নিৰ্বাচনৰ পূৰ্বে পাকিস্তানত গঠন কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰে নিৰ্বাচন নোহোৱালৈকে দেশ চলাব। আনোৱাৰুল হক কাকাৰে যোৱা সপ্তাহত ৰাষ্ট্ৰপতি আৰিফ আলভিৰ বাসগৃহত এই তত্বাৱধায়ক চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিছিল। ১৮ জনীয়া মন্ত্ৰীসভাও গঠন কৰা হৈছে।
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকৰ পত্নী মুছাল হুছেইন মালিকক এই চৰকাৰত স্থান দিয়া হৈছে। বাতৰি অনুসৰি, তেওঁক প্ৰধানমন্ত্ৰী আনোৱাৰুল হক কাকাৰৰ মানৱ অধিকাৰ আৰু মহিলা সৱলীকৰণৰ বিশেষ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।
লগতে পঢ়ক: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান
অৱশ্যে ইয়াত কোনো আচৰিত হ’বলগীয়া কথা নাই। ২০০৯ চনত ইছলামবাদত য়াচিন মালিক আৰু মুছাল মালিকৰ বিবাহ হয়। এই বিয়াত পাকিস্তানৰ কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিছিল।
জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ কমাণ্ডাৰ ইয়াছিন মালিকে বৰ্তমান দিল্লীৰ তিহাৰ জেলত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে। সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে তেওঁক।
পাকিস্তানৰ নিৰ্বাচন আয়োগে নতুন লোকপিয়লৰ ভিত্তিত সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে। গতিকে পাকিস্তানৰ নির্বাচন অলপ পলম হ’ব৷ আয়োগৰ তথ্য অনুসৰি অহা ১৪ ডিচেম্বৰত নিৰ্বাচনী সমষ্টি পুনৰ সংগঠিত কৰাৰ কাম সম্পূৰ্ণ হ’ব। ইয়াৰ কমেও ৯০ দিন পূৰ্বে নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ কথা আছিল।
লগতে পঢ়ক: বিজেপিত অন্তৰ্ঘাত: আজি পদত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে! ক্ষুব্ধ মনোজৰাম ফুকনো
পৰিৱৰ্তিত পৰিস্থিতিত আৰ্থিক সংকটত ভুগি থকা পাকিস্তানত শাসন ব্যৱস্থা আৰু ক্ষমতাৰ মসৃণ পৰিৱৰ্তন নিশ্চিত কৰিবলৈ এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। এই চৰকাৰত ১৬ জন পূৰ্ণ মন্ত্ৰী আৰু ৩ জন উপদেষ্টা ৰখা হৈছে।