ত্ৰিক আন্দোলন আৰু জনমত গঠনৰ বাহিৰে আন উপায় নাই। কিন্তু চৰকাৰৰ ফেচিষ্ট নীতিয়ে মত প্ৰকাশ আৰু প্ৰতিবাদী সংগ্ৰাম প্ৰায় অসম্ভৱ কৰি তুলিছে। তদুপৰি জীৱিকাৰ তাড়ণাত মানুহক প্ৰতি দিনে ১১, ১২ ঘণ্টা কাম কৰিবলৈ  বাধ্য কৰাৰ ফলত ৰাজহুৱা কাম কাজ অসম্ভৱ হৈ উঠিছে। আনহাতে, চৰকাৰৰ অৰ্থনৈতিক নীতিৰ ফলত সৃষ্টি হোৱা জীৱিকাৰ অনিশ্চয়তাই যুৱক-যুৱতী সকলক অনিশ্বয়তাগ্ৰস্ত (প্ৰিকেৰিয়েট)ত পৰিণত কৰিছে। যাৰ বাবে তেওঁ‌লোকে সামাজিক কাম কাজত সময় দিব নোৱাৰা হৈছে। এই অৱস্থাত অৱসৰৰ সময় হাতত থকা প্ৰৌঢ় পুৰুষ মহিলাক সংগঠিত কৰি গণসংগ্ৰাম গঢ়িব লাগে বুলি আমি কিছুৱে কৈ আহিছোঁ‌। পৰিবৰ্তিত পৰিস্থিতিত পুৰণা সাংগঠনিক কৌশল সলাব লাগিব। ২০২৪ ৰ নিৰ্বাচনে ভাৰতৰ জনহিতৈষী সকললৈ এক সুযোগ আনিছে। ইয়াৰ সৎ ব্যৱহাৰ কৰাৰ ওপৰতে ভাৰতৰ জনগণৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে।

Recent News

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd