দিনযোৰা অভিযান তথা জেৰাৰ অন্তত মঙলবাৰে নিশা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় নিউজ পৰ্টেল নিউজক্লিকৰ প্ৰতিষ্ঠাপক সাংবাদিক প্ৰবীৰ পুৰকায়স্থক।সন্ত্ৰাসবাদ বিৰোধী আইন ‘বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন’ৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
পৰ্টেলটোৰ HR বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চীনৰ প্ৰপাগাণ্ডা প্ৰচাৰৰ বাবে ধন লাভ কৰা বুলি নিউজক্লিকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জ্যেষ্ঠ সাংবাদিক গৰাকীক।
লক্ষণীয়ভাৱে মঙলবাৰে দিনৰ ভাগত নিউজক্লিকৰ সৈতে জড়িত কেইবাগৰাকীও সাংবাদিকৰ দিল্লী-মুম্বাইস্থিত বাসগৃহত তালাচী অভিযান চলাইছিল দিল্লী আৰক্ষীয়ে। অভিযানৰ আওতালৈ আহিছিল কেইবাগৰাকীও সামাজিক কৰ্মীও।
দিল্লী আৰক্ষীৰ এই অভিযানৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই কাৰ্যক সংবাদ স্বাধীনতাৰ ওপৰত আক্ৰমণ তথা বাক স্বাধীনতা দমন আখ্যা দিয়া হৈছিল। এডিটৰছ গিল্ড অৱ ইণ্ডিয়াই এই অভিযানসমূহ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ আন এক প্ৰয়াস বুলি অভিহিত কৰিছিল।
এক বিবৃতি যোগে এডিটৰছ গিল্ড অৱ ইণ্ডিয়াই সংবাদ মাধ্যমক ভয় দেখুওৱাৰ আহিলা হিচাপে কঠোৰ অপৰাধমূলক আইন প্ৰণয়ন নকৰিবলৈ চৰকাৰক আহ্বান জনায় আৰু মত প্ৰকাশৰ স্বাধীনতা আৰু বিৰোধী তথা সমালোচনাত্মক কণ্ঠৰ উত্থানত আঘাত হানিব বুলি সকীয়াই দিয়ে।
উল্লেখ্য যে, নিউজক্লিকে চীনৰ সৈতে জড়িত কিছু অনুষ্ঠানৰ পৰা প্ৰায় ৩৮ কোটি টকা লাভ কৰা বুলি অভিযোগ উঠিছে আৰু এই ধন ৱেবছাইটটোত চীনৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি দিল্লী আৰক্ষীয়ে দাবী কৰিছে।
এই ধন সমাজকৰ্মী তীস্তা চেতালবাদ আৰু গৌতম নৱলাখায়ো লাভ কৰিছিল বুলি অভিযোগ তোলা হৈছে। দিল্লী আৰক্ষীয়ে মঙলবাৰে দিল্লী-মুম্বাইৰ বহুকেইটা স্থানত অভিযান চলোৱাৰ লগতে গোচৰৰ সৈতে সম্পৰ্কৃত বহুকেইগৰাকী ব্যক্তিক সোধা-পোচা কৰে।