• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সম্পত্তিৰ নাই কোনো হিচাপ, দুৰ্নীতিৰ গোচৰত স্বামীসহ ভিজিলেন্সৰ জালত বিজেপিৰ নেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 2:59 pm
3.5k
VIEWS
Share on FacebookShare on Twitter

হিচাপহীন সম্পত্তিৰ গোচৰত সোমবাৰে পাঞ্জাৱ ভিজিলেন্স ব্যুৰোৰ জালত পৰিছে বিজেপিৰ নেত্ৰী সতকৰ কৌৰ আৰু তেখেতৰ স্বামী জছমাইল সিঙ ওৰফে লাডী গেহৰী।

অৱশ্যে এই সমগ্ৰ বিষয়টো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে বিজেপি নেত্ৰীগৰাকীয়ে। সতকৰ কৌৰে কয় যে তেওঁলোকে কোনো অবৈধ কাম কৰা নাই আৰু সেয়ে তেওঁলোকে ভয় খোৱা নাই।

উল্লেখ্য যে দুৰ্নীতিৰ গোচৰত আৰক্ষীৰ জালত পৰা এইগৰাকী বিজেপিৰ নেত্ৰী এগৰাকী প্ৰাক্তন কংগ্ৰেছী। কেপ্তেইন অমৰিন্দৰ সিঙৰ চৰকাৰৰ দিনত ২০১৭ চনত ফিৰোজপুৰ গ্ৰাম্যৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল সতকৰ কৌৰ।

বিধায়ক হৈ থকাৰ সময়ত সতকৰ আৰু তেওঁৰ স্বামীয়ে বক্ৰপথেৰে সম্পত্তি আহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পঞ্জাৱ ভিজিলেন্স ব্যুৰোৱে বিগত কেইমাহমানৰ পৰা এই অভিযোগৰ তদন্ত কৰি আছিল।

ইতিমধ্যে ভিজিলেন্স ব্যুৰোৰ দলটোৱে প্ৰাক্তন বিধায়ক সতকৰ কৌৰ আৰু তেওঁৰ স্বামী লাডী গেহৰীক জেৰা কৰি তেওঁলোকৰ ঘৰত তালাচী চলাইছে। 

প্ৰাক্তন বিধায়ক সতকৰ কৌৰৰ স্বামী লাডী গেহৰীও পঞ্জাৱৰ ৰাজনীতিত যথেষ্ট প্ৰভাৱশালী ব্যক্তি। তেওঁ কেপ্তেইন অমৰিন্দৰ সিং নেতৃত্বাধীন চৰকাৰত জিলা পৰিষদৰ সদস্য আছিল। কংগ্ৰেছ চৰকাৰৰ বিৰোধীয়ে তেওঁৰ কাৰ্যকালত তেওঁৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। 

বৰ্তমান ভিজিলেন্স ব্যুৰোৱে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে। অৱশ্যে এতিয়াও প্ৰকাশ পোৱা নাই তদন্তৰ প্ৰতিবেদন।

উল্লেখ্য যে পাঞ্জাৱৰ বিগত বিধানসভা নিৰ্বাচনত লাডী গেহৰী আৰু তেওঁৰ পত্নী সতকৰ কৌৰ গেহৰীক কংগ্ৰেছে টিকট প্ৰদান নকৰাত বাবে তেওঁলোকে পোনপটীয়াকৈ খং প্ৰকাশ কৰিছিল। ইয়াৰ পিছত কংগ্ৰেছে সতকৰ কৌৰক দলৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ পিছতে সতকৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd