বেংগালুৰুৰ এগৰাকী যুৱকে ৮ বছৰ ধৰি নিজৰ পেটত লৈ ফুৰিছিল এটা নেইল কাটাৰ। ৰমেশ কুমাৰ নামৰ ৩৮ বছৰীয়া যুৱকজনৰ পেটত ধৰা পৰিছে এটা নখকটা যন্ত্ৰ।
সিদিনা হঠাতে পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসকৰ কাষ চাপে ৰমেশ। বেংগালুৰুৰ মণিপাল হাস্পতালৰ চিকিৎসকে এক্স-ৰে কৰিবলৈ পৰামৰ্শ দিয়ে ৰমেশক। এক্স-ৰে ৰিপৰ্ট ওলোৱাৰ পিছত চকু কপালত উঠিল চিকিৎসকৰ।
পেটত অদ্ভুত বস্তুৰ উপস্থিতি লক্ষ্য কৰি চিকিৎসকে ৰমেশক সোধা-পোছা কৰে। তেতিয়া পোহৰলৈ আহিল যে ৮ বছৰ আগতে তেওঁ এটা নখ কটা যন্ত্ৰ খাইছিল।
তেওঁ সাংবাদিকৰ আগত কয়, ‘যেতিয়া মোৰ বয়স ৩০ বছৰ আছিল, তেতিয়া মোৰ পিতৃ-মাতৃয়ে মোক অত্যধিক মদ্যপানৰ বাবে পুনৰ্বাসন কেন্দ্ৰ (ৰিহাব)ত ৰাখিছিল। তাত হোৱা অত্যাচাৰ মই সহ্য কৰিব নোৱাৰিলোঁ। খঙত নেইল ক্লিপাৰটো গিলি ৰিহাব চেণ্টাৰৰ কৰ্মচাৰীসকলক খবৰ দিলোঁ। তেওঁলোকে মোক কিছু কল খাবলৈ নিৰ্দেশ দিলে আৰু তেওঁলোকে মোক ক’লে যে শৌচ কৰি থাকোঁতে নখ কাটাৰ শৰীৰৰ পৰা ওলাই আহিব। সেইবাবেই ইমান দিনে ভাবিছিলো যে নেইল কাটাৰটো মোৰ পেটৰ পৰা ওলাই গ’ল। ডাক্তৰ আহি কিবা এটা গিলিবৰ কথা সোধাত মোৰ সেই কথা মনত পৰিল।”
অৱশ্যে পেটত থকা নখ কটা যন্ত্ৰটোৱে ৰমেশৰ জীৱনত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই বুলি খবৰ ওলাইছে। ৰিহাবৰ পৰা উভতি অহাৰ পিছত তেওঁৰ বিবাহপাশত আৱদ্ধ হয়।
মণিপাল হাস্পতালৰ বেৰিয়াট্ৰিক আৰু জি আই অংক’লজীৰ চাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজীৰ পৰামৰ্শদাতা ডাঃ লোহিত ইউয়ে কয় যে, “এইটো মই সন্মুখীন হোৱা আটাইতকৈ বিৰল কেছ। ই নিয়মীয়া আকাৰৰ নখ ক্লিপাৰ, যিটো প্ৰাপ্তবয়স্কসকলে ব্যৱহাৰ কৰে।”
লগতে পঢ়কঃ ২৮ বছৰ বয়সত ৯ টা সন্তানৰ মাতৃ, ১২ বছৰ ধৰি প্ৰতিবছৰে গৰ্ভৱতী হৈ আহিছে এইগৰাকী মহিলা
লগতে পঢ়কঃ বৰ্ধিত ওজনে চিন্তিত কৰিছে নেকি? এই পাঁচবিধ শাক-পাচলিতে ফিট হোৱাৰ মন্ত্ৰ
লগতে পঢ়কঃ কেনেকৈ চিনিব প্ৰকৃত বন্ধু? এনে গুণ থকা বন্ধু খুব কম; চাণক্যই নীতিত কোৱা হৈছে এই গুণৰ কথা