ইউক্ৰেইনৰ উত্তৰ অঞ্চলৰ চেৰ্নিহিভ চহৰৰ এটা থিয়েটাৰত শনিবাৰে পুৱা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ছয় বছৰীয়া শিশুসহ ৭ জন লোক নিহত হোৱাৰ খবৰ আহিছে। আৰক্ষীৰ তথ্য অনুসৰি আহত ১৪৪ জনৰ ভিতৰত ১৫ জন শিশু। ইয়াৰে কমেও ২৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে।
নিহতসকলৰ বহুতেই গীৰ্জাত অৰ্থডক্স খ্ৰীষ্টানসকলৰ বন্ধৰ দিন পালন কৰিছিল। এই আক্ৰমণত এটা মূল চৌহদ আৰু বিশ্ববিদ্যালয়ৰ ভৱন এটাও ক্ষতিগ্ৰস্ত হয়।
ৰাষ্ট্ৰসংঘই এই আক্ৰমণক “ঘৃণনীয়” বুলি অভিহিত কৰিছে। আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ সৈন্যই এই “সন্ত্রাসবাদী আক্ৰমণ”ৰ কঠোৰ প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিছে।
ইউক্ৰেইনৰ বেলাৰুছ সীমান্তৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণে চেৰ্নিহিভ অৱস্থিত। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাহিনীয়ে ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণ আৰম্ভ কৰিছিল, তেতিয়া প্ৰথম কেইমাহমানৰ ভিতৰতে ৰাছিয়াৰ সৈন্যই চহৰখন ঘেৰাও কৰিছিল।

এই ক্ষেপণাস্ত্ৰই পোনে পোনে চহৰখনৰ থিয়েটাৰটোত খুন্দা মাৰে। ওচৰৰ অট্টালিকাৰ চাদৰ পৰা টাইলছ ছিটিকি পৰে। ১০০ মিটাৰ দূৰৈৰ এটা অট্টালিকাতো জুই লাগে।
বাতৰি অনুসৰি, থিয়েটাৰটোত ড্ৰ’ন নিৰ্মাতাসকলৰ এক সমাৱেশ অনুষ্ঠিত হৈছিল। থিয়েটাৰ বিল্ডিঙত চলি থকা সামৰিক অনুষ্ঠানটোৱেই তেওঁলোকৰ লক্ষ্য আছিল বুলি ধাৰণা কৰা হৈছে।
জানিব পৰা মতে, চেৰ্নিহিভৰ চহৰখনৰ এই প্ৰাণকেন্দ্ৰটো সাপ্তাহিক ছুটিৰ দিনত সাধাৰণ লোকৰ সময় কটোৱা এক জনপ্ৰিয় আড্ডাস্থলী।
থিয়েটাৰৰ সিপাৰৰ ক্ৰিমিয়ান টাটাৰ ৰেষ্টুৰেণ্টৰ মেনেজাৰ আনা জাহৰেবাই কয় যে তেওঁৰ কৰ্মচাৰীসকলে ব্যস্ত দিন এটা আৰম্ভ কৰিবলৈ সাজু হৈ থকাৰ সময়তে মিছাইলে আঘাত কৰে।

তেওঁ কয়, ‘’কি হৈছে চাবলৈ বাহিৰলৈ দৌৰি আহিলোঁ। তাত দুজনী ১২ বছৰীয়া ছোৱালী আছিল আৰু তেওঁলোকৰ বহুত তেজ ওলাইছিল। এগৰাকীয়ে ভৰিত গুৰুতৰ আঘাত পাইছিল। আনজনী ছোৱালীয়ে চিঞৰি আছিল।”
“আমি টৰ্নিকেটেৰে তেজ ওলোৱা বন্ধ কৰিবলৈ চেষ্টা কৰি আছিলো আৰু এম্বুলেন্সৰ বাবে অপেক্ষা কৰি আছিলো। ইয়ালৈ আহিবলৈ বহু সময় লাগিছিল, কিন্তু কিছুমান মানুহে গাড়ী ৰখাই দিলে। পিছত আমি এগৰাকী ছোৱালীক চিকিৎসালয়লৈ লৈ গ’লোঁ।”
আনাই কয় যে ‘’শ্ৰমিকসকলে মেডিকেল কিট আৰু কম্বল লৈ আহতসকলক সহায় কৰিবলৈ লৰালৰিকৈ গৈছিল। শিশুৰ সৈতে আৰু বেবী ষ্ট্ৰলাৰ লৈ সদায় বহুত মানুহ ঘূৰি ফুৰে। অঞ্চলটোত বহুতো ৰেষ্টুৰেণ্ট আৰু কেফে আছে। আমি কেতিয়াও এনেকুৱা দিন আশা কৰা নাছিলো।” চেৰ্নিহিভ চহৰত তিনিদিনীয়া শোক ঘোষণা কৰা হৈছে।
ইপিনে, এই আক্ৰমণ সন্দৰ্ভত মস্কোৱে এতিয়াও কোনো মন্তব্য কৰা নাই। ৰাছিয়াই দাবী কৰে যে উত্তৰ-পশ্চিম নভগ’ৰড অঞ্চলৰ সামৰিক বিমানঘাটিত ইউক্ৰেইনৰ ড্ৰ’নে আঘাত কৰাৰ পিছত লগা জুই নিৰ্বাপিত কৰা হৈছে। এখন বিমান ক্ষতিগ্ৰস্ত হয় যদিও কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

ইউক্ৰেইনেও একেদৰে এই ড্ৰ’ন আক্ৰমণৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।
আনহাতে, কিয়েভৰ বায়ুসেনাই জনোৱা মতে ইউক্ৰেইনৰ সেনাই মস্কোই নিশাৰ ভাগত আক্ৰমণ চলোৱা ইৰাণত নিৰ্মিত ১৭খন শ্বাহেদ ড্ৰ’নৰ ভিতৰত ১৫খন ড্ৰ’ন গুলীয়াই ভূপতিত কৰা হৈছে।





