এক বিপদসংকুল আৰু শিহৰণকাৰী অভিযানৰ সফলতাৰে সামৰণি পৰিল। উদ্ধাৰকাৰী সামৰিক বাহিনীৰ দল আৰু জিপলাইন বিশেষজ্ঞৰ প্ৰায় ১৫ ঘণ্টীয়া দু:সাহসী অভিযানে ৰক্ষা কৰিলে পাকিস্তানৰ সাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি আঠজন লোকক।
পাকিস্তানৰ এক দুৰ্গম উপত্যকাত যাতায়তৰ বাবে থকা ৰ’প ৱে’ বিপজ্জনকভাৱে ওলমি থকাৰ দৃশ্য কালি পুৱাৰ ভাগতে ভাইৰেল হৈ পৰিছিল। এই ৰ’প ৱে’ত আৱদ্ধ হৈ হৈ আছিল সাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি আঠজন লোক।
প্ৰকাশিত খবৰ অনুসৰি, পুৱা প্ৰায় ৭ বজাত শিক্ষাৰ্থী তথা যুৱকগৰাকীয়ে ৰ’প ৱে’ৰে যাত্ৰা কৰাৰ সময়তে হঠাতে এডাল কেবুল ছিগি যায় আৰু ইয়াৰ ফলত মাটিৰ পৰা প্ৰায় ২৭৫ মিটাৰ উচ্চতাত ওলমি ৰয়।
এই খবৰ লাভ কৰাৰ পিছতে সামৰিক বাহিনীয়ে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ১৫ ঘণ্টীয়া অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে অৱেশষত মাজনিশা সফলতাৰে উদ্ধাৰ কৰে আটাইকেইগৰাকী লোকক।
উদ্ধাৰকাৰী দলটোৰ নেতৃত্বই জানিবলৈ দিয়া মতে, যাত্ৰীকেইগৰাকীক উদ্ধাৰৰ পিছত পাহাৰৰ শিখৰত অস্থায়ী শিবিৰ স্থাপন কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
পাকিস্তানৰ তদাৰকী প্ৰধানমন্ত্ৰী আনৱাৰ-উল হক ককৰে এক টুইট যোগে উদ্ধাৰ অভিযানৰ সফলতাৰ বিষয়ে সদৰী কৰি অভিযানক সামৰিক বাহিনী, উদ্ধাৰ বিভাগ, জিলা প্ৰশাসনৰ লগতে স্থানীয় জনসাধাৰণৰ প্ৰশংসনীয় দলীয় কাম আখ্যা দিয়ে।