ভাৰত মন্দিৰৰ দেশ। ভাৰতত সমান মন্দিৰ বিশ্বৰ আন কোনো দেশতেই নাই। হিন্দুসকলৰ অসংখ্য দেৱ-দেৱী আছে। ভাৰতৰ প্ৰতিটো মন্দিৰৰ নিজস্ব ইতিহাস আছে। সেয়েহে বহু ধৰ্মীয় অনুষ্ঠান বা মঠ-মন্দিৰ দেশৰ এক পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিছে।
আপুনি জানেনে যে আমাৰ দেশত ৫ টা এনেকুৱা মন্দিৰ আছে, যিকেইটা বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী মন্দিৰ হিচাপে পৰিচিত। ভাৰতৰ শীৰ্ষ ৫ চহকী মন্দিৰ কোনকেইটা? এই মন্দিৰসমূহৰ বাৰ্ষিক আয় কিমান? সবিশেষ জানো আহক

তিৰুমালা তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ : জনশ্ৰুতি অনুসৰি এসময়ত ভগৱান বালাজীয়ে এই মন্দিৰত বাস কৰিছিল। অৱশ্যে ধৰ্মীয় বিশ্বাস অনুসৰি এই মন্দিৰৰ পূজ্য দেৱতা হৈছে ভগৱান বিষ্ণু। বিশ্বাস কৰা হয় যে এই মন্দিৰত ভগৱান শ্ৰীভেংকটেশ্বৰ আৰু তেওঁৰ পত্নী পদ্মৱতীয়ে বাস কৰে। এই মন্দিৰলৈ প্ৰতি বছৰে ভক্তসকলে ৬৫০ কোটি টকাৰ অনুদান আগবঢ়ায়। এই মন্দিৰত ৯ টন সোণ আৰু ১৪ হাজাৰ কোটি এফ ডি আছে।
শিৰদী সাই বাবা মন্দিৰ : দেশৰ তৃতীয় চহকী মন্দিৰটো হৈছে আজীৱন দৰিদ্ৰ জীৱন কটোৱা সন্ত শ্ৰী সাই বাবাৰ প্ৰতি উৎসৰ্গিত। জীৱন কালত সাইবাবাই ফকীৰ হিচাপে জীৱন নিৰ্বাহ কৰিছিল আৰু ভিক্ষা কৰি দৈনন্দিন জীৱন নিৰ্বাহ কৰিছিল। বৰ্তমান এই মন্দিৰৰ বাৰ্ষিক আয় ৯০০ কোটি। শেহতীয়াকৈ মন্দিৰ কৰ্তৃপক্ষই এই মন্দিৰ চৌহদত ৰখা চান্দা বাকচৰ পৰা নগদ ২০০ কোটি টকা উলিয়াইছিল। এই মন্দিৰৰ বেংক একাউণ্টত জমা আছে প্ৰায় ২৫০০ কোটি টকা ।
বৈষ্ণু দেৱী মন্দিৰ : ৫২০০ ফুট উচ্চতাত অৱস্থিত জম্মুৰ সুন্দৰ বৈষ্ণো দেৱী মন্দিৰলৈ প্ৰতি বছৰে এক কোটিতকৈ অধিক তীৰ্থযাত্ৰীৰ আগমন ঘটে। তিৰুপতি মন্দিৰৰ পিছতে দ্বিতীয় সৰ্বাধিক দৰ্শনাৰ্থী অহা মন্দিৰ হৈছে বৈষ্ণুদেৱী মন্দিৰ। প্ৰতি বছৰে মন্দিৰটোৱে অনুদান হিচাপে ৫০০ কোটি টকা লাভ কৰে আৰু মন্দিৰটোৰ ভিতৰত ১.২ টন সোণ আছে।








